যন্তৰ-মন্তৰৰ পৰা চিকিৎসালয়লৈ স্থানান্তৰ সোণম ৱাংচুকক
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ যন্তৰ মন্তৰত দীর্ঘদিন ধৰি চলি থকা প্ৰতিবাদৰ মাজতে শনিবাৰে পুৱা দিল্লী আৰক্ষীয়ে সমাজকৰ্মী সোণম ৱাংচুকক প্ৰতিবাদস্থলীৰ পৰা উঠাই দিল্লীৰ চফদৰজং হাস্পতাললৈ লৈ যায় ৷ দীর্ঘদিন ধৰি অনশন চলাই থকাৰ ফলত পৰিৱেশ কৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকৰ দ্রুততাৰে দেহৰ ওজন কমিবলৈ লোৱাত শনিবাৰে নিচেই পুৱাতে আৰক্ষীয়ে তেওঁৰ অনশন ভংগ কৰে। তেওঁক যন্তৰ-মন্তৰৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ অনশনে ২১ দিনত ভৰি দিছে। যিমানেই সময় বাগৰিছিল সিমানেই তেওঁৰ শৰীৰ ভাগি পৰিছিল। কথা কোৱাৰো শক্তি হেৰুৱাই পেলাইছিল। মেদ ক্ষয় হোৱাৰ লগতে পেশীও দুৰ্বল হৈ পৰিছিল। শুনিবলৈ পোৱা মতে চিকিৎসকসকলে একপ্ৰকাৰৰ উত্তৰ দিয়ে দিছিল। যিকোনো সময়তে তেওঁৰ ‘অর্গেন ফেইলৰ’ হ’ব পাৰে। এনে অৱস্থাতে শনিবাৰে নিচেই পুৱাতে তেওঁৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক এক প্ৰকাৰ জোৰ কৰিয়েই আৰক্ষীয়ে অনশনস্থলীৰ পৰা চিকিৎসালয়লৈ লৈ যায়। তেওঁক ভর্তি কৰোৱা হয় চফদৰজং হাস্পতালত। তেওঁক জৰুৰীকালীন বিভাগত ভর্তি কৰোৱা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদস্থলীত বিশৃংখলতাৰ সৃষ্টি হয় ৷ ৱাংচুকক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে প্ৰতিবাদস্থলীৰ পৰা লৈ যোৱা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে । একাংশই দাবী কৰে যে সাধাৰণ কাপোৰ পিন্ধা আৰক্ষীৰ লোকে ৱাংচুকক স্থানান্তৰিত কৰাৰ পূৰ্বে চিকিৎসা দলৰ ৰূপ লৈ প্ৰতিবাদস্থলীত প্ৰৱেশ কৰে । আৰক্ষীয়ে তেওঁলোকৰ লগত হতাহতিতো লিপ্ত হোৱাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ এটা বিবৃতিত দিল্লী আৰক্ষীয়ে জনাইছে যে বিশেষজ্ঞ চিকিৎসকলৰ পৰামৰ্শ আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ‘প্রয়োজনীয় চিকিৎসা’ৰ বাবে ৱাংচুকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তেওঁক চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ পিছত আৰক্ষীয়ে যন্তৰ-মন্তৰত সমৱেত বিক্ষোভকাৰীসকলক আহ্বান জনায় যেন তেওঁলোকে সোনকালে আৰু শান্তিপূর্ণভাৱে বিক্ষোভস্থলী ত্যাগ কৰে। আপাততঃ তাত বিপুলসংখ্যক আৰক্ষী মোতায়েন কৰা হয়। উল্লেখযোগ্য যে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অনশনৰত ৱাংচুকৰ জীৱন ৰক্ষাৰ বাবে’ যিখিনি কৰাৰ প্ৰয়োজন তাক কৰিবলৈ নিৰ্দেশ দিয়ে কেন্দ্রক। দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দেবেন্দ্র কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ তেজস কাৰিয়াৰ বিচাৰপীঠে নিৰ্দেশত কৈছিল যে চৰকাৰী চিকিৎসকৰ জৰিয়তে প্রতিদিনে ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগিব। চিকিৎসকসকলৰ ৰিপ’ৰ্টৰ ভিত্তিত যদি চিকিৎসাৰ প্ৰয়োজন হয় তেনেহ’লে সেই পদক্ষেপ গ্ৰহণ কৰিব লাগিব কেন্দ্ৰই। এই নির্দেশৰ দুদিনৰ পিছতেই পদক্ষেপ গ্ৰহণ কৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে। চিকিৎসালয় কর্তৃপক্ষই জনোৱা মতে শনিবাৰে পুৱা ৭.৪০ বজাত তেওঁক ভর্তি কৰোৱা হয়। তেওঁলোকৰ মেডিকেল বুলেটিনত লিখিছে-দীর্ঘদিনীয়া অনশন আৰু শৰীৰত জলশূন্যতাৰ কাৰণে বাংচুক দুর্বল হৈ পৰিছে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ হ’লেও শাৰীৰিক সূচকসমূহ স্বাভাৱিক অৱস্থালৈ ওভতাই আনিবলৈ নিয়মিত পর্যবেক্ষণ, নিবিড় নিৰীক্ষণ আৰু চিকিৎসাৰ প্রয়োজন।’ উল্লেখযোগ্য যে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাটোৰ পিছৰে পৰা শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ২০ জুনত যন্তৰ-মন্তৰত ককৰোছ জনতা পার্টীয়ে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে। তাৰ সাত দিন পিছতে সোণম ৱাংচুকে তাতেই অনির্দিষ্টকালীন অনশন আৰম্ভ কৰে। তেওঁৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটাত শনিবাৰে পুৱা আৰক্ষীয়ে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰায়।
