ফুলৰ কলি
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
ফুল হৈ ফুলাৰ আনন্দত
মতলীয়া ফুলৰ কলিটি
সৌন্দৰ্য্যতাৰ সুবাসেৰে
চঞ্চলা বতাহত নাচি
গাইছা ললিত সুৰৰ
মধুময় বিননি।
নাই যেন অকনো অনুভব,
সৌন্দৰ্য্যৰ পাপৰি সৰিলেই
অস্তিত্বৰ হ’ব বিলোপ,
কাল চক্ৰই কৰিব বিনাশ
নাই যেন অকনো অনুভব।।
শীতৰ কোমল আচলত
গ্ৰীষ্মৰ প্ৰবল প্ৰকোপত ।
স্নেহৰ একাজঁলি মৰম দিবলৈ
প্ৰতিদিনে উন্মাদৰ বৰষা হৈ
আবেগত তিতি জিপাল তুমি কলিটি ।
চঞ্চলা হৈ হালিছা বতাহত ,
ফুল হৈ ফুলাৰ আনন্দত
আত্মহাৰা তুমি কলিটি।
জীবন্ত প্ৰেমৰ তুমি সজীৱতা
ভাগৰুৱা নয়নৰ
হৃদয় জুৰোৱা ।
ৰুপালিম নগৰৰ
তুমি বাটৰুৱা।।
ফুল হৈ ফুলাৰ আনন্দত মতলীয়া ফুলৰ কলিটি
সৌন্দৰ্য্যতাৰে পুৰ্ণ হৈ
চঞ্চলা বতাহত হালিছা ,
নাই যেন অকনো বিষাদ
নাই যেন অপ্ৰীতি ।
আনন্দত মতলীয়া আজি
ফুল হৈ ফুলিছা
ফুলৰ কলিটি।।
