অসম আৰক্ষীৰ ২৩ বিষয়া-জোৱানলৈ গৃহমন্ত্ৰীৰ পদক

অসম আৰক্ষীৰ ২৩ বিষয়া-জোৱানলৈ গৃহমন্ত্ৰীৰ পদক

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০২৬ বৰ্ষৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী দক্ষতা পদক ঘোষণা কৰে । দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)/কেন্দ্ৰীয় আৰক্ষী সংগঠন (চিপিঅ’)ৰ ৪৯০ গৰাকী বিষয়া তথা জোৱানে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । বিভিন্ন অভিযানত উৎকৃষ্টতা, তদন্তত অসাধাৰণ সেৱা, ব্যতিক্ৰমী প্ৰদৰ্শন, অদম্য আৰু সাহসী চোৰাংচোৱা সেৱা, ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে । প্ৰতি বছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন উপলক্ষে এই পদক ঘোষণা কৰা হয় । আনহাতে বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতা আৰু শ্রেষ্ঠতম সেৱাৰ বাবে অসম আৰক্ষীৰ ২৩গৰাকী শীৰ্ষ আৰক্ষী বিষয়া-কনিষ্টবললৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক। ৰাষ্ট্ৰীয় একতা দিৱস-২০২৬ৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা এই পদকসমূহত দুটা শাখাত ২৩গৰাকী শীর্ষ আৰক্ষী আৰু কনিষ্টবলক বাছনি কৰা হৈছে। বিশেষ অপাৰেচন ক্ষেত্ৰত আগবঢ়োৱা পাৰদৰ্শিতাৰ বাবে ১৯গৰাকী শীৰ্ষ আৰক্ষী-কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক আগবঢ়োৱা হৈছে। পদক প্রাপ্ত বিষয়া- নিষ্টবলকেইগৰাকী হৈছে ক্ৰমে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থসাৰথি মহন্ত, এছএছপি প্ৰণৱ কুমাৰ পেগু, এএছপি কল্যাণ কুমাৰ পাঠক, এডিচিপি অনুৰাগ শৰ্মা, এএছপি ৰ’জী তালুকদাৰ, পৰিদৰ্শক কমলেশ সিং, ভাস্কৰমল্ল পাটোৱাৰী, চন্দনজ্যোতি বৰা, বিক্ৰম বসুমতাৰী, ড° শংকৰজ্যোতি নাথ, কপিল পাঠক, উপ-পৰিদৰ্শক ৰোহিত দাস, অংশুমী কলিতা, ডেইজী নাথ, জিতুমণি ৰাভা, প্ৰণৱজ্যোতি ভট্টাচার্য, এএছআই আহমেদ আলী, লেন্স নায়ক কমল বড়ো আৰু কনিষ্টবল বকুল মেধি। আনহাতে তদন্ত ক্ষেত্রত এছপি ড° ভি শিৱপ্ৰসাদ গাঞ্জালা, চক্ৰ পৰিদৰ্শক কমল চন্দ্ৰ ৰাজবংশী, এএছপি পৃথ্বিৰাজ ৰাজখোৱা আৰু উপ-পৰিদৰ্শক মৌটি বসুমতাৰীক কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদকৰ বাবে বাছনি কৰা হৈছে।