স্থানীয় বিধায়কৰে সমন্বয় ৰক্ষা কৰিবলৈ মন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সমন্বিত, অংশগ্রহণমূলক আৰু নাগৰিককেন্দ্রিক প্রশাসন ব্যৱস্থাৰ ধাৰণাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মন্ত্ৰীলৈ শেহতীয়াকৈ এক জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই অসম মন্ত্রীসভাৰ সকলো মন্ত্রীকে কোনো বিধানসভা সমষ্টিত কৰা চৰকাৰী ভ্ৰমণ আৰু চৰকাৰী কাৰ্যসূচীৰ সময়ত সংশ্লিষ্ট সমষ্টিৰ বিধায়কগৰাকীৰ সৈতে যোগাযোগ আৰু সমন্বয় অধিক শক্তিশালী কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্রী ড° শর্মাই সতীর্থ মন্ত্রীসকললৈ যোৱা ৩০ অক্টোবৰত লিখা এখন পত্রযোগে উল্লেখ কৰিছে যে কোনো সমষ্টিলৈ কৰা ভ্ৰমণৰ বিষয়ে স্থানীয় বিধায়কগৰাকীক আগতীয়াকৈ অৱগত কৰিব লাগিব মন্ত্রীসকলে। সেয়াই নহয়, কোনো মন্ত্রীয়ে ভাগ ল’বলগীয়া ৰাজহুৱা কাৰ্যসূচী আৰু চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে স্থানীয় বিধায়ক গৰাকীক আগতীয়াকৈ আমন্ত্রণ জনাবলৈও মুখ্যমন্ত্রীয়ে পৰামৰ্শ দিছে। ইয়াৰ জৰিয়তে ৰাইজৰ সৈতে চৰকাৰৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি মুখ্যমন্ত্রীয়ে পত্রখনত উল্লেখ কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই লগতে কয় যে কোনো বিভাগীয় বৈঠক আৰু চৰকাৰী পৰ্যালোচনাত স্থানীয় বিধায়ক গৰাকীৰ অংশগ্ৰহণৰ প্রয়োজনীয়তা নাথাকিলেও তেওঁক আগতীয়াকৈ অৱগত কৰোৱা উচিত। এই পদক্ষেপে জনকল্যাণৰ প্ৰতি পাৰস্পৰিক দায়বদ্ধতাব মনোভাবক প্রতিফলিত কৰিব। প্রশাসন ব্যৱস্থাত সহযোগিতামূলক দৃষ্টিভংগীৰ গুৰুত্বৰ কথা উল্লেখ কৰি পত্ৰখনত মুখ্যমন্ত্রী ড° শর্মাই কয় যে জনসাধাৰণৰ সৈতে ৰক্ষা কৰা ঘনিষ্ঠ সম্পর্ক আৰু স্থানীয় ৰাইজৰ আশা-আকাংক্ষা তথা অগ্ৰাধিকাৰসমূহৰ বিষয়ে সম্যক জ্ঞান থকা বাবে নির্বাচিত জনপ্রতিনিধিসকল উন্নয়ন প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। মন্ত্ৰী আৰু বিধায়কসকলৰ মাজত সুন্দৰ সমন্বয়ে প্রশাসন ব্যৱস্থাক অধিক সমৃদ্ধ কৰাৰ লগতে উন্নয়নমূলক পদক্ষেপসমূহৰ ফলপ্রসূ ৰূপায়ণত সহায় কৰিব বুলি তেওঁ মত প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰী কাৰ্যসূচীত স্থানীয় বিধায়কগৰাকীৰ সক্রিয় অংশগ্ৰহণৰ জৰিয়তে সামুহিক প্রচেষ্টা আৰু জনকল্যাণৰ প্ৰতি উমৈহতীয়া দায়বদ্ধতাৰ এক সংস্কৃতি গঢ় লৈ উঠিব।
