নৈতিকতাৰ অৱলোকন
প্ৰদীপ দাস
তিতাবৰ, যোৰহাট
মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ ইতিহাস কেৱল বিজ্ঞান, প্ৰযুক্তি বা ভৌতিক প্ৰগতিৰ ইতিহাস নহয়, বৰঞ্চ ই মানুহৰ অন্তৰ্নিহিত চেতনা আৰু মূল্যবোধৰো এক দীঘলীয়া যাত্ৰা। এই যাত্ৰাপথত মানুহক বন্য প্ৰণীতকৈ পৃথক কৰি এক সুসভ্য সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ‘নৈতিকতা’ই। নৈতিকতা হৈছে মানৱ জীৱনৰ সেই অন্তৰ্নিহিত কম্পাছ (Compass) যিয়ে ব্যক্তিক শুদ্ধ আৰু অশুদ্ধ, ন্যায় আৰু অন্যায়ৰ মাজৰ প্ৰভেদ দেখুৱাই দিয়ে। সাধাৰণ অৰ্থত যি নীতি বা নিয়মৰ দ্বাৰা মানুহৰ চৰিত্ৰ আৰু আচৰণ পৰিচালিত হয়, তাকেই নৈতিকতা (Morality) বুলিব পাৰি। ই কোনো লিখিত আইন নহয়, যিখন অমান্য কৰিলে ন্যায়ালয়ে সততে শাস্তি দিব পাৰে। ই হৈছে সমাজ আৰু ব্যক্তিৰ বিবেকৰ দ্বাৰা নিৰ্ধাৰিত এক অলিখিত নিয়মাৱলী। নৈতিকতাৰ মূল ভিত্তি হ’ল— সততা, সত্যবাদিতা, দয়া, ক্ষমা, সহানুভূতি, ন্যায়পৰায়ণতা আৰু দায়িত্ববোধ। ই মানুহৰ মনত একোটা কাম কৰাৰ পূৰ্বে “মই এইটো কৰা উচিতনে অনুচিত?”— এই প্ৰশ্নৰ উদয় কৰে। যেতিয়া এজন ব্যক্তিয়ে নিজৰ স্বাৰ্থতকৈ সমাজ বা আনৰ মংগলক অগ্ৰাধিকাৰ দিয়ে, তেতিয়াই তেওঁৰ মাজত নৈতিকতাৰ প্ৰকাশ ঘটে বুলি ক’ব পৰা যায়।
মানৱ সমাজত নৈতিকতাৰ ধাৰণাটো এদিনতে গঢ়ি উঠা নাই। ইয়াৰ আঁৰত শতিকা জোৰা ক্ৰমবিকাশৰ ইতিহাস আছে। পৃথিৱীৰ প্ৰতিটো ধৰ্মই নৈতিকতাক আটাইতকৈ বেছি গুৰুত্ব দিয়া দেখা যায়। হিন্দু ধৰ্মৰ বেদ-উপনিষদ-গীতা, ইছলাম ধৰ্মৰ কোৰান, খ্ৰীষ্টান ধৰ্মৰ বাইবেল বা বৌদ্ধ আৰু জৈন ধৰ্মৰ অহিংসাৰ বাণী— এই সকলোবোৰত মানুহক সজ পথেৰে চলিবলৈ আৰু সমাজৰ মংগলৰ অৰ্থে কাৰ্য কৰিবলৈ উপদেশ দিয়া হৈছে। অন্যহাতে যুগ যুগ ধৰি সমাজত চলি অহা কিছুমান নীতি-নিয়ম, লোক-সংস্কৃতি আৰু সামাজিক ৰীতি-নীতিয়ে মানুহৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে। ডাঙৰক সন্মান কৰা, অতিথি পৰায়ণতা আদি ইয়াৰ সুন্দৰ উদাহৰণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাত্মা গান্ধী, ছক্ৰেটিছ, গৌতম বুদ্ধ, মাদাৰ টেৰেছা আদি মহান ব্যক্তিসকলৰ জীৱন দৰ্শন আৰু ত্যাগে সমাজত নৈতিকতাৰ একো একোটা নতুন মাপকাঠী নিৰ্ধাৰণ কৰি থৈ গৈছে।
মহাত্মা গান্ধীৰ জীৱন দৰ্শন আছিল নৈতিকতাৰ এক উৎকৃষ্ট উদাহৰণ। তেওঁ সাতটা সামাজিক নীতিৰ (Seven Social Sins) কথা উল্লেখ কৰিছিল, যাৰ ভিতৰত আছিল— “চৰিত্ৰ অবিহনে জ্ঞান” আৰু “নৈতিকতা অবিহনে বাণিজ্য”। বৰ্তমান সমাজত এই বাণীসমূহ অতি প্ৰাসংগিক। ফৰাচী দাৰ্শনিক ৰুছোৰ মতে— মানুহৰ অন্তৰাত্মা বা বিবেকেই হৈছে নৈতিকতাৰ আটাইতকৈ ডাঙৰ উৎস। বাহ্যিক কোনো চাপ নোহোৱাকৈও মানুহৰ বিবেকেই তেওঁক ভাল কাম কৰিবলৈ প্ৰেৰণা যোগায়।
ব্যৱহাৰিক দিশৰ পৰা নৈতিকতাক মূলতঃ দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি— ব্যক্তিগত নৈতিকতা আৰু সামাজিক নৈতিকতা। ব্যক্তিগত নৈতিকতা (Personal Morality) এজন ব্যক্তিৰ নিজৰ চিন্তা, ধাৰণা আৰু চৰিত্ৰৰ সৈতে জড়িত। যেনে— নিজৰ কামৰ প্ৰতি সততা বজাই ৰখা, জীৱ-জন্তুৰ প্ৰতি দয়াশীল হোৱা, লোভ বা ক্ৰোধ সম্বৰণ কৰা ইত্যাদি। ব্যক্তিগত নৈতিকতা শক্তিশালী হ’লেহে এজন ব্যক্তি আদৰ্শ মানুহ হিচাপে গঢ়ি উঠে। সামাজিক নৈতিকতাই (Social Morality) মানুহক সমাজৰ এক অংশ হিচাপে আন মানুহৰ প্ৰতি থকা কৰ্তব্য আৰু আচৰণক প্রতিপন্ন কৰে। ইয়াত সমাজৰ নিয়ম-কানুন মানি চলা, দুৰ্বলক সহায় কৰা, সামূহিক স্বাৰ্থৰ বাবে কাম কৰা আদি অন্তৰ্ভুক্ত হৈ থাকে। ইয়াৰোপৰি বৰ্তমান সময়ত এই দুয়োটাৰ উপৰিও পেছাদাৰী নৈতিকতা (Professional Ethics) ৰ গুৰুত্ব বাঢ়ি গৈছে। যেনে— চিকিৎসকৰ বাবে ৰোগীৰ সেৱা কৰা, শিক্ষকৰ বাবে ছাত্ৰ-ছাত্ৰীক শুদ্ধ পথ দেখুওৱা বা সাংবাদিকৰ বাবে নিৰপেক্ষভাৱে সত্য প্ৰকাশ কৰা ইত্যাদি তেওঁলোকৰ পেছাদাৰী নৈতিক দায়িত্ব।
এটা ঘৰ সুন্দৰকৈ টিকি থাকিবলৈ যেনেকৈ ঘাইখুটাকেইটা মজবুত হোৱাৰ প্ৰয়োজন, তেনেকৈ এখন সমাজ বা ৰাষ্ট্ৰ সুস্থভাৱে পৰিচালিত হ’বলৈ ব্যক্তিৰ নৈতিকতাৰ প্ৰয়োজন। অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰশাসন বা আইনৰ ভয়ে মানুহক বাহ্যিকভাৱে অপৰাধ কৰাৰ পৰা বিৰত ৰাখিব পাৰে, কিন্তু এজন মানুহৰ মনৰ ভিতৰত থকা নৈতিক চেতনাই তাক শুদ্ধ আৰু অশুদ্ধৰ তাৰতম্য নিৰ্ণয় কৰাৰ দক্ষতা প্ৰদান কৰি ভুল বা আনৰ ক্ষতি হোৱা কাৰ্য কৰাৰ পৰা চিৰদিনৰ বাবে আঁতৰাই ৰাখে। এজন নৈতিকতাসম্পন্ন ব্যক্তিয়ে কাৰোবাৰ ভয়ত নহয় নিজৰ সুৰক্ষা আৰু আনক অন্যায় নকৰাৰ প্ৰৱণতাৰ বাবে কোনেও নেদেখিলেও কোনো বেয়া কাম নকৰে। যি পৰিয়াল বা সমাজত নৈতিক মূল্যবোধ প্ৰবল, তাত মানুহৰ মাজত বিশ্বাস আৰু আত্মীয়তা সজীৱ হৈ থাকে। ব্যৱসায়-বাণিজ্যৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক সম্পৰ্কলৈকে সকলোতে এই বিশ্বাস আৰু আত্মিক মনোভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই সমাজত শান্তি আৰু একতা গঢ়ি তোলে।
সাম্প্ৰতিক সময়ত মানুহে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আকাশ চুবলৈ সক্ষম হৈছে, কিন্তু দুৰ্ভাগ্যবশতঃ একে সময়তে কিছুমান মানুহৰ নৈতিক চৰিত্ৰৰ তীব্ৰ অধঃপতন ঘটা পৰিলক্ষিত হয়। নাৰী নিৰ্যাতন, ক্ষমতাৰ অন্ধত ডাঙৰক অসন্মান অথবা মাদক দ্ৰৱ্য সেৱন আদিৰ জৰিয়তে যুৱ উচ্ছৃঙ্খলতা ইত্যাদি ইয়াৰ সাম্যক উদাহৰণ। এনে অৱক্ষয়ৰ প্ৰধান কাৰণ আৰু স্বৰূপসমূহ সহজতে ক’ব পৰ নাযায়। ক্ষেত্ৰ আৰু পৰিৱেশ অনুসৰি ইয়াৰ কাৰণ ভিন্ন হ’ব পাৰে। ইয়াৰ ভিতৰত উপযুক্ত শিক্ষাৰ অভাৱ এক কাৰণ হ’ব পাৰে। যি শিক্ষা কেৱল পুথিগত নহয়। ঘৰ, পৰিয়াল আৰু পৰিৱেশৰ শিক্ষাই আচলতে প্ৰকৃত নৈতিকতা গঠনত আৰোহণ যোগায়। ভোগবাদী মানসিকতা আৰু অৰ্থ সৰ্বস্ব চিন্তা নৈতিকতা অৱক্ষয়ৰ অন্য এক কাৰণ হ’ব পাৰে। তৃতীয়তে প্ৰযুক্তিৰ অপব্যৱহাৰে তৰুণ প্ৰজন্মৰ নৈতিক স্খলন ঘটোৱা যেন অনুমান হয়। চাইবাৰ ক্ৰাইম, অনলাইন প্ৰতাৰণা, আৰু অপসংস্কৃতিৰ প্ৰসাৰে সমাজৰ পৰিৱেশ কলুষিত কৰিছে। আজিৰ যান্ত্ৰিক যুগত মানুহ ইমান ব্যস্ত হৈ পৰিছে যে কাৰোৰে বাবে কাৰো সময় নাই। যৌথ পৰিয়াল ভাঙি একক পৰিয়াল হোৱাৰ ফলত শিশুসকলে ককা-আইতাৰ বুকুৰ মৰম আৰু সাধুকথাৰ মাজত থকা নৈতিক শিক্ষাৰ পৰা বঞ্চিত হৈছে। বৃদ্ধ মাক-দেউতাকক বৃদ্ধাশ্ৰমত থৈ অহাৰ প্ৰৱণতা দিনক দিনে বাঢ়ি গৈছে, যিটোক নৈতিকতাৰ চৰম স্খলন বুলিব পাৰি।
স্বামী বিবেকানন্দই কৈছিল— “শিক্ষাই মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বিকাশ ঘটায়।” নৈতিকতা অবিহনে শিক্ষা অন্ধ আৰু বিপজ্জনক হ’ব পাৰে, একেদৰে উপযুক্ত শিক্ষা অবিহনে নৈতিকতাৰ সংজ্ঞা নিৰৰ্থক। অৰ্থাৎ শিক্ষা আৰু নৈতিকতা এটা মুদ্ৰাৰ দুটা পিঠি স্বৰূপ। এজন শিক্ষিত কিন্তু নৈতিকতাহীন ব্যক্তিয়ে সমাজৰ অধিক ক্ষতি সাধন কৰিব পাৰে। কিন্তু এজন অশিক্ষিত কিন্তু নৈতিকতাপূৰ্ণ ব্যক্তি সমাজৰ আদৰ্শ হ’ব পাৰে। এতেকে দেখা যায় যে প্ৰকৃত নৈতিকতাৰ পাঠ কিতাপৰ পাতত নহয়, বাস্তৱ জীৱনৰ সু-শৃংখলিত পৰিৱেশত পোৱা যায়। অৰ্থনৈতিক প্ৰগতিয়ে আমাক এখন বাহ্যিকভাৱে উন্নত সমাজ বা দেশ দিব পাৰে, কিন্তু এখন সুন্দৰ আৰু শান্তিপূৰ্ণ সমাজ দিব নোৱাৰে। নৈতিক মূল্যবোধেহে আচলতে সম্পৰ্ক, বিশ্বাস আৰু আদৰ্শৰ বুনিয়াদ তৈয়াৰ কৰে।
