কংগ্রেছক তিনি তালাক ৮ মুছলমান সংগঠনৰ

কংগ্রেছক তিনি তালাক ৮ মুছলমান সংগঠনৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ১৬,০০০ গৰাকী ‘জোনাব’ (ধৰ্মীয় গুৰু) আৰু ১৬টা ইছলামিক সংগঠনৰ সৈতে জড়িত ৮ মুছলমান সংগঠনৰ যৌথ মঞ্চই কংগ্ৰেছ দলক আনুষ্ঠানিকভাৱে বৰ্জন কৰি ‘তিনি তালাক’ ঘোষণা কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত কংগ্ৰেছ দলক কঠোৰ নিন্দা কৰি মকিবুৰ ৰহমান আজহাৰীয়ে – কয় যে আৰম্ভণিৰ পৰাই কংগ্ৰেছে ভোটৰ বাবেহে ৰাজ্যৰ মুছলমান সম্প্রদায়ক ব্যৱহাৰ কৰিলে। আজিৰ তাৰিখত অসম বিধানসভাত কংগ্ৰেছ দলৰ বিধায়কে যিধৰণে ভূমিকা গ্রহণ কৰিব লাগিছিল, সেই ভূমিকা আমি দেখা নাই। কি কাৰণত কংগ্ৰেছী বিধায়কসকলে মুছলমান সমাজৰ হকে মাত মতা নাই আমি নাজানো। এইক্ষেত্রত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক প্রশংসা কৰি তেওঁ কয় যে আজিলৈকে মুখ্যমন্ত্রী ড° শর্মাই কংগ্ৰেছী নেতাসকলৰ বিৰুদ্ধে যিবোৰ কথা কৈ আহিছে, সেয়া সকলো সত্য। আজি হয়তো অধিকাংশ মুছলমানে এই কথা উপলব্ধি কৰা নাই যদিও এটা সময়ত সকলোৱে মুখ্যমন্ত্রী ড° শৰ্মাই কোৱা কথাবোৰ যে সত্য আছিল, সেয়া নিশ্চয়কৈ ভাবিবলৈ বাধ্য হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাৰ বাবে ৰাজহুৱাভাৱে দোৱা জনাই ধন্যবাদ জ্ঞাপন কৰিলে ৮ মুছলিম সংগঠনে। মকিবুৰ ৰহমান আজহাৰীয়ে কয় যে ভাৰতীয় প্রকৃত মুছলমানসকলৰ নাম বসুন্ধৰা-৪.০ত ০৩ অন্তর্ভুক্ত হ’লে সুখী হ’ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড° শর্মাই। কিন্তু আজিলৈকে মুছলমানৰ ভোটেৰে শাসনৰ গাদী দখল কৰা কংগ্ৰেছে বিধানসভাত প্রকৃত মুছলমানে মাটিৰ পট্টা পাব লাগে বুলি এবাৰো দাবী জনোৱা নাই। ইয়াতেই কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ ফুটি উঠিছে। সংবাদ মেলত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনকো সমালোচনাৰে থকা-সৰকা কৰি ৮ মুছলিম সংগঠনৰ হৈ আজহাৰীয়ে কয় যে ৰকিবুল হুছেইনৰ ওপৰত আস্থা আছিল বাবেই লাখ লাখ মুছলমানে বিগত লোকসভাত ধুবুৰী সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত তেওঁক জয়ী কৰাইছিল। কিন্তু বিজয়ী হোৱাৰ পাছত সাংসদ হুছেইনে দিল্লীত একো ভূমিকা নল’লে। ১• দিল্লীলৈ গৈ কেৰম ব’ৰ্ডৰ কথা কোৱা ৰকিবুল হুছেইনে মুছলমান সমাজৰ সমস্যাসমূহ সংসদত উত্থাপন নকৰিলে। আগন্তুক সময়ত ইয়াৰ প্ৰতিফল মুছলমান সমাজে দিব বুলি উল্লেখ কৰি তেওঁ কয় যে অহা লোকসভা নির্বাচনত ৰকিবুল হুছেইনৰ অৱস্থা শোচনীয় কৰা হ’ব। আনহাতে আজি সংবাদ মেলত কংগ্ৰেছ দল তথা সাংসদ ৰকিবুল হুছেইন – আৰু বিধানসভাৰ বিৰোধী দলপতি বাজেদ আলী চৌধুৰীক তিনি তালাক দিয়া সন্দর্ভতো আজহাৰীয়ে কয় যে কংগ্ৰেছৰ লগত থাকি আজিলৈকে আমাৰ একো উন্নতি নহ’ল। ভোট নিদিয়াৰ পাছতো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত – বিজেপি চৰকাৰে যিমানখিনি সংখ্যালঘুসকলৰ বাবে কৰিছে, সেয়া কংগ্ৰেছে ১৫ বছৰীয়া শাসনতো কৰা নাছিল। মুখ্যমন্ত্রী ড° শৰ্মাই মুছলমান সমাজৰ কোনোধৰণৰ অন্যায় কৰা নাই। কিন্তু বিগত বছৰ বছৰ ধৰি কংগ্ৰেছে কেৱল  ভোটৰ বাবেহে মুছলমানসকলক ব্যৱহাৰ কৰি অন্যায় কৰিছে। আমাক উন্নয়ন লাগে। ৰাজ্যৰ সকলো আলিম সমাজ আৰু ১৬ হাজাৰ জোনাবে আজি এই কথা উপলব্ধি কৰিছে। সেইবাবেই কংগ্ৰেছ দলক তিনি তালাক দিলোঁ। আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনতো দুই লাখ মুছলমানৰ ভোট বিজেপিক দিয়াৰ কথা ৰাজহুৱাভাবে ঘোষণা কৰি তেওঁ কয় যে কংগ্রেছী একাংশ গুণ্ডা বিধায়কৰ বাবেই দুখীয়া মুছলমানসকলৰ বহু মাটি মাতব্বৰৰ হাতত বন্ধী  হৈ আছে। ৰাজ্যৰ ৪০০ মাতব্বৰৰ হাতত ৯৬,৪৯০ বিঘা মাটি আজিও আছে বুলি মন্তব্য কৰি আজহাৰীয়ে মুখ্যমন্ত্রী ড° শৰ্মাক এখন সমিতি গঠন কৰি চৰ এলেকাৰ সকলো মাটি জৰীপ কৰিবলৈ আহ্বান জনায়। এই মাতব্বৰসকলক একাংশ কংগ্রেছী গুণ্ডা বিধায়কে জীয়াই ৰাখিছে। এইসকলৰ পৰা মাটিখিনি উদ্ধাৰ কৰিব পাৰিলে ৩৬ হাজাৰ দুখীয়া ভূমিহীন মুছলমানে মাটিৰ পট্টা লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে। যদিহে চৰকাৰে এই জৰীপ আৰম্ভ কৰে, তেন্তে কংগ্রেছী নেতা-বিধায়কে বাধা প্রদান কৰিলেও ৮ মুছলিম সংগঠনে নিজাববীয়াকৈ উদ্যোগ লৈ হ’লেও বাধা  দিয়াসকলক ৰাজহুৱাভাৱে বান্ধি ৰাখিব বুলি হুংকাৰ দিয়ে। সংবাদ মেলত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈকো কঠোৰ ভাষাৰে সমালোচনা কৰি আজহাৰীয়ে কয় যে নেতা কাক কয়, সেয়া প্রথমে গৌৰৱ গগৈয়ে  শিকক। দূৰলৈ যোৱাৰ সলনি বিটিচিত হাগ্ৰামা মহিলাৰীৰ অধীনত তিনি মাহ থাকিলেই গৌৰৱ গগৈয়ে নেতা কাক কয় বুজি পাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈ সংবাদ মেলত আহ্বান জনাই ৮ মুছলিম সংগঠনৰ নেতৃত্বই ৰাজ্যৰ  প্রকৃত মুছলমানসকলক ভূমিপট্টা দিবলৈ অনুৰোধ জনায়। কংগ্ৰেছে বিৰোধ কৰিলেও প্রকৃত মুছলমানক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড° শর্মাক উদ্যোগ ল’বলৈ সংগঠনকেইটাৰ নেতৃবৃন্দই আহ্বান জনায়। আনহাতে আগন্তুক ত লোকপিয়লত ৰাজ্যৰ চৰ-চাপৰিৰ মুছলমান সমাজে নিজৰ মাতৃভাষা অসমীয়া বুলিয়ে লিখিব বুলি সংগঠনকেইটাৰ শ্রাব নেতৃবৃন্দই উল্লেখ কৰি কয় যে আমাৰ মাতৃভাষা অসমীয়া। তাত কোনো দ্বিমত নাই। ইয়াক লৈ একো ৰাজনীতি চাকৰিবলগীয়া নাই। আমি অসমীয়াকে মাতৃভাষা হিচাপে লোকপিয়লত লিখিম। উল্লেখ্য যে সংবাদ মেলত অল আছাম আহলে চুন্নত মাদ্রাছা এডুকেচন ব’র্ড, উলামা কাউঞ্চিল বিটিচি, এ ট্রাষ্ট আছাম, ৰাষ্ট্ৰীয় উলামা কাউঞ্চিল, ৩৩ আছাম ইছলামিক ৰিছাৰ্চ চেণ্টাৰ, জামাত-উলামা চুন্নী অসম, এ টাঞ্জিম মিলাট আছাম আৰু হেদায়েৎ ইছলাম আছাম নামৰ সংগঠনকেইটাই যৌথভাবে নিজ মন্তব্য প্রকাশ কৰে।