আজি  ফিফা বিশ্বকাপৰ ফাইনেল

Pc Sports Tak

আজি  ফিফা বিশ্বকাপৰ ফাইনেল

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ বিশ্বৰ ফুটবল প্ৰেমীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। নিউয়ৰ্কৰ ঐতিহাসিক নিউয়ৰ্ক নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলৈ গৈ আছে ফিফা বিশ্বকাপ ২০২৬-ৰ সেই বহু প্ৰত্যাশিত মেগা ফাইনেল। আমেৰিকাৰ স্থানীয় সময় অনুসৰি খেলখন ১৯ জুলাই দেওবাৰে অনুষ্ঠিত হ’ব যদিও ভাৰতীয় সময় অনুসৰি ই ২০ জুলাই, সোমবাৰে নিশা ১২:৩০ বজাত পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। এই ঐতিহাসিক খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ’ব ফুটবল বিশ্বৰ দুই মহাশক্তি আৰ্জেণ্টিনা আৰু স্পেইন। এইখন কেৱল বিশ্বকাপ ফুটবলৰ ফাইনেল মেচ নহয়, এইখন দুটা যুগৰ, দুটা দৰ্শনৰ, দুটা প্ৰজন্মৰ আৰু কোটি কোটি অনুৰাগীৰ সপোনৰ মহাসংঘর্ষ। এফালে বিশ্ব ফুটবলৰ জীৱন্ত কিংবদন্তি লিঅ’নেল মেছি, যাৰ বাবে এইখন শেষ বিশ্বকাপ ফাইনেল। আনফালে বিশ্ব ফুটবলৰ নতুন বিস্ময় লামিন য়ামাল, যি নিজৰ প্ৰথম বিশ্বকাপতে ইতিহাস লিখিবলৈ ওলাইছে। সেয়েহে এইবাৰ ফাইনেলক ইতিমধ্যে বিশ্বৰ ক্ৰীড়া বিশেষজ্ঞসকলে অভিজ্ঞতা বনাম নতুন যুগৰ মহাযুঁজ বুলি অভিহিত কৰিছে।  লক্ষণীয় যে ২০২৬ চনৰ বিশ্বকাপ নিজেই এক নতুন ইতিহাস। প্ৰথমবাৰৰ বাবে ৪৮টা দলে অংশগ্ৰহণ কৰা এই বিশ্বকাপ আমেৰিকা, কানাডা আৰু মেক্সিকো- এই তিনিখন দেশে যুটীয়াভাৱে আয়োজন কৰিছে। মুঠ ১০৪খন মেচ অনুষ্ঠিত হোৱা এই বিশ্বকাপত কেইবাখনো নতুন দেশে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। সেয়েহে এই ফাইনেলখন নতুন যুগৰ বিশ্বকাপৰ প্ৰথম সোণালী অধ্যায় হিচাপে ইতিহাসত চিৰদিনৰ বাবে লিপিবদ্ধ হৈ থাকিব। ৩৯ বছৰীয়া লিঅ’নেল মেছিৰ বাবে খেলখন কেৱল এখন ফাইনেল নহয়, এটা যুগৰ অন্তিম অধ্যায়। ২০২২ চনত বিশ্বকাপ জয় কৰাৰ পিছতো তেওঁ পুনৰ এবাৰ দেশক ফাইনেললৈ লৈ আহিছে। চলিত বিশ্বকাপত তেওঁ ৬খন খেলত ৫টা গ’ল আৰু ৩টা এছিষ্ট কৰি পুনৰ প্ৰমাণ কৰিছে যে বয়স তেওঁৰ বাবে কেৱল এটা সংখ্যা। বিশ্বকাপ ইতিহাসত তেওঁৰ মুঠ গ’লৰ সংখ্যা ইতিমধ্যে ১৮লৈ বৃদ্ধি পাইছে। যদি মেছিয়ে পুনৰ বিশ্বকাপ ট্ৰফী দখল কৰে, তেন্তে বিশ্ব ফুটবলৰ ইতিহাসত তেওঁৰ স্থান সোণালী আখৰেৰে চিৰদিনলৈ লিখা থাকিব। আনহাতে, স্পেইনৰ ১৯ বছৰীয়া লামিন য়ামাল এই বিশ্বকাপৰ আটাইতকৈ উজ্জ্বল তাৰকা। তেওঁৰ দ্রুতগতি, ড্রিবলিং, নিখুঁত পাছ আৰু গ’ল সৃষ্টিৰ ক্ষমতাই ইতিমধ্যে বিশ্বৰ ফুটবলপ্রেমিক আকৃষ্ট কৰিছে। চলিত বিশ্বকাপত ৪টা গ’ল আৰু ৫টা এছিষ্ট কৰা য়ামালে ফাইনেলত গ’ল দিব পাৰিলে বিশ্বকাপ ফাইনেলৰ অন্যতম কনিষ্ঠ গ’লদাতা হিচাপে নতুন অভিলেখ গঢ়িব পাৰে। প্রায় ৮২,৫০০ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই ফাইনেলৰ মাজতে সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব। য’ত অংশগ্ৰহণ কৰিব জাষ্টিন বিবাৰ, টম ক্রুজ, ৰবি উইলিয়ামছ, মেডোনা, ছাকিৰা আৰু নিকোল ছেৰ্জিঙাৰৰ দৰে আন্তর্জাতিক তাৰকা। এই বর্ণিল সাংস্কৃতিক অনুষ্ঠানটো প্রায় ১১ মিনিটৰ হ’ব যদিও হাফ-টাইম বিৰতি ৩০ মিনিটলৈকে বৃদ্ধি কৰাৰ পৰিকল্পনা আছে। মন কৰিবলগীয়া যে স্পেইন জয়ী হ’লে ২০১০ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ব। আনহাতে, আর্জেন্টিনা জয়ী হ’লে চতুৰ্থবাৰৰ বাবে বিশ্বকাপ দখল কৰাৰ লগতে ব্রাজিলৰ পিছত একেৰাহে দুবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিব।  ফিফা বিশ্বকাপৰ সুদীৰ্ঘ ইতিহাসত স্পেইন আৰু আৰ্জেণ্টিনা এতিয়ালৈকে মাত্ৰ এবাৰহে মুখামুখি হৈছে। ১৯৬৬ চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ খেলখনত দুয়োটা দলে অন্তিমবাৰৰ বাবে বিশ্বমঞ্চত যুঁজ দিছিল। ফলস্বৰূপে, দীৰ্ঘ দশকৰ পাছত হ’বলগীয়া এই মেগা ফাইনেলখনক লৈ এতিয়া সমগ্ৰ বিশ্বৰে ফুটবল প্ৰেমীৰ মাজত উছাহ আৰু উত্তেজনা চৰম সীমাত উপনীত হৈছে।