দুৱাৰত টুকুৰিয়াই কোন – আয়শা ছিদ্দিকা

Pc Unsplash

দুৱাৰত টুকুৰিয়াই কোন 

 আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

টক টক কৈ দুৱাৰত টুকুৰিয়াই কোন ….?
সুখ হ’লে আঁতৰি যোৱাগৈ
তোমাক আপ্যায়ন কৰাৰ সামৰ্থ্য যে আৰু
নাই এই তৃষ্ণাতুৰ হৃদয়ৰ ।

দুখ হলে ৰৈ যোৱা অলপ
সাৱটি লবলৈ ভঙা হৃদয়খন
কিঞ্চিৎ যোৰা লগাই প্ৰস্তুত কৰি লওঁ
তুমিয়েই যে এক মাত্ৰ লগ নেৰা সংগী
এই  মৃত সংসাৰৰ…।

নিজক নতুনকৈ নতুন ৰূপত
আকৌ গঢ়া নাই বুজিছা
তোমাৰ ভাঙিবলৈ বেজাৰ লাগিব পাৰে বুলি
ভংগাখিনি আকৌ আউল বাউল কৰি
চূৰ্ণ-বিচুৰ্ণ কৰিবা
কিন্তু লগ এৰাৰ পণ এৰি।

কোমল হৃদয় টুকুৰাও সময়ৰ কোবত
শিললৈ ৰূপান্তৰিত হ’বলৈ লৈছে
আৱেগহীন, অনুভূতিহীন জড় পদাৰ্থৰ দৰেই
চাগে হৃদয়েও প্ৰস্তুতি লৈছে
অভূতপূৰ্ব পৰিস্থিতিৰ উমান পাই।

আচলতে সুখৰ সমভাগী হ’বলৈ আপোনজন
কুলাই পাচিয়ে নধৰা অৱস্থা হয়
কিন্তু মোৰ যে  আপোন বুলিবলৈ কোনো নাই
এই ৰহস্যময় ৰঙীন জয়াল সংসাৰত
সেয়ে সুখ হ’লে আঁতৰি যোৱাগৈ
তোমাক আপ্যায়ন কৰাৰ সামৰ্থ্য মোৰ যে নাই।