নিটি আয়োগৰ বিনিয়োগ বন্ধুত্ব সচকাংকত অসম

নিটি আয়োগৰ বিনিয়োগ বন্ধুত্ব সচকাংকত অসম

ৰঙিলী বাৰ্ত্তাসেৱা- অসমে শেহতীয়াকৈ নিটি আয়োগৰ ‘বিনিয়োগ অনুকূলতা সূচকাংক’ (Investment Friendliness Index)-ত এক অগ্ৰণী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে । ৰাজ্যখনৰ এই বৃহৎ সফলতাৰ কথা সামাজিক মাধ্যম এক্সৰ জৰিয়তে সদৰী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । নিজৰ এক্স হেণ্ডেলত মুখ্যমন্ত্রীয়ে লিখিছে- সুস্থিৰ, উদ্যোগ-বন্ধুত্বপূর্ণ নীতি, আইন-শৃংখলা আৰু আন্তঃগাঁথনিৰ বৃহৎ উন্নতিৰ সহায়ত অসমে নিটি আয়োগৰ বিনিয়োগ বন্ধুত্বপূৰ্ণ সূচাংকত ফ্রণ্ট ৰানাৰ হিচাপে আত্মপ্রকাশ কৰিছে। উল্লেখ্য যে নিটি আয়োগে প্রকাশ কৰা ভাৰতৰ প্ৰথমটো বিনিয়োগ বন্ধুত্বপূর্ণ সূচাংকত অসমে পাহাৰীয়া আৰু উত্তৰ-পূবৰ ভিতৰতে সৰ্বাধিক অনুকূল বিনিয়োগ ৰাজ্য হিচাপে স্থান লাভ কৰিছে। মুখ্যতঃ ৰাজ্য চৰকাৰখনৰ কৰ্মক্ষমতা, চৰকাৰী নীতিৰ কাঠামো, পৰিৱেশ আৰু আইন-শৃংখলাৰ দিশটো অধ্যয়ন কৰি বিনিয়োগৰ অনুকূল স্থান হিচাপে নিটি আয়োগে অসমক চিনাক্ত কৰাটো উল্লেখযোগ্য দিশ ৰূপে পৰিগণিত হৈছে। মুখ্যমন্ত্রীয়ে এই প্রসংগত উল্লেখ কৰিছে যে ৰাজ্যৰ শক্তিশালী চৰকাৰী নীতি, অনুকূল প্রতিষ্ঠানিক পৰিৱেশ, উন্নত আইন-শৃংখলা, সংযোগৰ আন্তঃগাঁথনি বৃদ্ধি আৰু শিক্ষাৰ উন্নয়নে বিনিয়োগকাৰীক অনুকূল পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাইছে। মন কৰিবলগীয়া যে নিটি আয়োগৰ এই সূচাংকই দেশৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্রীয়শাসিত অঞ্চলক সামৰি লৈছে। মুখ্যতঃ অনুকূল প্রতিষ্ঠানিক পৰিৱেশ, সম্পদ, চৰকাৰী নীতি, কম সুদৰ বোজা, ন্যূনতম শ্ৰমৰ বিঘিনি, উন্নত আইন-শৃংখলা, সংযোগ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব, শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত বিনিয়োগ-এই ৮টা স্তম্ভত বিনিয়োগৰ মূল্যায়ন কৰা হৈছে।