ৰাম মন্দিৰৰ চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ আৰক্ষীৰ

Pc Kannada News Now

ৰাম মন্দিৰৰ চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ আৰক্ষীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অযোধ্যাৰ ৰাম মন্দিৰত ভক্তসকলৰ দানৰ নগদ ধন আৰু মূল্যৱান সামগ্ৰীৰ চুৰিৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা ৮জন অভিযুক্তৰ ঘৰত তালাচী চলাই হিচাপ বহির্ভূত ৮০ লাখ টকা উদ্ধাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই তালাচী অভিযান এতিয়াও ৰাজ্যখনৰ বিভিন্ন স্থানত চলি আছে বুলি আৰক্ষী সূত্রই প্রকাশ কৰিছে। যোৱা দুবছৰত ভক্তসকলে দিয়া প্ৰণামীৰ কেইবাকোটি টকা লুট হৈছে বুলি প্রাথমিক তদন্তত জানিব পাৰিছে আৰক্ষীয়ে। ৰাম মন্দিৰৰ কৰ্মচাৰী (সেৱাদাৰ) আনকি মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা শ্ৰীৰাম জনমভূমি তীর্থক্ষেত্র টাষ্ট’ৰ সদস্য তথা পদাধিকাৰীসকলৰ একাংশও এই কার্যত জড়িত থাকিব পাৰে বুলি SCAM আৰক্ষীৰ ‘বিশেষ তদন্তকাৰী গোট’ চমুকৈ এছআইটিৰ ধাৰণা। বৃহস্পতিবাৰে ৮জন অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতে ‘শ্ৰীৰাম জনমভূমি তীর্থক্ষেত্র ট্রাষ্ট’ৰ সাধাৰণ সম্পাদক পদৰ পৰা ইস্তাফা দিয়ে চম্পত ৰায়ে। লগতে ট্রাষ্টৰ সদস্য (ট্রাষ্টী) পদৰ পৰা ইস্তাফা দিয়ে অনিল মিশ্ৰই। ঘটনাক্রমে ধৃত অভিযুক্তসকলৰ একাংশৰ সৈতে এই দুয়োজনৰে যোগাযোগ থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।