পান কার্ড-ভোটাৰ আইডি ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ নহয়

পান কার্ড-ভোটাৰ আইডি ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ নহয়

ৰঙিলী বাৰ্ত্তাসেৱা- পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক বুলি প্ৰমাণ নহয়। নাগৰিকত্বৰ প্ৰমাণৰ বাবে এই নথি-পত্ৰসমূহৰ ভিত্তি হিচাপে থকা মূল তথ্য আৰু আনুষংগিক অভিলেখ প্রমাণিত নহ’লে সেইবোৰক ভাৰতীয় নাগৰিকত্বৰ প্ৰামাণিক দলিল হিচাপে গ্রহণ কৰিব নোৱাৰি। অর্থাৎ সংযোগী নথিপত্র অবিহনে কেৱল পান কার্ড বা ভোটাৰ কাৰ্ডেৰে ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰি। বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা কুলচান বেগম নামৰ এগৰাকী মহিলাৰ আবেদন নাকচ কৰি এই ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে স্পষ্টকৈ কয়, পেন কার্ড আৰু ভোটাৰ কাৰ্ড ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ নহয়। আয়কৰ বিভাগ আৰু ভাৰতৰ নিৰ্বাচন আয়োগে কোনো আনুষ্ঠানিক অনুসন্ধান অবিহনে ব্যক্তিৰ স্ব-আবেদনৰ ভিত্তিত এই নথি-পত্ৰসমূহ জাৰি কৰে। সেয়েহে, পেন কার্ড আৰু ভোটাৰ কাৰ্ডৰ সমৰ্থনত থকা সংশ্লিষ্ট অভিলেখসমূহ প্রমাণিত নোহোৱালৈকে এই প্রদর্শিত নথি-পত্ৰসমূহক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ হিচাপে গ্রহণ কৰিব নোৱাৰি। ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডক লৈ গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে কুলচান বেগম নামৰ মহিলা গৰাকী ২৫ মার্চ, ১৯৭১ৰ পিছত ভাৰতত প্ৰৱেশ কৰা বিদেশী বুলি ঘোষণা কৰি বিদেশী ন্যায়াধিকৰণে পূর্বে দিয়া ৰায়ৰ বিৰুদ্ধে তেওঁ দাখিল কৰা আবেদন খাৰিজ কৰে। উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে পর্যবেক্ষণ কৰে যে আবেদনকাৰীগৰাকীয়ে তেওঁ দাবী কৰা পিতৃ আৰু ককা-আইতাকৰ সৈতে নিজৰ সম্পৰ্কৰ কথা যুক্তিসংগত, নিৰ্ভৰযোগ্য আৰু গ্ৰহণযোগ্য তথ্য-প্রমাণেৰে প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হৈছে। তদুপৰি, নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬(ক) (২) ধাৰা অনুসৰি কুলচান বেগমে দাবী কৰা ধৰণে তেওঁৰ ককা-আইতাক আৰু পিতৃয়ে অসমত নিৰৱচ্ছিন্নভাৱে বাস কৰাৰ বিষয়টোও প্ৰমাণ কৰিব পৰা নাই। উল্লেখ্য যে আবেদনকাৰী কুলচান বেগমে দাবী কৰিছিল যে তেওঁৰ জন্ম ১৯৭৭ চনৰ ২৫ এপ্ৰিলত অসমত হৈছিল। নিজৰ নাগৰিকত্বৰ দাবীৰ সমর্থনত তেওঁ ১৯৬৬ আৰু ১৯৭০ চনৰ ভোটাৰ তালিকাত তেওঁৰ দাবীকৃত ককা-আইতাকৰ নাম থকাৰ তথ্য দাখিল কৰিছিল। ইয়াৰ উপৰি তেওঁৰ পিতৃৰ পেন কার্ড আৰু এপিক ভোটাৰ কাৰ্ড, নিজৰ ভোটাৰ পৰিচয়-পত্ৰ, ৰেচন কার্ড আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)ৰ আবেদন কৰাৰ স্বীকৃতিপত্রও আদালতত দাখিল কৰিছিল। আবেদনকাৰীগৰাকীৰ যুক্তি আছিল যে তেওঁৰ পিতৃ এগৰাকী ভাৰতীয় নাগৰিক। নির্বাচনী অভিলেখত তেওঁৰ পিতৃৰ নাম অন্তর্ভুক্ত আছিল আৰু তেওঁ লোকসভা তথা বিধানসভা নির্বাচনতো প্রতিদ্বন্দ্বিতা কৰিছিল। আনকি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচিত পাৰিষদ হিচাপেও কার্যনির্বাহ কৰিছিল। কিন্তু বিদেশী ন্যায়াধিকৰণে আবেদনকাৰীগৰাকীয়ে তেওঁৰ দাবীকৃত পিতৃৰ সৈতে প্রয়োজনীয় পাৰি বাৰিক সম্পৰ্ক তথা বংশগত সংযোগ প্রতিষ্ঠা কৰিব নোৱাৰাৰ ভিত্তিত তেওঁৰ দাবী নাকচ কৰিছিল। লগতে আবেদনকাৰী কুলচান বেগমক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত ভাৰতত প্ৰৱেশ কৰা ব্যক্তি হিচাপে ঘোষণা কৰিছিল। বিদেশী ন্যায়াধিকৰণৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কুলচান বেগম। উচ্চ ন্যায়ালয়ত আবেদনকাৰীগৰাকীয়ে যুক্তি দর্শাইছিল যে ন্যায়াধিকৰণে তেওঁৰ দাখিল কৰা নথি-পত্ৰসমূহ যথাযথভাৱে মূল্যায়ণ কৰা নাছিল। পূৰ্বৰ অধিবক্তাই দাখিল কৰা নথি-পত্ৰসমূহেই নাগৰিকত্ব প্ৰমাণৰ বাবে যথেষ্ট বুলি ভুল পৰামৰ্শ দিয়াৰ ফলত তেওঁ প্রয়োজনীয় অতিৰিক্ত সাক্ষী আৰু তথ্য-প্রমাণ দাখিল কৰিব নোৱাৰিলে বুলিও দাবী কৰে। উচ্চ ন্যায়ালয়ত কুলচান বেগমে এই বাৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যকে ধৰি অতিৰিক্ত সাক্ষী পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰি গোচৰটো পুনৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰি বলৈ (Remand) অনুৰোধ জনায়। ইয়াৰ বিপৰীতে পূৰ্বৰ অধিবক্তাৰ ভুল পৰামৰ্শৰ যুক্তি গ্রহণ নকৰিলে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ আদালতে। আদালতে পর্যবেক্ষণ কৰে যে বিদেশী ন্যায়াধিকৰণে আবেদনকাৰীগৰাকীক অতিৰিক্ত তথ্য-প্রমাণ দাখিলৰ বাবে একাধিক বাৰ সুযোগ প্রদান কৰিছিল। তথাপি তেওঁ সেই সুযোগৰ সদ্ব্যৱহাৰ কৰা নাছিল। সেয়েহে, পূৰ্বৰ অধি বক্তাৰ ভুল পৰামৰ্শৰ অভিযোগটো নিজৰ গোচৰৰ দুৰ্বলতাসমূহ ঢাকিবলৈ পিছত উত্থাপন কৰা এক অজুহাতহে বুলি আদালতে মত প্রকাশ কৰে। আনহাতে, পূৰ্বৰ অধিবক্তাৰ বিৰুদ্ধে পেছাগত অদক্ষতা বা অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰি আবেদনকাৰীগৰাকীয়ে সংশ্লিষ্ট বাৰ কাউঞ্চিলৰো কাষ চপা নাছিল বুলি আদালতে উল্লেখ কৰে। বিদেশী ন্যায়াধিকৰণে তেওঁক শুনানিৰ সুযোগ নিদিয়াকৈয়ে ৰায় প্ৰদান কৰা বুলি কৰা অভিযোগো নাকচ কৰে উচ্চ ন্যায়ালয়ে। আদালতে ন্যায়াধিকৰণৰ কাৰ্যবিৱৰণীৰ নথি পৰীক্ষা কৰি দেখে যে চূড়ান্ত মতামত ঘোষণা কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰাৰ পূৰ্বে দুয়োপক্ষৰ বক্তব্য শুনা হৈছিল। আবেদনকাৰীগৰাকীয়ে দাখিল কৰা তথ্য-প্রমাণ পৰীক্ষা কৰি উচ্চ ন্যায়ালয়ে কয় যে তেওঁৰ নিজৰ পেন কার্ড আৰু এপিক ভোটাৰ কার্ড-ৰ লগতে দাবীকৃত পিতৃৰ একে ধৰণৰ নথি-পত্ৰও ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ হিচাপে গ্রহণযোগ্য নহয়। আনুষ্ঠানিক অনুসন্ধান অবিহনে স্ব-আবেদনৰ ভিত্তিত জাৰি কৰা এনে নথি-পত্ৰৰ সমৰ্থনত থকা মূল অভিলেখসমূহ প্রমাণিত কৰাটো অত্যন্ত প্রয়োজনীয়। আদালতে লগতে পর্যবেক্ষণ কৰে যে আবেদনকাৰীগৰাকীয়ে দাখিল কৰা নথি-পত্ৰসমূহে তেওঁৰ দাবীকৃত পিতৃ-মাতৃৰ সৈতে থকা সম্পৰ্ক প্ৰতিষ্ঠা কৰিব পৰা নাই। ৱাৰ্ড সভাৰ প্ৰতিনিধিয়ে প্ৰদান কৰা প্ৰমাণ-পত্ৰখন ইয়াৰ প্ৰদানকাৰী ব্যক্তিৰ জৰিয়তে প্রমাণিত কৰা হোৱা নাছিল। একেদৰে, এন আৰ চি আবেদন কৰাৰ স্বীকৃতিপত্ৰৰ ক্ষেত্ৰতো মূল নথি দাখিল কৰা হোৱা নাছিল। এই সকলো দিশ বিবেচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদনকাৰীগৰাকীৰ লেখ আবেদন খাৰিজ কৰে আৰু বিদেশী ন্যায়াধিকৰণৰ পূৰ্বৰ মতামত বাহাল ৰাখে। ইয়াৰ লগতে ২০২২ চনত আবেদনকাৰীগৰাকীক প্ৰদান কৰা অন্তর্বর্তীকালীন জামিনৰ নিৰ্দেশো প্রত্যাহাৰ কৰি বাতিল কৰে ন্যায়ালয়ে।