ৰঙিয়াত ভুৱা ছীল-মোহৰসহ দালালক আটক

ৰঙিয়াত ভুৱা ছীল-মোহৰসহ দালালক আটক

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ ৰঙিয়াত মাটিৰ নথি প্ৰস্তুত কৰাৰ নামত সংঘটিত হোৱা এক ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে। ১৬৮টা ভুৱা ছীল-মোহৰ, বহু জাল নথি-পত্র, আৰু নগদ ১লাখ ১১হাজাৰ টকাসহ প্রশাসনৰ জালত পৰিছে অভিযুক্ত মাটিৰ দালাল আইদুল ইছলাম। জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া সমজিলা আয়ুক্ত নৱজিত পাঠকে অতর্কিতে অভিযান চলাই অভিযুক্ত আইদুল ইছলামক আটক কৰে। অভিযোগ অনুসৰি আইদুলে জিলা ন্যায়াধীশৰ লগতে ৰাজ্যৰ কেই বাগৰাকীও এচিএছ বিষয়াৰ নামত ভুৱা ছীল-মোহৰ ব্যৱহাৰ কৰি জাল চহীযুক্ত নথি-পত্ৰ প্ৰস্তুত কৰি দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনাৰ জাল চলাই আহিছিল। আনকি ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দানৰ প্ৰতিলিপিও জালিয়াতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে। ইয়াৰ উপৰি কামৰূপ মহানগৰ জিলাৰ লগতে ৰাজ্যৰ কেইবাটাও উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ নামতো ভুৱা ছীল-মোহৰ আৰু চহী ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। অভিযানকালত আৰক্ষী-প্ৰশাসনে অভিযুক্তৰ পৰা বিভিন্ন বিভাগৰ ১৬৮টা ভুৱা ছীল-মোহৰ, বহু আপত্তিজনক নথি-পত্ৰ আৰু নগদ ১ লাখ ১১ হাজাৰ টকা জব্দ কৰে। ইতিমধ্যে আটকাধীন অভিযুক্তক লগত লৈ ৰঙিয়াৰ বিভিন্ন স্থানত আৰক্ষী আৰু প্ৰশাসনে তীব্র তালাচী অভিযান অব্যাহত ৰাখিছে। অভিযুক্তৰ বাসগৃহতো চলোৱা হৈছে অভিযান। এই বৃহৎ জালিয়াতিৰ আঁৰত আৰু কোনো লোক জড়িত আছে নেকি, ৰাজ্যজুৰি কোনো বৃহৎ দালাল চক্ৰই এই প্ৰৱঞ্চনাৰ জাল বিস্তাৰ কৰি আহিছে নেকি, সেই দিশটো তদন্ত চলাই আছে।