বিভাজন – ৰশ্মি ৰেখা দুৱৰা

Pc StockCake

বিভাজন

 ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়

চালি একেখন, অথচ ঠিকনা পৃথক
অদৃশ্য প্ৰাচীৰৰ যন্ত্ৰণা ক্ৰমাৎ বাঢ়িছে
সম্পৰ্কৰ বুকুত স্বাৰ্থই অংকিত কৰিছে
দূৰত্বৰ ৰেখা।
মানৱতাৰ দাপোণত আজি ভগ্ন ছবি
জাতি-ধৰ্মৰ নামত বাঢ়িছে ব্যৱধান
হেৰাই গৈছে বিশ্বাসৰ এনাজৰী।
ইমান পাৰ্থক্য কিয়?
একে তেজ,একে মাটিৰ সন্তান
আপোনত্বই মচিব নোৱাৰিনে
বিভেদৰ অন্ধকাৰ?