ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সমষ্টিয়ে সমষ্টিয়ে পোন্ধৰ দিনীয়া কৰ্মশালা

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সমষ্টিয়ে সমষ্টিয়ে পোন্ধৰ দিনীয়া কৰ্মশালা :ডিব্ৰুগড় জিলাত ১২ টা কৰ্মশালা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যজুৰি আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাসমূহে শিশু-কিশোৰ আৰু যুৱ প্ৰজন্মৰ মাজত সৃষ্টিশীলতা, শিল্প- সংস্কৃতিৰ প্ৰতি আগ্ৰহ আৰু প্ৰতিভাৰ বিকাশত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। এই কৰ্মশালাসমূহত সংগীত, নৃত্য, নাটক, চিত্ৰাংকন, আবৃত্তি, লোকসংস্কৃতি আদি বিভিন্ন বিষয়ৰ ওপৰত অভিজ্ঞ প্ৰশিক্ষকসকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। ডিব্ৰুগড় জিলাৰ ছয়টা বিধানসভা সমষ্টিত প্ৰতিটোত দুটাকৈ মুঠ ১২ টা কৰ্মশালা অনুষ্ঠিত হয়। নতুন প্ৰজন্মক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচিত কৰোৱাৰ লগতে তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভাক বিকশিত কৰাৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰা উদ্দেশ্যে উজনি অসমৰ অন্যতম নৃত্য শিক্ষাৰ প্ৰতিষ্ঠান নৃত্যাংগন কলা কেন্দ্ৰ’ত শুভাৰম্ভ কৰা হয়। জিলা সাংস্কৃতিক উন্নয়ন বিষয়া ডিব্ৰুগড়ৰ সুদৰ্শন বৰাই শুভাৰম্ভ কৰে কৰ্মশালা। সাংবাদিক, লেখক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত অসম গৌৰৱ বঁটা প্ৰাপক জ্যেষ্ঠ শিল্পী ৰাম চাচনী, ডিব্ৰুগড়ৰ সাংস্কৃতিক বিষয়া গোপাল টায়েং, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰিদৰ্শক তথা অনাতাঁৰ শিল্পী ভূৱন গগৈ, নৃত্যাংগণ কলা কেন্দ্ৰৰ মূল প্ৰশিক্ষক ৰুবী গগৈ সন্দিকৈ আৰু গোলোক ৰাজবংশী উপস্থিত থাকে। নৃত্যাংগণ কলা কেন্দ্ৰ’ই ডিব্ৰুগড় সাহিত্য সভাত আয়োজন কৰা পোন্ধৰ দিনীয়া কৰ্মশালাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এশবছৰীয়া জন্ম জয়ন্তী উপলক্ষে “মোৰ গীতৰ হাজাৰ শ্ৰোতা”-শীৰ্ষক এখনি নৃত্য নাটিকা আৰু আজিও জয়াই ৰিঙীয়াই শীৰ্ষক বুৰঞ্জী মূলক নৃত্য নাটিকা লগতে হাজং জনগোষ্ঠী লোক নৃত্য প্ৰশিক্ষণ দিয়া হ’ব। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অধীনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰতো সত্ৰীয়া নৃত্য, লোকনৃত্য আৰু ব্ৰজাৱলী ভাষাত নাট কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় বি এল বেৰীয়া সৰস্বতী শিশু নিকেতনত পোন্ধৰ দিনীয়া এই কৰ্মশালাত ডিব্ৰুগড় বিভিন্ন প্ৰান্তৰ শিশু কিশোৰ সকলে অংশগ্ৰহণ কৰে।মুল প্ৰশিক্ষক মোহন তামুলী সহ কেবাজনো সমল ব্যক্তিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ গ্ৰীষ্মকালীন কৰ্মশালাই ৰাজ্যৰ সাংস্কৃতিক পৰিৱেশ সমৃদ্ধ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।