সংগীত মন্থনত ড০ ভূপেন হাজৰিকা – জুনুকা পাঠক

pc India Today

সংগীত মন্থনত ড০ ভূপেন হাজৰিকা

জুনুকা পাঠক , বৰপেটা

পদ্মভূষণেৰে অলংকৃত  গীতি নক্ষত্ৰ ড০ ভূপেন হাজৰিকাৰ জীৱন শৈলীৰ কথা  এখুদ কথাৰে লিখাটো ইমান সহজ সাধ্য নহয়। অসম্ভৱ তেওঁক অধ্যয়ন কৰাটো। আগবঢ়াটো আমাৰ দৰে  ক্ষুদ্ৰ মানৱৰ দুঃসাহক, দুৰ্বোধ্য বুলিহে কম।  তেওঁ অমৃত সুধা , অমৃত সুৰ ঢালি জনতাৰ হৃদয় জিনিছিল। শাব্দিক মালিতাৰে বিস্তৃত অৰ্থৰ পৰিপূৰক নিজে এখন  সংস্কৃতিৰ  কাব্যগাঁঠাৰ বিশাল সংহিতা। য’ত আছে সমগ্ৰ অসমীয়া জাতি- জনজাতিৰ আত্মচেতনা,,,, পাহাৰ – ভৈয়ামৰ ঐতিহ্য পৰম্পৰাৰ মানচিত্ৰ,  শঙ্কৰ – মাধৱৰ  আধ্যাত্মিক  গুণ সত্বাৰে বহল চিন্তাপোষক , সমগ্ৰ চেতনা চিৰ জাগ্ৰত নিস্পেষিতা দুৰ্বল শোষিতৰ  বাবে  , সংস্কৃতিৰ বাবে,  অত্যাচাৰী শাসকৰ বিৰুদ্ধে, দুৰ্বল শ্ৰেণীৰ  ৰক্ষাৰ হেতুকে  বলিষ্ঠ কণ্ঠ , অবলা নাৰীৰ বস্ত্ৰহীন চেহেৰাৰ  মানৱীয় আৱৰণ ঢাকি দিয়াৰ  আমৰণ প্ৰচেষ্টা, নদ- নদীৰ দুৰন্ত শ্ৰোতক   বৈপ্লৱিক প্ৰশ্নৰে বহ্নিমান জলৰাশিৰ বুকু কপাই দিছিল। খেতিয়কৰ নাঙলৰ সীৰলুত তেওঁৰ গীতে বিচাৰি পাইছিল শইচৰ সোণোৱালী ভবিষ্যত,   ভৰপূৰ পথাৰৰ বৰ্ণিত  গীত ।আনকি গানৰ পিয়লাত প্ৰণয় মদিৰাৰ  ৰস পাণ কৰি বিৰহী  সহস্ৰজন দেৱদাসে কলিজা শাঁত পেলাইছিল , আতুৰ জনক এমুঠি অন্নৰ কাৰণে তেওঁৰ কণ্ঠই নিগৰাইছে সহায়ৰ বুনিয়াদ। সেয়াই নে , প্ৰগতিশীল সমাজৰ তেওঁ আছিল প্ৰকৃতাৰ্থত  পথপ্ৰদৰ্শক। তেওঁ ধনেৰে সহায়  আগবঢ়াইছিল। তেওঁ গীতিকবি , কণ্ঠত অহৰহ   পোখা মেলে  হিমালয়ৰ  কঠিন শব্দ  মালিতাৰ বল্লী ।   শব্দবোৰে আত্মাৰ কথা কয় , মূক্তিকামী জগতৰ  শব্দৰ গুঞ্জণত সুৰ বিন্যাস লগাই।     অকাই, পকাই , বগুৱাই বাই  সুৰ-ৰসৰ মাধুৰী , গীতৰ সভাত  হেজাৰ জনতাৰ বুকুত  শিপাইছিল অভিন্ন সাগৰ— সংগীত মন্থনৰ গভীৰ সাগৰত  সাতুৰী হৃদয় জুৰ পেলাইছিল  গীতৰ  শ্ৰোতাই—-

মোৰ গীতৰ হেজাৰ শ্ৰোতা , তোমাক নমস্কাৰ,,,,,

সেয়ে সুধাকণ্ঠৰ গীতৰ সভাত শ্ৰোতাৰ বাবে  জনাইছিল  নমস্কাৰ ।  মুক্তিকামী কণ্ঠৰে প্ৰকাশ কৰিছে বিশ্বৰ অলিখিত কিংবদন্তীৰ  গুপুত অধ্যায়।——

জিন্দাবাদ মেণ্ডেলা ,মেণ্ডেলা ,,,,,,, বৰ্ণবাদৰ বিৰুদ্ধে যুঁজ দিয়া নেলছন মেণ্ডেলাৰ  প্ৰতি শ্ৰদ্ধাৰে গোৱা প্ৰতিবাদী গীত  সুৰজগতত  সুধাকণ্ঠৰ এটা  উল্লেখযোগ্য বৈপ্লৱী গীত । বৰ্ণবৈষম্য দৰদ তেওঁৰ   গীতত ।

মানুহে মানুহৰ বাবে,,
যদিহে অকণো নাভাৱে
অকণি সহানুভূতিৰে ভাৱিব
কোনেনো কোৱা,,,,

  মানৱীয় প্ৰমূল্যবোধৰ গীতটিত আছে যুৱপ্ৰজন্মৰ আদৰ্শৰ গতিপথৰ  প্ৰধান শক্তি ।

সংগীতৰ  ভাণ্ডাৰ বুকুত কঢ়িয়াই দেশ-বিদেশ  ভ্ৰমি, মানৱতাৰ  জয়গান, সংস্কৃতি বিনিময়ৰ সুবিশাল  আকৰ   গঢ়িছে। তথাপিও কাব্য-সংহিতাৰ  শ্ৰেষ্ঠ নায়ক হৈয়ো তেওঁ  যেন অকলশৰীয়া — আচলতে  একক যাত্ৰা তেওঁৰ সাধনাৰ সৃষ্টি পথৰ অবিনাশী  ফল । সংসাৰিক  জীৱনত  তেওঁ বন্দীত্ব বিচৰা নাছিল, তথাপিও আছিল দুৰন্ত প্ৰেমীক, পত্নী প্ৰিয়ম্বদা পেটেলৰ বিচ্ছেদ সহিব নোৱাৰি গাইছিল—-

মই যেতিয়া এই জীৱনৰ  ,
মায়া এৰি গুচি যাম
আশা কৰো মই চিতাৰ কাষত
মই পাম,,,

ঠিক তেনেদৰে চিলংৰ বিচ্ছেদিত প্ৰেয়সীক অন্তৰৰ একোণত সাঁচি ৰাখিছিল তেওঁৰ ভাল পোৱা—-

তোমাৰ দেখো নাম পত্ৰলেখা
পত্ৰ তুমি নিলিখা হ’লা
হয়টো মোৰ পূৰণা ঠিকনা
তোমাৰ মনত নাই,,,

প্ৰিয়জনৰ প্ৰতি অপৰিসীম ভালপোৱাই, দূৰ্দান্ত প্ৰেমীক সুধা কণ্ঠক  বৃদ্ধ হ’বলৈ দিয়া নাছিল।

স্বইচ্ছাই যাযাবৰী জীৱন লৈ তেওঁ ঘুৰিছে দিহিঙে- দিপাঙে। জাতি- জনগোষ্ঠীৰ সংস্কৃতিৰ বৰ পেৰা খুলি  বিশ্বসভাত পাঠ কৰিছে— তেওঁ নিজক “নিজতে” আৱদ্ধ কৰি নাৰাখে। সেয়ে গাইছে—–

মই এটি যাযাবৰ
মই এটি যাযাবৰ
ধৰাৰ দিহিঙে- দিপাঙে লৱৰো
নিবিচাৰি নিজা ঘৰ

মই লুইতৰ পৰা মিছিছিপি হৈ ভল্গাৰ ৰূপ চালো
অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ল’লো

তেওঁৰ কীৰ্তিৰ অভিজ্ঞানত  টোকৰ এটা মাৰিবলৈ সাহস নাই। টোকৰটো দুৰৰ কথা স্পৰ্শ কৰিবব বাবে লাগিব জ্ঞানৰ সাধনা। মহান শিল্পীজনাই আমাৰ দৰে সাধাৰণ শ্ৰোতাক গীতৰ  যাদুৰে মোহাছন্ন কৰি ৰাখিছে । তেওঁৰ গীতৰে সাৰ পাও, তেওঁৰ গীতে শৰতৰ সুষমা আনে  আৰু জীয়াই থকাৰ নতুন উৎসাহ।

প্ৰকৃতিৰ মাদকতাপূৰ্ণ  শৰতৰ  প্ৰাকক্ষণত  ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত পৃথিৱীলৈ  আহিছিল  ভূপেন  হাজৰিকা।  পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তি প্ৰিয়া হাজৰিকাৰ বৰপুত্ৰ ভূপেন নয়নৰ মণি আছিল। কালক্ৰমত চকুৰ মণি  ভূপেন , প্ৰকৃতিৰ ৰাণী শৰতৰ   দিপলীপ চেহেৰা আৰু   শীতল বতাহে কপাই দিয়া কঁহুৱা বনৰ প্ৰেমত বলীয়া হৈ    শাৰদীয়  শুভ্ৰ কাননত নিজক এৰি আত্মবিভোৰ  হৈছিল —-

আ আ আ আ…..
কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি,,,,

পুৱতি নিশাৰ সপোন দেখি
দেখিও নেদেখিলো সেই ক্ষণটি,–

ভূপেন  হাজৰিকাই  শৰতক পুৱতি নিশাৰ  সপোনৰ লগত তুলনা কৰিছিল।  গীতটিৰ ভাবাৰ্থ  আৰু চন্দ্ৰ কুমাৰ আগৰৱালাৰ “মাধুৰী” কবিতাৰ  পংক্তিৰ অৰ্ধ প্ৰস্ফুটিত সৌন্দৰ্যৰ কৰবাত যে কৰ্ষন খাইছে।

ফুটোঁ নে নুফুটোঁকৈ কুমলীয়া কলিটি,
ওঁঠৰ লাজেৰে ৰৈ মিচিকিয়া হাঁহিটি ।

দুয়োগৰাকীৰ গীত- কবিতাৰ অনুভৱৰ  সামঞ্জস্যত পাওঁ আধা মেলখোৱাত সৌন্দৰ্য্যৰ প্ৰকাশ অপাৰ।

তেওঁ যেন  প্ৰেয়সীৰ লগত  বিতাৰিত যক্ষৰূপী কালিদাস ।

মই এক যক্ষ মহানগৰীৰ
মিছলীয়া মৰমত কাৰাৰুদ্ধ

যক্ষৰূপী হাজৰিকাই  শাৰদীয় শুভ্ৰ ডাৱৰৰ টুকুৰাত পত্ৰ লেখি বুকুয়ে বিচৰা প্ৰেয়সীলৈ মনৰ বতৰা পঠিয়ায়——

মাদকতা সানি আজি লিখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়

তেওঁ প্ৰকৃতি প্ৰেমী, যলৈ দৃষ্টি যায় তাত দেখা পায়  ,  সকলোতে শৰত,  ডাল ভৰি ভৰি শৰতৰ নিয়ৰ  সন্ধিয়াৰ মহানগৰীত। ঢিমিক- ঢিমাক বিজুলি তাৰত উলমি নিয়ৰে  যেন  কথা পাতিছে ।  জোনাকৰ মুঠি মুঠি পোহৰ বিচ্ছুৰিত পথটো , প্ৰেয়সীৰ কাষলে যাবৰ  বাবেই যেন ৰূপালীৰে  উজ্বীৱিত। জোনাকৰ মুষলধাৰত প্ৰেমৰ অনুৰাগ। ধোৱাই দিয়ে  ৰাতিৰ শিতান।

আনফালে আকৌ নিস্তব্ধ ৰাতি জোনাকৰ সণ্ঢালনীত  মেঘবোৰৰ কোবাকোবিত, গীতিকবি ড০- ভূপেন হাজৰিকাৰ  শৰতৰ সৰা পাত বুটলাৰ হাবিয়াস নাই।   নীলা স্বচ্ছ আকাশত মেঘৰ শুভ্ৰ পতাকাৰ ছৱি  আৰু শেৱালীৰ যৌৱনাত    বন্ধ মোহৰ পৰা মুক্ত মুক্ত হোৱা মন, বাট লৈছিল শীতল বতাহৰ সতে —-
মনটো ইচাট- বিচাট , লিখি যায় আৰু এটা শাৰদীয় সুবাসৰ আবেদনময়ী উৎসৱৰ মেলা—

শৰতৰ শেৱালী নতুন নিয়ৰে
শুভ্ৰ শুভ্ৰ কিবা ছৱি আকে

 – পতাকা যেন লগা নিয়ৰে কি জানো ছৱি আকে ? হাজাৰ প্ৰশ্নত আৰু লিখে,,

শুকুলা ডাৱৰৰ পতাকা উৰুৱাই
মুকুতিৰ গীত গায় শৰালী জাকে

তেওঁৰ  দৃষ্টিত মেঘবোৰ শুকুলা পতাকাৰ দৰে আকাশত উৰিছে ; তাতে উৰি শৰালী জাকেও মুকুতিৰ গীত গালে,,,

নিয়ৰ বিন্দু হ’ল জীৱন দাপোন
তাতে দেখো মই আশাৰ সপোন,,

এৰা, তেওঁনো  কি নাভাৱে,   অণু অণু নিয়ৰৰ বিন্দুয়ে সৃষ্টি কৰা   বিশাল জলত   তেওঁ দেখে  আশাৰ সপোন ,

ক্ষুদ্ৰতে বিশালক যদি বিচৰা
দেখিবা বিন্দুতে সেন্দুৰ আকে

তেওঁ আশাবাদী , সৰু সৰু সপোনতে সুখ বিচাৰিব  পাৰি ।

শৰতৰ শেৱালী,,,,,,

শৰতৰ সৰাপাত কিয় বুটলিম
ৰিক্ত ৰিক্ত মন কিয় আদৰিম

সৰাপাত বুটলি তেওঁ   বেদনা ৰিক্ত নহয়–

বন্ধ বন্ধ সীমা কিমান সহিম
মুগ্ধ মুগ্ধ মই আকাশ দেখিম–

তেওঁ ৰুদ্ধ বেদনা বুকুত সাৱতি নাৰাখি জোনাকত মেলি দিছে হেপাহৰ ডিঙৰা । মুক্ত বিশাল আকাশৰ  ফালে মুগ্ধ হৈ চাইছে— তাতেই বিচাৰি পাইছে সুষমা জীৱনৰ প্ৰকৃত আনন্দ। স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে লিখিম

মুক্ত মুক্ত কঁহুৱাৰ নাচোনে,,,,,,

মুঠতে মুক্ত মনেৰে  শৰতৰ কঁহুৱাৰ নাচোনত মুগ্ধ  তেওঁ।

তেওঁৰ অমৰ গান শৰতৰ বুকুত ৰৈ গ’ল। প্ৰতি শৰতত শুনো সুধাকণ্ঠৰ  গীত ।   প্ৰাণভৰি ভালপোৱা শৰততে ২০১১ চনৰ ৫ নৱেম্বৰত আমাৰ মাজৰ পৰা তেওঁৰ চিৰ বিদায় হ’ল।  হেৰুৱাইও হেৰুৱাব খোজা নাই। তেওঁৰ গানে আনে হৃদয়ত স্পন্দন। কপা হৃদয়ত লৈ ফুৰিছো ভূপেন হাজৰিকা বিহীন দিন। তথাপিও তেওঁৰ সংস্কৃতিয়ে আমাৰ অসমক সুৰৰ সাম্ৰাজ্য সাজি ধন্য কৰিছে। তেওঁৰ মৃত্যুত সংগীত জগত  ঘোৰ অন্ধকাৰ হ’লেও  সুৰৰ অমৃতে জনগণক জীয়াই ৰাখিছে।