আজিৰে পৰা গুৱাহাটীত ২৪ ঘণ্টা বন্ধ থাকিব পেট্ৰ’ল পাম্প
ৰঙিলী বাৰ্ত্তাসেৱা- অইল মাৰ্কেটিং কোম্পানী (OMC)সমূহৰ স্বেচ্ছাচাৰী সিদ্ধান্ত আৰু নিষ্ক্রিয়তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব অসমৰ পেট্ৰ’ল পাম্প।নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যন (NEIPDA)-ৰ বৃহত্তৰ গুৱাহাটী গোটে ঘোষণা কৰা এই কাৰ্যসূচী আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে আৰু কাইলৈ অৰ্থাৎ ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈকে অব্যাহত থাকিব। এই বন্ধৰ প্ৰভাৱ গুৱাহাটী মহানগৰীৰ পেট্ৰ’ল পাম্পৰ লগতে জাগীৰোড, ৰঙিয়া আৰু বকোৰ পেট্ৰ’ল পাম্পসমূহলৈকে পৰিব। দাবীসমূহ পূৰণ নহ’লে অহা ২৪ নৱেম্বৰৰ পৰা অনির্দিষ্টকাললৈ পেট্র’ল ডিপো বন্ধ থাকিব বুলিও ঘোষণা কৰিছে এছ’চিয়েচনে। নর্থ-ইষ্ট ইণ্ডিয়া পেট্রালিয়াম ডীলাৰ্ছ এছ’চিয়েচনে অভিযোগ উত্থাপন কৰিছে যে তেল বিপণন কোম্পানীসমূহে কেৱল অনুমানভিত্তিক অভিযোগৰ ভিত্তিত মটৰ স্পিৰিট (MS) আৰু হাই-স্পীড ডিজেল (HSD) আদিকে ধৰি অত্যাৱশ্যকীয় পেট্ৰ’লিয়াম সামগ্ৰীৰ যোগান স্থগিত ৰখাৰ ভাবুকিৰে ডীলাৰসকলক শংকিত কৰি আহিছে। এছ’চিয়েচনে দাবী কৰা অনুসৰি, কোনোধৰণৰ প্ৰতিষ্ঠিত প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ অথবা ডীলাৰসকলক নিজৰ আত্মপক্ষ সমর্থনৰ সুযোগ নিদিয়াকৈয়ে এনেধৰণৰ ভাবুকি প্ৰদান কৰা হৈছে। তেল বিপণন কোম্পানীসমূহৰ এনে পদক্ষেপ লোৱাৰ কর্তৃত্বক লৈ প্রশ্ন উত্থাপন কৰি এছ’চিয়েচনে স্পষ্ট কৰি দিয়ে যে তেল বিপণন কোম্পানীসমূহ কোনো আইন প্রয়োগকাৰী সংস্থা নহয় আৰু তেওঁলোকে বিদ্যমান পেট্রালিয়াম আইন তথা সংবিধিবদ্ধ নিয়ম-নীতিৰ গণ্ডীৰ ভিতৰত থাকিহে কাম কৰিব লাগিব। অত্যাৱশ্যকীয় সামগ্রী আইনৰ অধীনত ‘পেট্র’লিয়াম প্রডাক্টছ (মেইনটেইনেঞ্চ অৱ প্রডাকচন, ষ্ট’ৰেজ এণ্ড ছাপ্পাই) অৰ্ডাৰ, ১৯৯৯’ৰ উদ্ধৃতি দি এছ’চিয়েচনে জোৰ দি কয় যে পেট্রালিয়াম ডীলাৰসকলৰ স্পষ্টভাৱে সংজ্ঞায়িত আইনী অধিকাৰ আৰু দায়িত্ব আছে। ইয়াৰ উপৰি তেওঁলোকে অভিযোগ কৰে যে অ’এমচি (OMC) সমূহে স্বেচ্ছাচাৰী নীতি অৱলম্বন কৰি আৰু প্ৰতিষ্ঠিত সংবিধিবদ্ধ প্রক্ৰিয়াক আওকাণ কৰি নিজৰ কর্তৃত্বৰ সীমা লংঘন কৰিছে। পেট্ৰ’লিয়াম ব্যৱসায় দৈনন্দিন জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে জড়িত বুলি উল্লেখ কৰি এছ’চিয়েচনে পেট্ৰ’লিয়াম ডীলাৰসকলৰ ক্ষোভ তথা সমস্যাসমূহ সমাধানৰ বাবে জৰুৰী হস্তক্ষেপৰ দাবী জনাইছে। এই প্ৰস্তাৱিত ২৪ ঘণ্টীয়া বন্ধৰ জৰিয়তে ডীলাৰসকলে অ’এমচিসমূহক তেওঁলোকৰ চিন্তা আৰু সমস্যাসমূহ দূৰ কৰিবলৈ আৰু পেট্ৰ’লিয়াম ডীলাৰসকলৰ প্ৰতি ন্যায়সংগত ব্যৱহাৰ নিশ্চিত কৰিবলৈ বাধ্য কৰিব বিচাৰিছে।
