ড° ভূপেন হাজৰিকাৰ সৃষ্টিত শৰৎ : প্ৰকৃতি, শাৰদীয় উৎসৱ আৰু মানৱীয় চেতনাৰ অনুৰণন দীপিকা দাস 

ড° ভূপেন হাজৰিকাৰ সৃষ্টিত শৰৎ : প্ৰকৃতি, শাৰদীয় উৎসৱ আৰু মানৱীয় চেতনাৰ অনুৰণন

দীপিকা দাস 

প্ৰতি বছৰে বৰ্ষাকালৰ অবিৰত বৰষুণৰ অন্তত প্ৰকৃতিয়ে যেন নতুন ৰূপেৰে নিজকে সজাই তোলে। কপাহৰ দৰে কোমল শুকুলা ডাৱৰে নীলা আকাশত বিচৰণ কৰে, নদীৰ পাৰ আৰু সেউজীয়া পথাৰত বিৰিঙি উঠে শৰৎৰ স্নিগ্ধতা। কলং-কপিলী, নিশাৰী-সোৱণশিৰীৰ পাৰলৈকে শাৰদীয় প্ৰকৃতিৰ এই ৰূপে চৌপাশলৈ এক অনুপম সৌন্দৰ্য কঢ়িয়াই আনে। শেৱালিৰ সুবাস, কঁহুৱাৰ শুভ্ৰতা, নিয়ৰৰ মুকুতা আৰু কোমল ৰ’দে মানুহৰ মনলৈ কঢ়িয়াই আনে প্ৰশান্তি, আনন্দ আৰু প্ৰেমৰ অনুভৱ। প্ৰকৃতিৰ এনে ৰূপান্তৰে কবি-সাহিত্যিক আৰু শিল্পীসকলৰ সৃষ্টিশীল মনতো নতুন ভাবনাৰ উন্মেষ ঘটায়।এই শাৰদীয় সৌন্দৰ্যই যুগে যুগে সাহিত্যিকসকলক আকৰ্ষণ কৰি আহিছে। মহাকবি কালিদাসৰ ‘ঋতুসংহাৰ’, ‘মেঘদূত’ আদি কাব্যত প্ৰকৃতিৰ ৰূপ-বৈভৱৰ মনোমোহা প্ৰকাশ ঘটিছে। অসমীয়া সাহিত্যতো শৰৎকালৰ এক বিশেষ স্থান আছে। মহাপুৰুষ শংকৰদেৱে ‘কীৰ্তন’ আৰু ‘ভাগৱত’ৰ বিভিন্ন অংশত শৰৎকালীন প্ৰকৃতিৰ সৌন্দৰ্যক অনন্য ৰূপত প্ৰকাশ কৰিছে। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, বিহগী কবি ৰঘুনাথ চৌধুৰী, নৱকান্ত বৰুৱা, পাৰ্বতীপ্ৰসাদ বৰুৱা আদি কবি-সাহিত্যিকৰ সৃষ্টিতো শৰৎৰ প্ৰকৃতি আৰু অনুভৱৰ বিভিন্ন ৰূপ প্ৰতিফলিত হৈছে।

অসমীয়া সাহিত্য আৰু সংগীতত শৰৎ এক সৃষ্টিশীল ঋতু। এই সময়ত প্ৰকৃতিৰ ৰূপ সলনি হোৱাৰ লগে লগে মানুহৰ মনোজগততো এক বিশেষ আলোড়নৰ সৃষ্টি হয়। শেৱালিৰ সুবাস, কঁহুৱাৰ শুভ্ৰ দোলা, নীলা আকাশ আৰু নিয়ৰৰ কোমল স্পৰ্শই মানুহৰ মনত জগাই তোলে স্মৃতি, প্ৰেম, আশা আৰু সৌন্দৰ্যবোধ। সেইবাবেই শৰৎক কেন্দ্ৰ কৰি ৰচিত সাহিত্য আৰু সংগীতত প্ৰকৃতিৰ দৃশ্যপটৰ লগতে মানুহৰ জীৱনবোধ আৰু অন্তৰ্জগতৰ কথাও গভীৰভাৱে প্ৰকাশ পায়।এই শাৰদীয় অনুভৱৰ সৈতে ড° ভূপেন হাজৰিকাৰ গীতৰো এক নিবিড় সম্পৰ্ক আছে। তেওঁৰ সৃষ্টিত প্ৰকৃতি, মানুহ আৰু সমাজৰ মাজৰ আন্তঃসম্পৰ্ক বিভিন্ন ৰূপত প্ৰকাশিত হৈছে। শৰৎৰ পৰিৱৰ্তিত ৰূপ, উৎসৱমুখৰ পৰিৱেশ আৰু মানুহৰ অন্তৰৰ অনুভূতিক তেওঁ নিজৰ সৃষ্টিশীল দৃষ্টিৰে উপলব্ধি কৰিছিল। সেয়ে তেওঁৰ গীতত প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজতো মানুহৰ আশা, বেদনা, মুক্তিৰ আকাংক্ষা আৰু জীৱনৰ প্ৰতি গভীৰ আস্থাৰ সুৰ শুনিবলৈ পোৱা যায়।

ভূপেন হাজৰিকাৰ ‘শৰতৰ শেৱালি’ গীতটিত শৰৎৰ এক কোমল আৰু স্নিগ্ধ ছবি অংকিত হৈছে। অসমৰ শাৰদীয় বতৰত সৰুৰে পৰা দেখি অহা চিনাকি প্ৰতীক—শেৱালি, নিয়ৰ, শুকুলা ডাৱৰ আৰু শৰালিজাক,গীতটোৰ মাজেৰে এক জীৱন্ত ৰূপ লাভ কৰিছে। গীতিকাৰে লিখিছে

“শৰতৰ শেৱালিৰ নতুন নিয়ৰে
শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে।
শুকুলা ডাৱৰে পতাকা উৰুৱাই
মুক্তিৰ গীত গায় শৰালিজাকে।”

এই পংক্তিকেইটাত শৰৎৰ প্ৰকৃতি যেন এখন সজীৱ চিত্ৰপট। শেৱালিৰ শুভ্ৰতা, নিয়ৰৰ কোমলতা আৰু আকাশত উৰি ফুৰা শৰালিজাকে শাৰদীয় পৰিৱেশক এক অনন্য সৌন্দৰ্য প্ৰদান কৰিছে। বিশেষকৈ ‘মুক্তিৰ গীত’ৰ ধাৰণাটোৱে গীতটোৰ প্ৰকৃতিচিত্ৰক এক গভীৰ মানসিক তাৎপৰ্য প্ৰদান কৰিছে। আকাশৰ বিশালতা আৰু শৰালিজাকৰ মুক্ত বিচৰণে মানুহৰ অন্তৰৰ মুক্তিৰ আকাংক্ষাৰ সৈতেও এক অন্তৰংগ সম্পৰ্ক স্থাপন কৰিছে।

গীতিকাৰৰ কল্পনাত শৰৎ প্ৰকৃতিৰ ৰূপান্তৰৰ সময়ৰ লগতে মানুহৰ অন্তৰত নতুন অনুভূতি আৰু মুক্তিৰ আকাংক্ষা জগাই তোলা এক ঋতু। প্ৰবল আশাবাদী গীতিকাৰগৰাকীয়ে সেই অনুভৱক গীতটোৰ শেষৰ ফালে এনেদৰে প্ৰকাশ কৰিছে—

“মুক্ত মুক্ত মই আকাশ দেখি
স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে লেখি
মুক্ত মুক্ত কঁহুৱাৰ নাচোনে
হহুৱায় নিৰাশাৰ ফাঁকে ফাঁকে।”

এই পংক্তিসমূহত মুক্ত আকাশ, ফুল আৰু কঁহুৱাৰ নাচোনৰ মাজেৰে জীৱনৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী প্ৰকাশ পাইছে। প্ৰকৃতিৰ মুকলি পৰিৱেশে মানুহৰ মনকো সংকীৰ্ণতা আৰু নিৰাশাৰ পৰা ওলাই আহি অধিক মুক্ত জীৱনৰ সন্ধান কৰিবলৈ প্ৰেৰণা দিয়ে।

‘শৰতৰ শেৱালি’ গীতটোত ভূপেন হাজৰিকাৰ আশাবাদী মানসিকতাৰ আন এটা গভীৰ প্ৰকাশ দেখা যায়

“শৰতৰ সৰাপাত কিয় বুটলিম
ৰিক্ত ৰিক্ত মন কিয় আদৰিম
বন্ধ বন্ধ সীমা কিমান সহিম?”

ইয়াত শৰৎৰ সৌন্দৰ্যৰ মাজেৰে মানুহৰ জীৱনৰ এক মৌলিক প্ৰশ্ন উত্থাপিত হৈছে। সৰাপাত, ৰিক্ততা আৰু বন্ধ সীমাৰ প্ৰতীকে মানসিক হতাশা আৰু সংকীৰ্ণতাৰ ইংগিত বহন কৰিছে। তাৰ বিপৰীতে শৰৎৰ মুকলি আকাশ আৰু প্ৰকৃতিৰ মুক্ত বিচৰণে মানুহক অধিক মুক্ত, সজীৱ আৰু আশাবাদী জীৱনৰ সন্ধান কৰিবলৈ উৎসাহিত কৰে।

শাৰদীয় প্ৰকৃতিক বুকুৰ আপোন চেনেহেৰে আকোৱালি লোৱা ভূপেন হাজৰিকাৰ গীতত নিয়ৰবিন্দুৰো এক বিশেষ তাৎপৰ্য আছে। তেওঁৰ কল্পনাত নিয়ৰৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ বিন্দু যেন জীৱনৰ দাপোন। সেই স্বচ্ছ বিন্দুৰ মাজত মানুহে নিজৰ সপোন, আশা আৰু অন্তৰৰ অনুভৱৰ প্ৰতিচ্ছবি বিচাৰি পাব পাৰে। ক্ষুদ্ৰ এটি বিন্দুৰ মাজতো অসীমতাৰ সন্ধান কৰিব পৰা এই দৃষ্টিভংগীয়ে তেওঁৰ প্ৰকৃতি-চেতনাৰ গভীৰতা প্ৰকাশ কৰে। প্ৰকৃতিৰ ক্ষুদ্ৰতম উপাদান এটিকো তেওঁ মানুহৰ জীৱনবোধৰ সৈতে সংযোগ কৰিছে।

ভূপেন হাজৰিকাৰ শৰৎ-চেতনাত অসমৰ প্ৰকৃতিৰ স্নিগ্ধতাৰ লগতে পশ্চিমৰ শীতপ্ৰধান দেশৰ শৰৎৰ এক বেলেগ ৰূপো ধৰা পৰে। এই পাৰ্থক্য বুজিবলৈ জাপানী হাইকুৰ এখন পৰিচিত শৰৎ-ছবি মনলৈ আহে—

“পচি যোৱা গছৰ
এটি ডাল,
এটা কাউৰী—
শৰত কাল।”

অতি কম শব্দৰ এই হাইকুটোত শৰৎৰ এখন গভীৰ, নিৰ্জন আৰু বিষণ্ণ ছবি অংকিত হৈছে। পচি যোৱা তৰুবৰৰ এটি ডালত পাত নাই, ফুল নাই; নিৰ্জনভাৱে বহি আছে এটি কাউৰী। পচিবলৈ ধৰা ডালটোৰ ওপৰত কাউৰীটোৰ ক’লা ৰং আৰু অধিক স্পষ্ট হৈ পৰিছে। চৌপাশৰ নীৰৱতা আৰু শূন্যতাই ছবিখনলৈ এক বিষাদঘন অনুভৱ কঢ়িয়াই আনে। ইয়াত শৰৎ ক্ষয়, নিঃসংগতা আৰু অনিত্যতাৰ এক নীৰৱ প্ৰতীকৰূপে উন্মোচিত হৈছে।এই ছবিখন পশ্চিমৰ শীতপ্ৰধান দেশসমূহৰ শৰৎ-ধাৰণাৰ সৈতেও কিছু পৰিমাণে সংগতিপূৰ্ণ। ড° ভূপেন হাজৰিকাই পশ্চিমৰ হিমভৰা দেশসমূহৰ শৰৎ সম্পৰ্কে আলোচনা কৰোঁতে ‘Fall’ শব্দটোৰ তাৎপৰ্যৰ কথাও উল্লেখ কৰিছে। ‘Fall’ৰ অৰ্থ পতন; গছৰ পাত সৰি পৰাৰ দৃশ্যৰ সৈতে যাৰ পোনপটীয়া সম্পৰ্ক আছে। শৰৎ আহিলে গছৰ সেউজীয়া পাত ক্ৰমে হালধীয়া, ৰঙচুৱা অথবা মুগা বৰণ ধৰি সৰি পৰে। প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ মাজেৰে শীতৰ আগমনৰ সংকেত স্পষ্ট হয়। ফলত পশ্চিমৰ শৰৎত ক্ষয়, পাতসৰা আৰু প্ৰকৃতিৰ ক্ৰমশঃ নিস্তেজ হৈ অহাৰ অনুভৱ প্ৰবল হৈ উঠে।

কিন্তু অসমৰ শৰৎৰ ৰূপ আৰু অনুভৱ কিছু বেলেগ। ড° ভূপেন হাজৰিকাৰ দৃষ্টিত আমাৰ দেশৰ শৰৎ যেন “মনৰ ৰতন”। শৰৎ আহিলে মানুহৰ মনত সঞ্চিত হৈ থকা আনন্দ, আশা আৰু সৌন্দৰ্যবোধে এক নতুন উত্থান লাভ কৰে। নিয়ৰৰ মুকুতা, শেৱালিৰ কোমল সুবাস, কঁহুৱাৰ শুভ্ৰ দোলা, নীলা আকাশ আৰু মৃদু ৰ’দে অসমৰ শৰৎক এক সজীৱ আৰু অনুভৱময় ৰূপ প্ৰদান কৰে। আমাৰ দেশতো শৰৎকালত গছ-বনৰ পাত শুকাই যায়, সৰি পৰে; তথাপি সেই পাতসৰাৰ মাজতো প্ৰকৃতিৰ বুকুত নতুন উল্লাসৰ সঞ্চাৰ হয়।এইখিনিতে ভূপেন হাজৰিকাৰ শৰৎ-দৃষ্টিৰ এক গুৰুত্বপূৰ্ণ দিশ স্পষ্ট হয়। পশ্চিমৰ শৰৎত যি ‘পতন’ৰ ছবি, অসমৰ শৰৎত তাৰ বিপৰীতে অনুভৱ কৰিব পাৰি ‘উত্থান’ৰ সুৰ। প্ৰকৃতিৰ বাহ্যিক পৰিৱৰ্তন একে হ’লেও মানুহৰ সাংস্কৃতিক অভিজ্ঞতা আৰু মানসিক ব্যাখ্যাই তাক পৃথক অৰ্থ প্ৰদান কৰে। সেয়ে শৰৎ ভূপেন হাজৰিকাৰ বাবে পাতসৰা ঋতুৰ পৰিচয়ৰ মাজতে আবদ্ধ থকা এটি ধাৰণা নহয়; ই মানুহৰ মনৰ ভিতৰত সুপ্ত হৈ থকা আশা, আনন্দ আৰু জীৱনবোধক জগাই তোলা এক সজীৱ ঋতু।তেওঁৰ শৰৎ-চেতনাৰ সৈতে শাৰদীয় উৎসৱৰ সম্পৰ্কও গভীৰ। শৰৎ আহিলেই অসমীয়া সমাজত উৎসৱৰ পৰিৱেশ গঢ় লৈ উঠে। দুৰ্গাপূজাৰ আগমনী সুৰ, মণ্ডপৰ ব্যস্ততা, ঢাকৰ ধ্বনি, প্ৰতিমাৰ শিল্পময় ৰূপ, নতুন বস্ত্ৰৰ আনন্দ আৰু আত্মীয়-স্বজনৰ মিলনে সামাজিক জীৱনক এক নতুন ছন্দ প্ৰদান কৰে। উৎসৱৰ বাহ্যিক আয়োজনৰ অন্তৰালত মানুহৰ মাজত গঢ় লৈ উঠে সম্প্ৰীতি, সহমৰ্মিতা আৰু একাত্মতাৰ অনুভৱ। ভূপেন হাজৰিকাৰ মানৱতাবাদী চিন্তাৰ সৈতে এই সামাজিক মিলনৰ গভীৰ সম্পৰ্ক আছে।

তেওঁৰ গীতত প্ৰকৃতি আৰু মানুহ পৃথক সত্তা হিচাপে দেখা নিদিয়ে। নিয়ৰৰ এটি বিন্দু যেন জীৱনৰ দাপোন, শৰৎৰ মুকলি আকাশ যেন অন্তৰৰ মুক্তিৰ প্ৰতীক আৰু শাৰদীয় উৎসৱ যেন সামাজিক সম্পৰ্কৰ উষ্ণতা পুনৰ অনুভৱ কৰাৰ এক উপলক্ষ। প্ৰকৃতিৰ ৰূপৰ মাজেৰে মানুহৰ অন্তৰ্জগতক পঢ়িবলৈ চেষ্টা কৰাটোৱেই ভূপেন হাজৰিকাৰ শৰৎ-চেতনাৰ অন্যতম বৈশিষ্ট্য।

জাপানী হাইকুৰ নিৰ্জন কাউৰী, পশ্চিমৰ পাতসৰা শৰৎ আৰু অসমৰ নিয়ৰ-শেৱালিৰ স্নিগ্ধ শৰৎ—এই ভিন্ন ছবিসমূহৰ মাজেৰে শৰৎৰ বহুমাত্ৰিক ৰূপ উপলব্ধি কৰিব পাৰি। ক’ৰবাত শৰৎ ক্ষয়ৰ প্ৰতীক, ক’ৰবাত বিষাদৰ; আকৌ অসমৰ মাটিত ই আনন্দ, সৌন্দৰ্য, আশা আৰু নতুন জীৱনবোধৰ বাহক। ড° ভূপেন হাজৰিকাই এই বৈচিত্ৰ্যক অনুভৱৰ গভীৰতাৰে গ্ৰহণ কৰি শৰৎক মানুহৰ জীৱনৰ সৈতে সংযোগ কৰিছে। সেয়ে তেওঁৰ সাহিত্য-সংগীতত শৰৎ প্ৰকৃতিৰ এখন ছবি হৈ ৰোৱাৰ সীমা অতিক্ৰম কৰি মানুহৰ মন, সমাজ, সংস্কৃতি আৰু জীৱন-দৰ্শনৰ এক সজীৱ প্ৰতিফলনলৈ ৰূপান্তৰিত হৈছে।

আমাৰ দেশৰ গছ-বনবোৰ ডালে ডালে ফুলি উঠা নানাৰঙী ফুলৰ ৰঙেৰে যিদৰে চৌদিশ ৰঙীন হৈ উঠে, সেয়া মূলত বসন্তকালৰ বৈশিষ্ট্য। সম্ভৱত সেই কাৰণেই Albart Camou এ কৈছিল—“Autumn is a second spring when every leaf is a flower.” অৰ্থাৎ, শৰৎকো তেওঁ এক দ্বিতীয় বসন্তৰ ৰূপত কল্পনা কৰিছে, য’ত প্ৰতিটো পাতেই যেন একো একোটা ফুলৰ সমতুল্য সৌন্দৰ্য বহন কৰে।

কলাৰত্ন ড° ভূপেন হাজৰিকাৰ দৃষ্টিত অসমৰ শৰৎকালৰ ৰূপ সুকীয়া। তেওঁৰ মতে, “আমাৰ দেশৰ শৰৎকালৰ ৰূপ সুকীয়া, আমাৰ মন শৰৎৰ সৰোবৰ স্তব্ধ। নিজৰাৰ বুকুৰ কোলাহল সদৃশ নহয়। সৰোবৰ বুকুত চিৰকাল নীলা আকাশৰ প্ৰতিচ্ছবি। পাতবেঙ এটাই সৰোবৰত জাঁপ মাৰিলেও ছন্দ শুনোঁ, কঁহুৱাৰ ফাঁকেৰে মলয়াই উমলিলেও সুৰ শুনোঁ।” এই কথাখিনিত অসমৰ শৰৎৰ বাহ্যিক সৌন্দৰ্যতকৈ মানুহৰ অন্তৰ্জগতৰ সৈতে তাৰ গভীৰ সম্পৰ্কটো প্ৰকাশ পাইছে। শৰৎ যেন এক শান্ত, স্বচ্ছ আৰু স্থিৰ সৰোবৰ—যাৰ বুকুত নীলা আকাশৰ প্ৰতিচ্ছবি নিৰৱে প্ৰতিফলিত হৈ থাকে।এই বাহ্যিক শান্তিৰ অন্তৰালত অসমৰ বাস্তৱ জীৱনৰ বহু ক্ষোভ, অভিমান, চিঞৰ আৰু দাহ সঞ্চিত হৈ আছে। সেইবোৰে অসমীয়া মানুহৰ জীৱনক ভিতৰৰ পৰা দগ্ধ কৰে। জীৱনৰ সেই পোৰণিয়ে যেন মানুহৰ সন্মুখত মেলি ধৰে এক শুকান অংক, একোটা নিমিলা হিচাপ। সেই পোৰণিৰ ওপৰত শীতল পৰশ বুলাই দিবলৈ যেন শৰৎৰ নিয়ৰবিন্দু আহে। অসমীয়াৰ চকুৰ পতা যদি জীৱনৰ দুখ-বেদনাৰ উত্তাপত চকুলোৰে উত্তপ্ত হৈ উঠে, নিয়ৰবিন্দুৱে তাৰ ওপৰত শীতলতাৰ পৰশ বুলাই মনলৈ প্ৰশান্তি কঢ়িয়াই আনে।

এইখিনিতে ভূপেন হাজৰিকাৰ শৰৎ-দৰ্শনৰ এক গভীৰ মানৱীয় দিশ উন্মোচিত হয়। শৰৎ তেওঁৰ বাবে বাহ্যিক প্ৰকৃতিৰ সৌন্দৰ্যৰ ঋতু হোৱাৰ লগতে মানুহৰ অন্তৰৰ উত্তাপ শাম পেলোৱা এক কোমল অনুভৱৰ ঋতু। নিয়ৰবিন্দু যেন মানুহৰ সংযত অনুভূতি আৰু মৰমী আত্মপ্ৰকাশৰ এক অপূৰ্ব প্ৰতীক। অতি ক্ষুদ্ৰ এটি নিয়ৰবিন্দুৰ মাজতো লুকাই থাকে গভীৰ অনুভৱৰ বিশালতা। সেয়ে নিয়ৰ ভূপেন হাজৰিকাৰ কল্পনাত কেৱল প্ৰকৃতিৰ উপাদান হৈ থকা নাই; ই মানুহৰ মনৰ নীৰৱ ভাষাৰ এক স্নিগ্ধ প্ৰকাশ।

শাৰদীয় প্ৰকৃতিৰ এই ৰূপ-গুণত মুগ্ধ ভূপেন হাজৰিকাৰ বাবে শৰৎ আছিল জীৱনক নতুনকৈ অনুভৱ কৰাৰ এক উপলক্ষ। ক্ষোভ, অভিমান আৰু দাহেৰে জৰ্জৰিত বাস্তৱ জীৱনৰ মাজলৈ শৰৎ আহে শান্তি, সহিষ্ণুতা আৰু কোমল অনুভৱৰ বাৰ্তা লৈ। সেইবাবেই শাৰদীয় প্ৰকৃতিৰ মহিমাত অভিভূত হৈ তেওঁ উপলব্ধি কৰিছিল—“শৰত কালৰ মহিমা অপাৰ।”

এইখিনিতে আন এটা কথা মন কৰিবলগীয়া যে ৰূপহী শাৰদীৰাণীৰ ৰূপ-লাবণ্যৰ বৰ্ণনাতেই ড° ভূপেন হাজৰিকাৰ দৃষ্টি সীমাবদ্ধ হৈ থকা নাছিল। তেওঁৰ গীত আৰু গদ্যত শৰৎকালক লৈ এক গভীৰ আৰু সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰ সন্ধান পোৱা যায়। শৰৎৰ ৰূপ-লাবণ্য সন্দৰ্ভত তেওঁ নিজেই প্ৰকাশ কৰিছে—“এয়া মাথোঁ আপোনাৰ-মোৰ, তেওঁ-সকলোৰে প্ৰাণত জাগি উঠা শাৰদীয় বতৰৰহে সাময়িক মাদকতা।”এই শাৰদীয় মাধুৰ্যৰ সৈতে অসমীয়া সমাজৰ ঐতিহ্য, ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক চেতনাও গভীৰভাৱে সংলগ্ন। শৰৎকাল আমাৰ বাবে ঐতিহ্যক স্মৰণ কৰাৰ সময়, ঐতিহ্যক উপলব্ধি কৰাৰ সময়। শ্ৰীমন্ত শংকৰদেৱৰ তিথি-পৰম্পৰা স্মৰণ কৰি তেওঁৰ আদৰ্শ আৰু সাংস্কৃতিক অৱদানক পুনৰ উপলব্ধি কৰাৰ সময়। একেদৰে মহিষমৰ্দিনী শ্ৰীদুৰ্গাৰ মহাশক্তিক বুজি শক্তি, সাহস আৰু ন্যায়ৰ চেতনাক অন্তৰত জাগ্ৰত কৰাৰো সময়। সেয়েহে শৰৎৰ উৎসৱমুখৰ পৰিৱেশৰ অন্তৰালত অসমীয়া সমাজৰ বহু পুৰণি সাংস্কৃতিক চিন্তা আৰু বিশ্বাসৰ ধাৰাবাহিকতা নিহিত হৈ আছে।

প্ৰকৃত অৰ্থত ক’বলৈ গ’লে বছৰৰ ছটা ঋতুৰ ভিতৰত শৰৎক শ্ৰেষ্ঠ ঋতু বুলি অভিহিত কৰাৰ অন্যতম কাৰণ এই সাংস্কৃতিক সমৃদ্ধি। শৰৎ ঋতুৱে ভাৰতীয় ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি গভীৰ সন্মানৰ অনুভৱ জগাই তোলে। সুদূৰ অতীতৰ পৰা উদযাপিত হৈ অহা বিভিন্ন ধৰ্মীয় আৰু সামাজিক উৎসৱৰ সমাহাৰে এই ঋতুক কৰি তোলে আনন্দময়, উজ্জীৱিত আৰু অনুভৱসমৃদ্ধ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱৰ পৰা আৰম্ভ কৰি গণেশ চতুৰ্থী , বিশ্বকৰ্মা পূজা,লক্ষ্মীপূজা, কালীপূজা, দীপাৱলী তথা ভগৱান শ্ৰীৰামৰ বিজয়োৎসৱলৈকে শৰৎকালৰ সৈতে ভাৰতীয় সমাজ-সংস্কৃতিৰ বহু আৱেগিক আৰু ঐতিহাসিক স্মৃতি সংলগ্ন হৈ আছে।ইয়াৰ মাজতে দুৰ্গোৎসৱৰ তাৎপৰ্য বিশেষভাৱে উল্লেখযোগ্য। ভূপেন হাজৰিকাৰ ভাষাৰে ক’বলৈ গ’লে, অসমৰ দুৰ্গোৎসৱ মূলতঃ এক শাৰদোৎসৱ। শৰৎকালত শক্তিৰূপিণী আই দুৰ্গাক আৰাধনা কৰা হয় বাবেই দেৱীৰ সৈতে ‘শাৰদা’ নামটোৰো এক সাংস্কৃতিক সম্পৰ্ক গঢ় লৈ উঠিছে। শাৰদীয় দুৰ্গোৎসৱ ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ পৰিসৰ অতিক্ৰম কৰি মানুহৰ আশা, সাহস, ন্যায়বোধ, সম্প্ৰীতি আৰু সামাজিক একতাৰ প্ৰতীক হিচাপে প্ৰতিভাত হয়।

ভাৰতীয় ধৰ্ম-সংস্কৃতিৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায়, হিন্দু ধৰ্ম কোনো এজন ব্যক্তি বিশেষৰ নেতৃত্ব বা নিয়ন্ত্ৰণত গঢ় লৈ উঠা একক প্ৰৱৰ্তিত ধৰ্মৰ ৰূপত বিকশিত হোৱা নাই। বহু যুগ ধৰি বিভিন্ন জনগোষ্ঠীৰ স্বাধীন চিন্তা, মনন, অভিজ্ঞতা আৰু সাধনাৰ সমন্বিত ফল হিচাপে ইয়াৰ শাস্ত্ৰ, দৰ্শন আৰু সাংস্কৃতিক পৰম্পৰাসমূহ বিকশিত হৈছে। এই ঐতিহ্যই ভাৰতীয় চিন্তা-চেতনাৰ বৈচিত্ৰ্য আৰু সমন্বয়ৰ এক দীঘলীয়া ইতিহাস বহন কৰিছে। বিভিন্ন সময়ৰ বিভিন্ন জনগোষ্ঠীৰ স্থানীয় অভিজ্ঞতা, বিশ্বাস, সাধনা আৰু সাংস্কৃতিক প্ৰয়াসে মিলি ভাৰতীয় সভ্যতাৰ বহুৰঙী পৰিচয় নিৰ্মাণ কৰিছে।

দুৰ্গাপূজাৰ অন্তৰ্নিহিত তাৎপৰ্যও এই বহল মানৱীয় চেতনাৰ সৈতে জড়িত। দুৰ্গা শক্তি, ন্যায় আৰু অসহায়ৰ সুৰক্ষাৰ এক প্ৰতীক। মহিষাসুৰমৰ্দিনীৰ ৰূপত দেৱীৰ বিজয়ক অন্যায়ৰ ওপৰত ন্যায়ৰ, অশুভৰ ওপৰত শুভৰ আৰু অন্ধকাৰৰ ওপৰত পোহৰৰ বিজয় হিচাপে ব্যাখ্যা কৰা হয়। এই প্ৰতীকী অৰ্থই দুৰ্গোৎসৱক যুগে যুগে নতুন প্ৰাসংগিকতা প্ৰদান কৰি আহিছে।সংগ্ৰামেৰে জৰ্জৰিত জীৱনতো শৰৎৰ হালধীয়া ৰ’দে মানুহৰ মনত আশাৰ সঞ্চাৰ কৰে। আগমনী সুৰ গাঁও-চহৰৰ আকাশ-বতাহ, সমৃদ্ধ নৈ, ৰাজপথ, এৰাবাট, অলিয়ে-গলিয়ে আৰু বজাৰৰ মাজেৰে প্ৰতিধ্বনিত হ’লে মানুহৰ অন্তৰত এক নতুন অনুভূতিৰ জন্ম হয়। সেই সুৰে মানুহক অতীতৰ স্মৃতিৰ সৈতে সংযোগ কৰে, বৰ্তমানৰ দুখ-বেদনা অতিক্ৰম কৰাৰ সাহস দিয়ে আৰু আগন্তুক দিনৰ প্ৰতি আশাবাদী কৰি তোলে। যেন শাৰদীয় আগমনী সুৰৰ মাজেৰে জীৱনক পুনৰ নতুনকৈ চোৱাৰ এক আহ্বান শুনা যায়।

ড° ভূপেন হাজৰিকাই তেওঁৰ এটা প্ৰবন্ধত শাৰদীয় উৎসৱৰ পৰিৱেশৰ বৰ্ণনা কৰি লিখিছে—“সেয়া কিহৰ ধ্বনি, অবিৰাম ঢং ঢং ঢং, পূজাৰ কাঁহৰ ঘণ্টাৰ ঢং ঢং ঢং, শ্লোকধ্বনিও লগতে। সৌৱা বনসংঘই কৰবাত বাট হেৰুৱায়। শেৱালি ফুলে।” এই শব্দময় শাৰদীয় পৰিৱেশত পূজাৰ উলাহ, ঘণ্টাধ্বনি, শ্লোকপাঠ আৰু শেৱালিৰ সুবাসে এক আধ্যাত্মিক আবেশ সৃষ্টি কৰে। ভূপেন হাজৰিকাৰ দৃষ্টিভংগী সেই উৎসৱমুখৰ দৃশ্যৰ বাহিৰলৈও বিস্তৃত। উৎসৱৰ আনন্দৰ মাজতো তেওঁ সাধাৰণ মানুহৰ জীৱনৰ কঠিন বাস্তৱক গভীৰভাৱে অনুভৱ কৰিছে।তেওঁৰ মনত প্ৰশ্ন জাগে—কাঁহৰ ঘণ্টাৰ অবিৰাম শব্দে লক্ষ লক্ষ সাধাৰণ মানুহৰ নোপোৱাৰ বেদনাৰ আৰ্তনাদক সঁচাকৈয়ে ঢাকি পেলাব পাৰিবনে? মাটিৰ পুতলাৰে আমাৰ জীৱন কিমান দূৰ আগুৱাই নিব পাৰিব? পূজাৰ বাহ্যিক আড়ম্বৰ, অতীতৰ গৌৰৱগাথা আৰু যুগ যুগ ধৰি উচ্চাৰিত মন্ত্ৰ-শ্লোকৰ মাজত মানুহৰ দৈনন্দিন দুখ, অভাৱ আৰু বঞ্চনাৰ প্ৰশ্নবোৰ অনুচ্চাৰিত হৈ ৰ’লে উৎসৱৰ প্ৰকৃত অৰ্থক নতুনকৈ ভাবি চোৱাৰ প্ৰয়োজন দেখা দিয়ে।

ভূপেন হাজৰিকাৰ এই দৃষ্টিত শাৰদীয় প্ৰকৃতিৰ কিছুমান উপাদান আকৌ সম্পূৰ্ণ নিৰ্ভেজাল। শৰৎকালৰ সেই কৌতুকলীয়া আকাশ, শুকুলা মেঘ, শেৱালি ফুল আৰু নিয়ৰৰ স্নিগ্ধতাত কোনো কৃত্ৰিমতা নাই। মানুহৰ উৎসৱ-পাৰ্বণৰ মাজতো কিছু অনুভৱ যুগে যুগে একে ৰূপত বৈ আহিছে। মাক-দেউতাকে ল’ৰা-ছোৱালীক মৰমেৰে নতুন কাপোৰ পিন্ধাই দিয়ে, মিঠাই কিনি দিয়ে, পূজাৰ আনন্দত তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰে। অভাৱৰ কঠিন বাস্তৱত কেতিয়াবা বজাৰৰ পৰা দুটা সৰু পুতলা বা বেলুন কিনি আনি সন্তানক আনন্দিত কৰাৰ পিছত মাক-বাপেকে আঁৰত গৈ নিৰৱে চকুলো টোকে। এই দৃশ্যত ভূপেন হাজৰিকাই উৎসৱৰ আন এটা সত্য বিচাৰি পাইছে—শিশুৰ আনন্দৰ আঁৰত অভিভাৱকৰ ত্যাগ আৰু অপূৰ্ণতাৰ বেদনা।

শাৰদীয় দুৰ্গোৎসৱৰ ঢাকৰ শব্দৰ প্ৰতিও ভূপেন হাজৰিকাৰ দৃষ্টি গভীৰ মানৱিক। দুৰ্গাপূজাৰ সময়ত ঢাক বজাই জীৱিকা নিৰ্বাহ কৰা ঢাকিসকলৰ জীৱনো অভাৱ-অনাটন আৰু শ্ৰমেৰে জৰ্জৰিত। তেওঁলোকৰ হাতৰ ঢাকত উৎসৱৰ উলাহ জাগে, কিন্তু সেই ঢাকৰ শব্দৰ আঁৰত বাজি থাকে তেওঁলোকৰ নিজৰ জীৱনৰ দুখৰ সুৰ। এই মানৱদৰদী শিল্পীগৰাকীয়ে এটা গীতত সেই বাস্তৱতাক তীব্ৰ ব্যংগ আৰু বেদনাৰে প্ৰকাশ কৰিছে—

“ঢাক ঢাক ঢাক ঢাক
ঢাকেই বজালি
লাখ লাখ তহঁত থাকিও একো নেপালি।
খাটি মখোৱা তহঁতবোৰক দোস্ত কৰি লৈ
কু-বুদ্ধিৰে দৈতবোৰে তেজ শুহি লয়।
যুগে যুগে ঠগ খায়ো নবুজা হলি,
লাখ লাখ তহঁত থাকিও একো নেপালি।”

এই পংক্তিসমূহৰ মাজেৰে উৎসৱৰ বাহ্যিক কোলাহল আৰু শ্ৰমজীৱী মানুহৰ নীৰৱ বেদনাৰ মাজৰ বৈপৰীত্য স্পষ্ট হৈ উঠে। ঢাকিৰ হাতত উৎসৱৰ তাল আছে, কিন্তু সেই তালৰ বিনিময়ত জীৱন সলনি কৰাৰ সামৰ্থ্য তেওঁলোকৰ হাতলৈ কিমানখিনি আহে—এই প্ৰশ্নটোৱেই গীতটোৰ অন্তৰ্নিহিত ব্যংগ। উৎসৱৰ আনন্দ সৃষ্টি কৰা মানুহজনেই যদি উৎসৱৰ পোহৰৰ বাহিৰত অভাৱ আৰু অনিশ্চয়তাৰ মাজত থাকিবলগীয়া হয়, তেন্তে সেই উৎসৱৰ সামাজিক তাৎপৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰাটো স্বাভাৱিক।

একেদৰে চাহ-বাগিচাৰ শ্ৰমজীৱী মানুহৰ জীৱনো ভূপেন হাজৰিকাৰ শৰৎ-চেতনাৰ পৰা আঁতৰি থকা নাই। দিনটোৰ কঠোৰ শ্ৰম, ঘাম আৰু অভাৱৰ মাজতো দুৰ্গাপূজাৰ সময়ত তেওঁলোকে ঝুমুৰ নৃত্যত আপোন-পাহৰা হৈ আনন্দত অংশগ্ৰহণ কৰে। সেই লোকজীৱনৰ উচ্ছ্বাসক সংগীতৰ ৰূপ দি ভূপেন হাজৰিকাই ঝুমুৰৰ সুৰত গাইছে—

“আশ্বিন মাসে দুৰ্গাপূজা
ঢাকেৰ কেমন গুড়গুঢ়ি
তাৰি মাঝে ঝিলমিল কৰে
মোৰ প্ৰাণেৰ সুন্দৰী।”

এই ঝুমুৰীয়া আনন্দৰ মাজত চাহ-বাগিচাৰ মানুহৰ জীৱন-সংগ্ৰামৰ মাজেৰে জন্ম লোৱা এক স্বতঃস্ফূৰ্ত সাংস্কৃতিক শক্তি দেখা যায়। দুখ-দুৰ্দশাৰ মাজতো মানুহে আনন্দ সৃষ্টি কৰিব পাৰে, গান গাব পাৰে, নৃত্য কৰিব পাৰে আৰু নিজৰ সাংস্কৃতিক পৰিচয়ক জীৱন্ত কৰি ৰাখিব পাৰে। ভূপেন হাজৰিকাৰ শিল্পীসত্তাই এই মানুহবোৰক উৎসৱৰ দৰ্শক হিচাপে দূৰত ৰখা নাই; তেওঁলোকক শাৰদীয় সংস্কৃতিৰ সক্ৰিয় স্ৰষ্টা হিচাপে দেখিছে।

সময়ৰ বৈজ্ঞানিক অগ্ৰগতিৰ লগে লগে আমি দেখিবলৈ পাওঁ যে অতীতৰ বহু সংস্কাৰ ক্ৰমে জৰাজীৰ্ণ হৈ পৰিছে আৰু সময়ৰ প্ৰয়োজনত সেইবোৰে নিজৰ প্ৰাসংগিকতা হেৰুৱাইছে। কিছুমান পুৰণি ধাৰণা, আচাৰ-অনুষ্ঠান আৰু সামাজিক বিশ্বাস আজি অতীতৰ অৱশেষৰ দৰে অনুভৱ হয়। অতীতৰ সমগ্ৰ চিন্তা আৰু ঐতিহ্যক অমূল্য বা পৰিত্যাজ্য বুলি গণ্য কৰাৰ যুক্তি ইয়াত বিচাৰি পোৱা নাযায়। সময়ৰ পৰিৱৰ্তনৰ মাজতো অতীতৰ বহু মূল্যৱান চিন্তা, মানৱীয় আদৰ্শ আৰু সাংস্কৃতিক অভিজ্ঞতাই বৰ্তমানক সমৃদ্ধ কৰাৰ লগতে ভৱিষ্যতৰ পথ নিৰ্দেশ কৰিব পাৰে।এই প্ৰসংগত ইংৰাজ কবি-চিন্তাবিদ ছেমুৱেল টেইলৰ কলৰিজৰ ঐতিহ্য সম্পৰ্কীয় দৃষ্টিভংগী বিশেষ তাৎপৰ্যপূৰ্ণ। তেওঁ এটা জাতিৰ জীৱনক সময়ৰ সাগৰত আগবাঢ়ি যোৱা এখন চলন্ত নাওৰ সৈতে তুলনা কৰিছে। সেই নাওখনৰ সুন্দৰ ঐতিহ্য যেন তাৰ সন্মুখৰ পোহৰ—যি আগবাঢ়ি যোৱাৰ পথ দেখুৱায়। অতীতক পিছফালে এৰি অহা বস্তু হিচাপে চোৱাৰ পৰিৱৰ্তে কলৰিজৰ চিন্তাত ঐতিহ্যই আগন্তুক পথৰ বাবে দিশা প্ৰদান কৰে। অতীতৰ সঞ্চিত অভিজ্ঞতা, জ্ঞান, মূল্যবোধ আৰু সাংস্কৃতিক চেতনাই বৰ্তমানক বুজিবলৈ আৰু ভৱিষ্যতৰ পথ নিৰ্মাণ কৰিবলৈ সহায় কৰে। সঠিকভাৱে গ্ৰহণ কৰিলে ঐতিহ্য অগ্ৰগতিৰ পথৰ এক শক্তিশালী আলোকস্তম্ভ হৈ উঠিব পাৰে।

ড° ভূপেন হাজৰিকাই ঐতিহ্য সম্পৰ্কে এক গভীৰ আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে—“ঐতিহ্যৰ সমগ্ৰখিনিকে উভালি পেলাব পাৰিলে এখন মৰুভূমিত নতুনকৈ সেউজ ৰোৱাৰ দৰে নিশ্চয় হ’ব; কিন্তু ই সমাজৰ সম্পূৰ্ণ বাস্তৱ বা যুক্তিপূৰ্ণ বোধ নহয়। এই কাৰণে যে আমাৰ সমাজত থকা ঐতিহ্যৰ কিছু শিপা এতিয়াও জাতিৰ প্ৰত্যেকৰে মন-পথাৰত বিৰাজ কৰি আছে। সেই সাৰুৱা মাটিত নতুন সংস্কৃতিৰ বীজ পেলালে মৰুভূমিত তেলোৱাৰ তুলনাত অধিক সোনকালে গজিব, ফুলিব, ফলিব।”এই বক্তব্যৰ মাজেৰে ভূপেন হাজৰিকাই ঐতিহ্য আৰু আধুনিকতাৰ মাজৰ সম্পৰ্কটোক এক সুন্দৰ উপমাৰে ব্যাখ্যা কৰিছে। তেওঁৰ দৃষ্টিত নতুন সংস্কৃতিৰ নিৰ্মাণৰ বাবে অতীতক সম্পূৰ্ণৰূপে উভালি পেলোৱাৰ প্ৰয়োজন নাই। অতীতৰ যিবোৰ মূল্যৱান শিপা মানুহৰ মনত, সমাজৰ স্মৃতিত আৰু সামূহিক চেতনাত এতিয়াও জীৱন্ত হৈ আছে, সেইবোৰক চিনাক্ত কৰি তাৰ ওপৰত নতুন চিন্তাৰ বীজ ৰোপণ কৰাটোহে অধিক ফলপ্ৰসূ পথ। অতীতৰ শিপাই নতুন সংস্কৃতিক পুষ্টি যোগাব পাৰে, যদিহে সেই শিপাৰ জীৱনশক্তিক সময়োপযোগী চিন্তাৰে গ্ৰহণ কৰা হয়।

তেওঁৰ মতে, ঐতিহ্য হৈছে অতীতৰ সঞ্চিত অভিজ্ঞতা, মূল্যবোধ আৰু সাংস্কৃতিক ৰসৰ এক সমৃদ্ধ ভঁৰাল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত ক’বলৈ গ’লে—“নতুন করইয়া লহ, আর বার চির পুরতন মোর।” পুৰণিৰ জীৱন্ত উপাদানসমূহক নতুন সময়ৰ প্ৰয়োজন অনুসৰি নতুন অৰ্থ আৰু ৰূপ প্ৰদান কৰাই সংস্কৃতিৰ স্বাভাৱিক বিকাশৰ পথ।

নতুন আৰু পুৰণিৰ মাজত সংঘাত দেখা দিয়াটো স্বাভাৱিক। কিন্তু সেই সংঘাতৰ অন্তৰালত থকা সম্পৰ্কটো বিশ্লেষণ কৰাটো অধিক গুৰুত্বপূৰ্ণ। আজি আমি ঐতিহ্যৰ কোনখিনি গ্ৰহণ কৰিম, কোনখিনি পৰিৱৰ্তন কৰিম আৰু কোনখিনি সময়ৰ সোঁতত এৰি আগবাঢ়িম—এই সিদ্ধান্ত আমাৰ সাংস্কৃতিক বোধ আৰু দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী ভাবনা, সাম্যবোধ, ভক্তি-সংস্কৃতি, কলা-চেতনা আৰু সামাজিক সম্প্ৰীতিৰ আদৰ্শৰ কোনবোৰ দিশক নতুন প্ৰজন্মৰ মাজত অধিক প্ৰাণৱন্ত কৰি তুলিব পাৰি, সেই প্ৰশ্নও এই আলোচনাৰ সৈতে জড়িত।

শাৰদীয় উৎসৱ আৰু অসমীয়া সাংস্কৃতিক পৰম্পৰাৰ ক্ষেত্ৰতো এই কথাষাৰ বিশেষভাৱে প্ৰযোজ্য। সময় সলনি হৈছে, সামাজিক জীৱন সলনি হৈছে, উৎসৱ উদযাপনৰ ধৰণতো নতুনত্ব আহিছে। তথাপি শাৰদীয় উৎসৱৰ সৈতে জড়িত সামূহিকতা, সৌহাৰ্দ্য, শিল্প-চেতনা, ভক্তি, মানৱীয় সম্পৰ্ক আৰু সাংস্কৃতিক স্মৃতিৰ দৰে মূল্যবোধসমূহ আজিও সমাজৰ বাবে তাৎপৰ্যপূৰ্ণ। ঐতিহ্যক অতীতৰ বন্ধ কক্ষত আবদ্ধ কৰি ৰখাৰ পৰিৱৰ্তে তাৰ জীৱন্ত মূল্যবোধসমূহক বৰ্তমানৰ সৈতে সংযোগ কৰি আগুৱাই নিয়াটোহে অধিক অৰ্থৱহ।ভূপেন হাজৰিকাৰ শৰৎ-চেতনাতো এই ঐতিহ্যবোধৰ এক সুন্দৰ প্ৰকাশ দেখা যায়। তেওঁৰ বাবে শাৰদীয় প্ৰকৃতি আৰু উৎসৱ অতীতৰ স্মৃতিৰ পুনৰাবৃত্তিৰ মাজত সীমিত হৈ নাথাকি বৰ্তমানৰ মানুহক নিজৰ সমাজ, সংস্কৃতি আৰু মানৱীয় শিপাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক সুযোগ হৈ উঠে। সেই সংযোগৰ পৰাই জন্ম ল’ব পাৰে নতুন চিন্তা, নতুন সৃষ্টিশীলতা আৰু ভৱিষ্যতৰ প্ৰতি অধিক সুস্থ দৃষ্টিভংগী। এই অৰ্থত ঐতিহ্য অতীতৰ পোহৰ হিচাপে ভৱিষ্যতৰ পথো আলোকিত কৰিব পাৰে।সংস্কৃতিক পৰিৱৰ্তনৰ প্ৰকৃত তাৎপৰ্য পুৰণিক ধ্বংস কৰি নতুনক জোৰকৈ প্ৰতিষ্ঠা কৰাতকৈ তাৰ অন্তৰ্নিহিত জীৱনশক্তিক চিনাক্ত কৰি নতুন সময়ৰ সৈতে সৃষ্টিশীল সংযোগ ঘটোৱাত নিহিত। কোনো শ্লোগানৰ উত্তেজনা বা তথাকথিত বৌদ্ধিক গৰামিৰ প্ৰদৰ্শনে সংস্কৃতিৰ গভীৰ পৰিৱৰ্তন সাধন কৰিব নোৱাৰে। সংস্কৃতিৰ গভীৰ পৰিৱৰ্তন আহে মানুহৰ জীৱন, চিন্তা, মূল্যবোধ আৰু সামাজিক অভিজ্ঞতাৰ ভিতৰৰ পৰা। ভূপেন হাজৰিকাৰ ঐতিহ্য-চিন্তাই সেই কথাই সোঁৱৰাই দিয়ে—শিপা মাটিত থাকিলেই গছৰ ডাল-পাত নতুন আকাশৰ সন্ধান কৰিব পাৰে।

সেয়েহে অন্তহীন আনন্দ-উলাহেৰে উদযাপিত শাৰদীয় দুৰ্গোৎসৱৰ অন্তৰালত ভূপেন হাজৰিকাই এক গভীৰ সামাজিক আকাংক্ষাৰ সন্ধান পাইছে। উৎসৱৰ ঢাক, কাঁহ, ঘণ্টা, আগমনী সুৰ আৰু ঝুমুৰৰ উচ্ছ্বাসৰ সৈতে সংযুক্ত হৈ আছে দুখী-দৰিদ্ৰ মানুহৰ জীৱন, শ্ৰমজীৱী সমাজৰ আশা আৰু এক সুন্দৰ সমাজ গঢ়াৰ আকাংক্ষা। তেওঁৰ বাবে উৎসৱৰ প্ৰকৃত সৌন্দৰ্য তেতিয়াহে পূৰ্ণতা লাভ কৰে, যেতিয়া তাৰ আনন্দ সমাজৰ সকলো স্তৰৰ মানুহৰ জীৱনলৈ বিস্তৃত হয়।

এইখিনিতে ভূপেন হাজৰিকাৰ শৰৎ-চেতনা এক গভীৰ মানৱতাবাদী ৰূপ লাভ কৰে। শেৱালিৰ সুবাস, নিয়ৰৰ স্নিগ্ধতা আৰু শুকুলা মেঘৰ সৌন্দৰ্যৰ লগতে তেওঁ শুনিছে দৰিদ্ৰ মানুহৰ নীৰৱ কান্দোন, ঢাকিৰ হাতৰ ক্লান্তি আৰু চাহ-বাগিচাৰ শ্ৰমজীৱী মানুহৰ জীৱন-সংগ্ৰাম। তেওঁৰ শাৰদীয় উৎসৱ পূজাৰ আড়ম্বৰ আৰু আনন্দৰ মাজত সীমাবদ্ধ থকা এক সাংস্কৃতিক অনুষ্ঠানৰ ছবি হৈ নাথাকি সমাজৰ সাংস্কৃতিক স্মৃতি আৰু জীৱনক নতুনকৈ চোৱাৰ এক দৃষ্টিভংগী। শেৱালিৰ শুভ্ৰতা, কঁহুৱাৰ দোলা, নিয়ৰৰ স্নিগ্ধতা, নীলা আকাশ আৰু শাৰদীয় উৎসৱৰ উলাহ—সকলো মিলি ভূপেন হাজৰিকাৰ সৃষ্টিত শৰৎ এক জীৱন্ত মানৱিক প্ৰতীকৰূপে উন্মোচিত হৈছে। সেইবাবেই তেওঁৰ কণ্ঠত উচ্চাৰিত “শৰত কালৰ মহিমা অপাৰ” বাক্যটো অসমৰ প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰশংসা অতিক্ৰম কৰি মানুহৰ জীৱন, সমাজ আৰু সংস্কৃতিৰ প্ৰতি এক গভীৰ আস্থাৰ প্ৰকাশলৈ পৰিণত হয়।