শৰৎ – বন্দনা শৰণীয়া 

শৰৎ

বন্দনা শৰণীয়া 

কবিতা এটাই শুই আছিল,
মই জগালোঁ এইকাৰণেই—
এয়া যে শৰতৰ সময় ।
যদি এই সময় গুচি যায়
পাম জানো তাক পুনৰায় ?
শৰৎ আহে, শৰৎ যায়
শৰতে কবিতাৰ কথা কয়
কবিতাই শৰতৰ কথা লিখে ।
নীলা আকাশৰ শুকুলা মেঘৰ
আলিয়েদি নামি আহে শৰৎ ;
নিৰৱধি বৈ থকা নৈখনত
ৰবাব এটা হৈ ওপঙি থাকে জোন যেন শৰৎ ।
নিমাত শুকুলা ঘোঁৰাৰ কেশৰ হৈ
কুৰূৱা বতাহত উৰি থাকে কঁহুৱাবোৰ;
স্ফটিক নিয়ৰে দূবৰি আৱৰে,
পদূলিত শেৱালিয়ে তোৰণ সাজি
শৰতক আদৰে ।
শৰৎ নিজেই উৎসৱ
কবিতা তাৰ উদ্‌যাপন ;
যদি উদ্দাম প্ৰেমৰ প্ৰতীক ‘ফাগুন’
তেন্তে শান্ত-সৌম্য প্ৰেমৰ প্ৰতীক হৈছে ‘শৰৎ’ ।