৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাত উজলিল অসমীয়া ছবি ‘জুইফুল’

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাত উজলিল অসমীয়া ছবি ‘জুইফুল’

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা হ’ল ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা । নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই বঁটা বিজয়ীসকলৰ নাম । কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রালয়ে ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণ-পত্র ব’ৰ্ড (চিবিএফচি) ৰ অনুমোদন লাভ কৰা চলচ্চিত্ৰসমূহৰ মাজৰ পৰা বিভিন্ন শাখাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰে। ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকাত অসমীয়া চিনেমাই ফিচাৰ শাখাত শ্ৰেষ্ঠ অসমীয়া সন্মান লাভ কৰিছে কৰিছে  ‘জুইফুল’ (অৰেঞ্জ এণ্ড পাৰ্পল) ছবিখনে ৷ যদুমণি দত্তৰ প্ৰযোজিত আৰু পৰিচালিত ‘জুইফুল’ ছবিখন পূর্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ শিতানত শ্রেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটাৰে সন্মানিত হৈছে। আনহাতে অকাহিনী চলচ্চিত্র শিতানত ‘লাইফ ইন লুম’-এ শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছে। ইংৰাজী, তামিল, হিন্দী আৰু অসমীয়া ভাষাত নির্মিত ‘লাইফ ইন লুম’ৰ চিত্র্যনাট্যকাৰ হ’ল- এডমণ্ড ৰেনছন। অকাহিনী চলচ্চিত্ৰ শিতানত ৰজত কমল বঁটা লাভ কৰা ‘লাইফ ইন লুম’-এ লাভ কৰিব ২ লাখ টকা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ছবিখন ২০২৪ চনৰ ভাৰতীয় পেন’ৰামাৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখা লৈ নিৰ্বাচিত হৈছিল । ছবিখনে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ICFT UNESCO Gandhi Medal ৰ বাবে আন ৯খন আন্তৰাষ্ট্ৰীয় ছবিৰ সৈতে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি চলিত বৰ্ষৰ থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল, নিৰি ৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছবিখনে সন্মান কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে  মন্ত্রালয়ে ঘোষণা কৰা মতে, ‘আর্টিকল-৩৭০’ চলচ্চিত্রখনে শ্রেষ্ঠ পূর্ণদৈর্ঘ্য চলচ্চিত্ৰৰ সন্মান লাভ কৰে। এই চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্রী য়ামী গৌতমে শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।আনহাতে, ‘চান্দা চেম্পিয়ন’ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে কার্তিক আৰিয়ান আৰু ‘ব্রহ্মযুগম’ চলচ্চিত্রখনত কৰা অভিনয়ৰ বাবে মামুট্টীয়ে যুটীয়াভাৱে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। ‘আমৰণ’ চলচ্চিত্ৰৰ বাবে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ৰাজকুমাৰ পেৰিয়াছামীয়ে। এগৰাকী পৰিচালকৰ দ্বাৰা পৰিচালিত প্রথমখন চলচ্চিত্ৰৰ ভিতৰত শ্রেষ্ঠতা অর্জন কৰে পৰিচালক ৰণদীপ হুদাৰ ‘স্বাতন্ত্র্য চাভাৰকাৰ’ নামৰ চলচ্চিত্ৰখনে। সকলোৰে উপভোগ্য শ্রেষ্ঠ জনপ্রিয় চলচ্চিত্ৰৰ বঁটা লাভ কৰে বিজয়ন্তী মুভি প্রযোজিত আৰু নাগ অশ্বিন সিংগিৰেড্ডী পৰিচালিত ‘কল্কি ২৮৯৮ এডি’ নামৰ তেলেগু চলচ্চিত্ৰখনে। শ্রেষ্ঠ শিশু চলচ্চিত্ৰৰ সন্মান লাভ কৰে নন্দকিশোৰ ইমামী পৰিচালিত তেলেগু চলচ্চিত্র ‘চিন্না কথা কাদু’-এ। শ্রেষ্ঠ সহঃ অভিনেতাৰ সন্মান লাভ কৰে ‘ভক্ষক’ নামৰ হিন্দী চলচ্চিত্ৰখনত অভিনয় কৰা সঞ্জয় মিশ্ৰই। তামিল চলচ্চিত্র ‘মহাৰাজা’ত অভিনয় কৰা সচনা নামীদাসে আৰু কানাড়া চলচ্চিত্র ‘মিথ্যা’ত অভিনয় কৰা ৰূপাশ্ৰী ৱৰ্কাডীয়ে লাভ কৰে শ্ৰেষ্ঠ সহঃঅভিনেত্ৰীৰ সম্মান। মাৰাঠী চলচ্চিত্র ‘ঘৰত গণপতি’ নামৰ চলচ্চিত্ৰখনৰ নেপথ্য কণ্ঠশিল্পী অভয় যোধপুৰকাৰে ‘নৱসাচী গৌৰী মাঝি’ শীর্ষক গীতটোৰ বাবে শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান লাভ কৰে। মালায়লম চলচ্চিত্র ‘এআৰএম’ৰ নেপথ্য মহিলা কণ্ঠশিল্পী ৱৈকম বিজয়লক্ষ্মীয়ে ‘অংগু ৱান কনিলু’ শীর্ষক গীতটোৰ বাবে শ্রেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ সন্মান লাভ কৰে। শ্রেষ্ঠ চিনেমাটোগ্রাফীৰ সন্মান লাভ কৰে মালায়লম চলচ্চিত্র ‘ব্রহ্মযুগম’ৰ বাবে চেহনাদ জালালে। শ্রেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে হিন্দী চলচ্চিত্র ‘আর্টিকল-৩৭০’ৰ বাবেই শাশ্বত সচদেৱে আৰু তামিল চলচ্চিত্র ‘আমৰণ’ৰ বাবে জিভি প্রকাশ কুমাৰে। শ্রেষ্ঠ গীতিকাৰৰ সন্মান লাভ কৰে হিন্দী চলচ্চিত্র ‘ময়দান’ৰ গীতৰ বাবে মনোজ মুনতাচীৰে। অকাহিনী চলচ্চিত্ৰৰ শাখাত শ্রেষ্ঠতাৰ সন্মান লাভ কৰে ‘ভাংগাৰ’ নামৰ চলচ্চিত্রখনে। তথ্যচিত্র হিচাপে নির্বাচিত হয় ‘ৰামনামী’। পৰিৱেশ আৰু সামাজিক মূল্যবোধৰ ভিত্তিত চলচ্চিত্ৰৰ বঁটা লাভ কৰে ‘পিপলান্ত্ৰী: এ টেল অৱ ইক’ ফেমিনিজিম’-এ। আনহাতে চলচ্চিত্র বিষয়ক শ্রেষ্ঠ গ্ৰন্থৰ বঁটা লাভ কেনচানুৰু প্ৰদীপ কুমাৰ চেট্টী ৰচিত ‘নানীৰুভুদে নিমাগাগী নানীৰুভুদে নানাগাগী: কানাড়া চিনেমাৰ দৰ্শন আৰু ৰাজনীতি’ শীর্ষক গ্ৰন্থই। হিন্দী ভাষাৰ বিশিষ্ট চলচ্চিত্ৰৰ সমালোচক সঞ্জীব শ্রীবাস্তবে শ্রেষ্ঠ চলচ্চিত্র সমালোচকৰ সন্মান লাভ কৰে।