নদীখনৰ এটা প্ৰশ্ন
যজ্ঞেশ্বৰ কটকী
ছাত্র, অসম অভিযান্ত্রিক মহাবিদ্যালয়, গুৱাহাটী
মই এখন নদী দেখিছোঁ,
যাৰ বুকুত হাজাৰ হাজাৰ সপোনে উশাহ লয়।
কেতিয়াবা এই নদীয়ে মানুহক জীৱন দিয়ে,
আকৌ কেতিয়াবা মানুহৰ অৱহেলাই ইয়াৰ বুকুতে বিষ ঢালে।
নদীৰ পাৰ সলনি হ’ল,
সময় সলনি হ’ল,
মানুহৰ পৃথিৱীও সলনি হ’ল।
কিন্তু মানুহৰ দুখবোৰ জানো সলনি হ’ল?
যি নদীয়ে সকলোকে নিজৰ বুকুত ঠাই দিয়ে,
সেই নদীৰ পৰা আমি সহানুভূতিৰ শিক্ষা কিয় নলওঁ?
হে মানৱ! এবাৰ ৰৈ ভাবাচোন,
এই পৃথিৱীখন কেৱল তোমাৰ বাবেই নেকি?
