শৰতৰ স্নিগ্ধ পৰশ – ৰশ্মি ৰেখা দুৱৰা

Pc Amazon.in

শৰতৰ স্নিগ্ধ পৰশ

ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়

সৌৱা,শাৰদীয় আকাশখনলৈ চোৱাচোন!
পুৰণি পোছাকযোৰ সলনি কৰি
এযোৰ নতুন পোছাক পিন্ধিছে;
ৰং ৰূপোৱালী,
ৰূপোৱালী পোছাকযোৰত একেবাৰে শুৱাই পৰিছে।
পুৱাৰ নিয়ৰসনা দুবৰি জিকমিকাই উঠিছে
চোতাল ভৰাই তুলিছে শুভ্ৰ শেৱালিয়ে,
বতাহজাক মতলীয়া হৈ পৰিছে
শেৱালিৰ আমোলমোল গোন্ধত।
নৈৰ বুকুৰ পৰা বলি অহা বতাহজাকত
কহুঁৱাৰ হালি-জালি নাচোন,
ৰ’দৰ জিলমিল পোহৰত সেউজীয়া ধৰণীখন
জীপাল হৈ পৰিছে।
সেউজীয়া পথাৰখন গেঁৰ ধৰি
সোণোৱালী হোৱাৰ বাটত,
খেতিয়কৰ সেমেকা মুখখনলৈ চাই
মিচিকিয়া হাঁহি মাৰি
মনতে কৈছে,
এইবেলি ভঁৰাল গজগজীয়া হৈ থাকিম,
এবছৰলৈ চিন্তা নোহোৱাকৈ।
দুৰ্গতিনাশিনীৰ আগমনে ধৰা উজলি উঠে
ঢাকৰ শব্দত চৌদিশ মুখৰিত হয়।
মনত অলেখ নতুন আশা
মাৰ আশিসত দুষ্কৃতিকাৰী বিনাশ হৈ
সুখ-শান্তিৰে বিৰাজমান হওক।
শৰতে কঢ়িয়াই আনে এখন সপোনৰ ছবি
প্ৰকৃতিৰ বুকুৱেদিয়ে বৈ যায় শান্তিৰ নিজৰা।
শেৱালিৰ সুবাসে ধৰণী সজাই
কবিৰ কলমতেই শৰতৰ অনুভৱে প্ৰাণ পাই হৈ উঠে।