ৰঙিয়া মহাবিদ্যালয়ত কলেজ শিক্ষকৰ প্ৰতিবাদী ধৰ্মঘট
ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান আৰু প্ৰাপ্য অধিকাৰ নিশ্চিত কৰাৰ দাবীত ৰঙিয়া মহাবিদ্যালয়তো প্রতিবাদী ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে সদৌ অসম মহাবিদ্যালয় শিক্ষক সন্থাই। সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্রতিবাদী কার্যসূচীত শিক্ষকসকলে শ্ৰেণীবৰ্জন কৰি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। ৰঙিয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদ মহাবিদ্যালয়খনৰ সন্মুখত সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰী শিক্ষকসকলে ২০১৩ চনৰ ‘অফিচ মেম’ৰোম’ৰ প’ৰ্টেল পুনৰ মুকলি, ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন, প্রাপ্য তাৰিখৰ পৰা পদোন্নতি প্রদান, শিক্ষকৰ পদ উন্নীতকৰণ, বকেয়া ধন মুকলি আৰু অৱসৰৰ বয়স বৃদ্ধিকে ধৰি মুঠ ১৩টা দাবী উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে ২০১৩ চনৰ অ’এমৰ প’ৰ্টেল বন্ধ কৰি দিয়াৰ ফলত বহু শিক্ষক-কর্মচাৰীৰ পদোন্নতি প্রক্রিয়া বাধাগ্রস্ত হৈ পৰিছে। একেদৰে সময়মতে পদোন্নতি প্ৰদান নকৰা আৰু পদোন্নতিৰ পিছতো প্রাপ্য বকেয়া ধন মুকলি নকৰাক লৈ শিক্ষকসকলৰ মাজত দীর্ঘদিন ধৰি ক্ষোভৰ সৃষ্টি হৈ আহিছে। বিশেষকৈ অৱসৰৰ পিছত শিক্ষক-কর্মচাৰীসকলৰ আর্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত এনপিএছ বাতিল কৰি অ’পিএছ পুনৰ বাহাল কৰাৰ দাবী জনায় প্রতিবাদকাৰীসকলে।
