অসমৰ চিকিৎসা ক্ষেত্ৰত অপূৰণীয় ক্ষতি

অসমৰ চিকিৎসা ক্ষেত্ৰত অপূৰণীয় ক্ষতি::বিশিষ্ট চিকিৎসক তথা এ এম চিৰ অৱসৰী অধ্যাপক ডাঃ গিৰিন্দ্ৰ নাথ গগৈৰ পৰলোকপ্ৰাপ্তি: অনুষ্ঠান প্ৰতিষ্ঠানৰ শোক

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যখনৰ চিকিৎসা ক্ষেত্ৰলৈ এক অপূৰণীয় ক্ষতি সাধন কৰি বিশিষ্ট চিকিৎসক, অসম চিকিৎসা মহাবিদ্যালয়ৰ (এএমচি) মেডিচিন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ৰাজ্যখনৰ এগৰাকী সন্মানীয় শিক্ষক ডাঃ গিৰিন্দ্ৰ নাথ গগৈৰ কালি সন্ধিয়া ৭৮ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। বিগত কিছুদিন অসুস্থতা আৰু বৃক্কজনিত ৰোগত ভুগি তেওঁৰে নিজ প্ৰতিষ্ঠান ‘মেকউইন্স’ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। ১৯৪৮ চনৰ চাৰি এপ্ৰিলত শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ৰামু গাওঁত জন্ম গ্ৰহণ কৰা ডাঃ গগৈৰ শিক্ষা জীৱন আছিল অতি উজ্জ্বল। সৰুৰে পৰা অতি মেধাৰ পৰিচয় দিয়া গগৈ হাইস্কুল আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত অসমৰ ভিতৰত স্থান লাভ কৰে। ১৯৬৭ চনত এম বি বি এছ পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰাৰ পাছত তেখেত পিছত সুখ্যাতিৰে এম ডি ডিগ্ৰী লাভ কৰে।কেৱল এগৰাকী সফল চিকিৎসকেই নাছিল, তেওঁ আছিল চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখনৰ এগৰাকী অনন্য শিক্ষক, পথ-প্ৰদৰ্শক আৰু মেন্টৰ। এমবিবিএছ আৰু এমডি দুয়োটা পৰ্যায়তে কৃতিত্বেৰে উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ চিলচৰত চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰতে তেওঁৰ নিখুঁত ৰোগ নিৰ্ণয় ক্ষমতা, ক্লিনিকেল দক্ষতা আৰু মানৱীয় ব্যৱহাৰে তেওঁক বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্যতম জনপ্ৰিয় চিকিৎসক হিচাপে প্ৰতিষ্ঠা কৰে।১৯৯৬ চনত তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ পিছত বহু বছৰ ধৰি তেওঁ চিকিৎসা শিক্ষা আৰু সেৱাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়ায়। তেওঁৰ হাত ধৰি অসমৰ বহু প্ৰতিষ্ঠিত মেডিচিন বিশেষজ্ঞই শিক্ষা আৰু প্ৰশিক্ষণ লাভ কৰি চিকিৎসা ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত হৈছে। তেখেতৰ পত্নী ইনুমা গগৈয়ে কয় দেশ বিদেশত তেখেতে পঢ়ুৱা ছাত্ৰ ছাত্ৰীয়ে আজিও বিভিন্ন উচ্চ পদত চাকৰি কৰি আছে। কিছুদিন আগতে তেওঁলোক অষ্ট্ৰেলিয়ালৈ ফুৰিবলৈ গৈছিল আৰু তাত ডাঃ গগৈৰ ছাত্ৰই আহি লগ কৰি আশীৰ্বাদ লৈছিল।
অতি বিনয়ী, অমায়িক ব্যক্তি হিচাপে পৰিচিতি ডাঃ গগৈৰ মৃত্যুৰ খবৰে সমগ্ৰ চিকিৎসা সমাজক শোকস্তব্ধ কৰি তুলিছে। তেওঁৰ প্ৰতি চিকিৎসক সমাজৰ গভীৰ শ্ৰদ্ধাৰ নিদৰ্শন হিচাপে মৃত্যুৰ পূৰ্বদিনা তেওঁৰ স্বাস্থ্যৰ খবৰ ল’বলৈ গুজৰাট, বাংগালোৰ আদিৰ পৰা সাতগৰাকীকৈ চিকিৎসক ডিব্ৰুগড়লৈ আহি চিকিৎসা কৰে। উল্লেখ্য যে, যোৱা ১ জুলাই চিকিৎসক দিৱস উপলক্ষে ভাৰতীয় চিকিৎসা সংস্থা (আইএমএ)ৰ ডিব্ৰুগড় শাখাই চিকিৎসা ক্ষেত্ৰলৈ আগবঢ়োৱা আজীৱন অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ‘শ্ৰেষ্ঠ চিকিৎসক’ সন্মানেৰে বিভূষিত কৰে।ধাৰ্মিক, সৰল আৰু মানৱদৰদী ব্যক্তি হিচাপে পৰিচিত ডাঃ গিৰিন্দ্ৰ নাথ গগৈৰ বিয়োগত ভাৰতীয় চিকিৎসা সংস্থা (আইএমএ)ৰ ডিব্ৰুগড় শাখা সভাপতি ডাঃ গৌৰী শংকৰ বৰগোহাঁই, সম্পাদক ডাঃ মৃগাংক বৰুৱা, সতীৰ্থ চিকিৎসক ডাঃ নাৰায়ণ উপাধ্যায়, অসম চিকিৎসা মহাবিদ্যালয় অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন,অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা, সম্পাদক ৰাতুল বুঢ়াগোহাঁইসহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। অসমৰ চিকিৎসা জগতত তেওঁৰ অৱদান চিৰদিন স্মৰণীয় হৈ থাকিব বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ পত্নী পুত্ৰ, কন্যা,জী, জোঁৱাই , তিনি নাতিনী, দুই নাতি, এগৰাকী ভনীয়েকসহ অনেক আত্মীয় স্বজনক ইহসংসাৰত এৰি গৈছে। আজি অনেক গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষ কৃত সম্পন্ন কৰা হয়।