কংগ্ৰেছ নেতাৰ যৌন শোষণৰ বলি হোৱা জেনীৰ কাষত মুখ্যমন্ত্ৰী

কংগ্ৰেছ নেতাৰ যৌন শোষণৰ বলি হোৱা জেনীক ন্যায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰাখণ্ডৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী হৰক সিং ৰাৱাটৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰা অসমৰ যুৱতী ইন্দিৰা দেউৰী ওৰফে জেনীক ন্যায় প্ৰদানৰ বাবে সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ন্যায়ৰ যুঁজত জেনীক সম্পূৰ্ণ দৃঢ়তাৰে সহায়ৰ আশ্বাস দিছে মুখ্যমন্ত্রীয়ে। উল্লেখ্য যে ১৬ বছৰ বয়সতে উত্তৰাখণ্ডত এটা পিচিঅ’ত কাম কৰি থকা অৱস্থাত জেনীক কংগ্ৰেছ নেতা হৰক সিং ৰাৱটৰ ওচৰলৈ লৈ গৈছিল এজন দলীয় কর্মীয়ে। পৰৱৰ্তী সময়ত উত্তৰাখণ্ডৰ ৰাজহ মন্ত্ৰী হিচাপে স্থান লাভ কৰা এইজন কংগ্ৰেছ নেতাৰ বাসগৃহত প্রায় তিনি মাহ ধৰি থকা জেনীক শাৰীৰিকভাৱে চলাইছিল নির্যাতন। ১৬ বছৰ বয়সতে হৰক সিং ৰাৱটৰ শোসনৰ বলি হৈ গৰ্ভৱতী হৈছিল জেনী। এনেদৰে গৰ্ভৱতী হোৱা যুৱতীগৰাকীক কংগ্ৰেছ নেতা ৰাৱটে মহিলা সুৰক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা বুলি কৈ মানসিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। এনেদৰে এটা পুত্ৰ সন্তানৰ জন্ম দিয়া জেনীয়ে তেওঁৰ সন্তানৰ পিতৃত্বৰ দাবী তুলিছিল যদিও ৰাজনৈতিক প্ৰভাৱ খটুৱাই জেনীৰ এই দাবী নস্যাৎ কৰাই নহয়, ডিএনএ টেষ্টো ভুৱা প্রমাণিত কৰিছিল ৰাৱটে। শেহতীয়াকৈ পুনৰ জেনীয়ে নিজ সন্তানৰ পিতৃত্বৰ দাবীৰে সৰৱ হৈ পৰিছে। অসমৰ জীয়ৰী জেনী ওৰফে ইন্দিৰা দেউৰীয়ে পুনৰবাৰ এনডিএ পৰীক্ষা আৰু নাৰ্ক’ টেষ্টৰ বাবেও প্রত্যাহ্বান জনাই সৰৱ হৈ পৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি জেনীয়ে ৰাৱটৰ বিৰুদ্ধে তেওঁ আগুৱাই নিব খোজা সংগ্ৰামৰ বাবে সহায় বিচাৰে।  মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, মঙলবাৰে তেওঁ জেনীক সাক্ষাৎ কৰিছিল। সাক্ষাতৰ পিছতে মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° শর্মাই লিখি কয় যে কালি মই অসমৰ বাসিন্দা জেনীক লগ কৰিলোঁ। উত্তৰাখণ্ডৰ হৰক সিং ৰাৱট নামৰ এজন ব্যক্তিয়ে তেওঁৰ সৈতে যি কৰিলে সেয়া অত্যন্ত ভুল আৰু গৰিহণাযোগ্য। তেওঁ যিধৰণৰ নিষ্ঠুৰতা সহ্য কৰিবলগীয়া হৈছে, তেনে কষ্ট কোনেও পাব নালাগে। ন্যায়ৰ এই যুঁজত মই দৃঢ়তাৰে তেওঁৰ কাষত থিয় দিছে। মুখ্যমন্ত্ৰীগৰাকীৰ এই বক্তব্যই উত্তৰাখণ্ডৰ ৰাজনৈতিক মহলত নতুন চৰ্চাৰ সৃষ্টি কৰাৰ লগতে অসমৰ এগৰাকী মহিলাৰ দীর্ঘদিনীয়া ন্যায়ৰ দাবীক ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চালৈ আনিছে।  উল্লেখ্য যে জেনীৰ ওপৰত হোৱা শাৰীৰিক নির্যাতন তথা বলাৎকাৰৰ ঘটনা সন্দর্ভত চিবিআয়ে তদন্ত চলাইছিল যদিও সেই তদন্ত আছিল সম্পূৰ্ণ ৰাৱটক উদ্ধাৰ কৰাৰ বাবেহে। চিবিআয়ে ঘটনা সন্দৰ্ভত এবাৰো জেনীক সোধা-পোছা কৰা নাছিল। শেহতীয়াকৈ এই সন্দর্ভত মুকলিকৈ সকলো কথা প্ৰকাশ কৰি জেনী দেউৰীয়ে তেওঁৰ ২৩ বছৰীয়া সন্তানৰ পিতৃত্বৰ পৰিচয় বিচাৰি আজি গুৱাহাটীত ২০০৩ চনৰ পৰা সংঘটিত ঘটনাৱলীৰ বিস্তৃত বর্ণনা কৰে সংবাদ মেলত। ইন্দিৰা দেউৰীৰ দাবী- তেওঁৰ পুত্ৰৰ আৰু হৰক সিং ৰাৱটৰ পুনৰ ডিএনএ টেষ্ট হ’ব লাগে। লক্ষণীয়ভাৱে উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত জেনীৰ এই অভিযোগে কংগ্ৰেছ শিবিৰত প্রচণ্ড আঘাত হনাই নহয়, থৰক-বৰক কৰি তুলিছে উত্তৰাখণ্ডৰ ৰাজনীতি।