দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী, বিত্ত মন্ত্রী, ৰে’ল মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগতে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণ আৰু ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে। । এই সাক্ষাৎ কালত মুখ্যমন্ত্রীগৰাকীয়ে বাজাব উন্নয়ন সম্পর্কীয় কেইবাটাও বিষয় আলোচনা কৰাৰ লগতে তিনিওকে নতুন দিল্লীত অহা ২৯ নবেম্বৰত অনুষ্ঠিত হ’ব লগীয়া বিশ্বববেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষৰ সামৰণী অনুষ্ঠানলৈ নিমন্ত্রণ জনায়। দিল্লীস্থিত বাসভৱনত গৃহমন্ত্ৰীগৰাকীক কৰা সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰশাসনিক অগ্ৰাধিকাৰ আৰু ৰাজ্যখনৰ উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগত দাঙি ধৰে। সামাজিক মাধ্যমযোগে এই সাক্ষাৎকাৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে লিখিছে- নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি তেখেতৰ সান্নিধ্য, মূল্যৱান পৰামৰ্শ আৰু মাৰ্গদৰ্শন গ্ৰহণ কৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নীতিক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ নিৰলস প্ৰচেষ্টা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। তেখেতৰ দক্ষ নেতৃত্ব আৰু মাৰ্গদৰ্শনত অসমক এখন সমৃদ্ধিশালী, আত্মনিৰ্ভৰশীল আৰু শান্তিপূৰ্ণ ৰাজ্য হিচাপে গঢ়ি তোলাৰ আমাৰ সংকল্প পূৰণৰ দিশত আমি আপোচবিহীন গতিৰে আগুৱাই যাম।আনহাতে নতুন দিল্লীত মুখ্যমন্ত্রীয়ে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু ৰাজ্যখনৰ স্বাৰ্থজড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। এই সাক্ষাৎকালত বিশ্বজুৰি প্রত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজত ভাৰতৰ বৰ্ধিত ভূমিকা, অসমৰ ক্রমবর্ধমান অর্থনৈতিক বিকাশৰ সূচাংকসমূহ আৰু অসমৰ উন্নয়ন যাত্ৰাত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা আৰু সমর্থনক লৈ বিস্তৃত আলোচনা কৰে।এই সাক্ষাৎকাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ সৈতে কাম কৰাৰ প্ৰতিটো সুযোগেই আমাৰ বাবে বিশেষ অভিজ্ঞতা। তেখেতৰ সৰল-অমায়িক ব্যৱহাৰ আৰু বাস্তৱসন্মত দৃষ্টিভংগীয়ে অসমৰ উন্নয়ন যাত্ৰাক সদায় বিশেষভাৱে সহায় কৰি আহিছে। আজিৰ বৈঠকতো অসমৰ উন্নয়নৰ লক্ষ্যসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস লাভ কৰোঁ। ইয়াৰ পাছতে মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্ৰীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰি অসমৰ ৰে’লসেৱা সম্পর্কে বিভিন্ন বিষয়ত আলোচনা কৰে। এই আলোচনাকালত ২০১৪ চনৰ পূৰ্বে শূন্য বৈদ্যুতিকীকৃত ৰে’লপথৰ পৰা আজি অসমৰ এশ শতাংশ ৰে’লপথ বৈদ্যুতিকীকৰণৰ সফলতা, অসমৰ উপ-সাগৰীয় ৰে’ল সেৱা সম্প্ৰসাৰণ আৰু ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে নতুন ৰে’লপথ আৰু দলং নিৰ্মাণ সন্দর্ভত বিভিন্ন দিশ উত্থাপন কৰা হয়।
