অনুভৱ – প্ৰভাত বণিয়া

Pc StockCake

অনুভৱ

প্ৰভাত বণিয়া

ডাৰৰ বাতৰি ডাৰে পাওঁ
তথাপি মন নভৰে
কেনে আছা

পকা ধানে ৰিঙিয়াই
তিৰবিৰাই যৌৱন উপচা আঘোণৰ পথাৰ

ইমান হাবিয়াস
ইমান উচপিচনি
চলাথ কৰিলোঁ ওৰেটো জীৱন

তোমাৰ মান শুৱনি নাই।