সময় – হৰেন কপ্তাক

Pc StockCake

সময়

 হৰেন কপ্তাক

ৰাতিৰ আশাত ৰৈ থকা তৰাটিয়ে
জোনাকী বাটেৰে
ৰূপোৱালী সাজেৰে
থিয় হ’ল নিজম নিশাৰ
শীতল ছায়াত
দিনৰ আশাত ৰৈ থকা বেলিটিয়ে
নাঁৱৰীয়া বাটেৰে
পিচল ঘাটেৰে
শুই গ’ল হেঙুলি আবেলিৰ
চিকিমিকি সন্ধিয়া বেলাত
ৰাতি গৈ পুৱা হ’ল
দিন গৈ ৰাতি হ’ল
আন্ধাৰ পোহৰ
পোহৰ আন্ধাৰ
আহিল গ’ল
গ’ল আহিল
সময়ৰ বুকুচাত উঠি
আশাবোৰ চকৰি হৈ ঘূৰিয়েই থাকিল