অত্যাৱশ্যকীয় সামগ্ৰীৰ পিছত এইবাৰ ব্ৰইলাৰ দাম বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ জনতাৰ মূৰত মাধমাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ সমান্তৰালকৈ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যতে শাক-পাচলি, কণীৰ দাম বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি অহাৰ সময়তে বৃদ্ধি পালে ব্ৰইলাৰ কুকুৰাৰ দাম। ৰাইজৰ মূৰত ৰামটাঙোন শোধাই শেহতীয়াকৈ ব্ৰইলাৰ কুকুৰাৰ দাম বৃদ্ধি পালে ২০-৩০ টকা পর্যন্ত। উল্লেখ্য যে ছাগলী আৰু লোকেল কুকুৰাৰ মাংসৰ চৰা দামৰ বাবে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ মাজত সুলভ তথা পুষ্টিকৰ খাদ্যৰূপে স্থান লাভ কৰি আহিছে ব্ৰইলাৰ কুকুৰাৰ মাংসই। কিছুদিন পূর্বলৈকে প্রতি কিলোগ্রামত ২৪০-২৬০ টকাকৈ বজাৰত বিক্ৰী হৈ থকা কটা ব্ৰইলাৰ কুকুৰাৰ মাংস এতিয়াৰে পৰা বিক্ৰী হৈছে প্রতি কিলোগ্রামত ৩০০ টকাকৈ। একেদৰে কিছুদিন পূর্বলৈ গোটা ব্ৰইলাৰ কুকুৰা প্ৰতি কিলোগ্ৰামত ১৬০-১৭০ টকাকৈ বিক্রী হৈ আছিল যদিও সম্প্রতি প্রতি কিলোত ২০০ টকাকৈ বজাৰত বিক্ৰী হৈ আছে। হঠাতে ব্ৰইলাৰ কুকুৰাৰ দাম বৃদ্ধি ঘটাক লৈ একাংশ ব্যৱসায়ীয়ে সদৰী কৰা মতে উৎসতে ব্ৰইলাৰ কুকুৰাৰ দাম বৃদ্ধি পাইছে। কিছুদিন পূৰ্বলৈকে পাইকাৰী হাৰত ব্ৰইলাৰ প্ৰতি কিলোগ্ৰামত ১৩০ টকাকৈ উপলব্ধ হৈছিল যদিও এতিয়া ১৫০-১৬০ টকাকৈ খুচুৰা ব্যৱসায়ীয়ে ক্ৰয় কৰিবলগীয়া হৈছে। যাৰ বাবে খুচুৰা বজাৰত ব্ৰইলাৰৰ দাম বঢ়াবলগীয়া হৈছে। উৎসত দাম বৃদ্ধিৰ লগতে শেহতীয়াকৈ পৰিবহণৰ ক্ষেত্ৰতো ব্যয় পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। যাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দামত গ্ৰাহকক মাংস দিলে খুচুৰা ব্যৱসায়ীসকলৰ বিশেষ লাভ নহয় বুলি একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিছে। অৱশ্যে ব্ৰইলাৰ কুকুৰাৰ দাম কেতিয়ালৈকে কমিব, এই সন্দৰ্ভত অজ্ঞতা প্রকাশ কৰি ব্যৱসায়ীসকলে সদৰী কৰা মতে উৎসত দাম কমাৰ লগতে পেট্ৰ’ল-ডিজেলৰ দাম কমিলে হয়তো সকলোৰে বাবে পূৰ্বৰ দৰেই সুলভ হৈ পৰিব ব্ৰইলাৰ কুকুৰাৰ মাংস।
