দুদিনীয়া অনুষ্ঠানত দেশ- বিদেশৰ ২০০ৰো অধিক গৱেষক-শিক্ষাবিদৰ অংশগ্ৰহণ- ৮২ খন গৱেষণা পত্ৰ পাঠ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য শিক্ষাৰ পূৰ্ণাংগ উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমান বক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত ২৬ আৰু ২৭ জুনত দুদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চয়তা কোষ আৰু ইংৰাজী বিভাগৰ উদ্যোগত আৰু জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত এই সন্মিলনৰ মূল বিষয় আছিল “মানৱ যোগাযোগৰ ক্ৰমবিকাশৰ ৰূপৰেখা: প্ৰযুক্তিগত, অৰ্থনৈতিক আৰু সামাজিক পৰিসৰ”। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয় চৌহদত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈয়ে পতাকা উত্তোলন কৰি সন্মিলনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° ৰঘুনাথ বৰবৰা, ডিব্ৰুগড়ৰ বিশিষ্ট উদ্যোগী, সমাজসেৱক তথা চাৰ্টাৰ্ড একাউণ্টেণ্ট জ্যোতি প্ৰসাদ কানৈ, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, হাৰিয়ানাৰ আৰ কে এছ ডি পি জি কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° সূৰুজ ৱালিয়া আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ড° সুৰেণ্ডৰ সিং। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° কস্তুৰী শইকীয়াই সঞ্চালনা কৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অধ্যক্ষ ড° জয়দেৱ গগৈয়ে মানৱ যোগাযোগ ব্যৱস্থাৰ ক্ৰমবিকাশ, তথ্য-প্ৰযুক্তিৰ যুগত শিক্ষা আৰু গৱেষণাৰ নতুন সম্ভাৱনা লগতে আন্তঃবিষয়ক গৱেষণাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ এনে এক আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশৰ গৱেষক আৰু শিক্ষাবিদৰ মাজত জ্ঞান-বিনিময় আৰু সহযোগিতা অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে। ইয়াত সমল ব্যক্তি ড° সূৰুজ ৱালিয়াই “দৈনন্দিন মানৱ জীৱনত এ আইএ কঢ়িয়াই অনা পৰিৱৰ্তন” শীৰ্ষক বিষয়ত এক মননশীল বক্তৃতা আগবঢ়ায়। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত বিকাশে শিক্ষা, স্বাস্থ্য, বাণিজ্য, সংবাদ মাধ্যম আৰু দৈনন্দিন জীৱনত সৃষ্টি কৰা সুদূৰপ্ৰসাৰী পৰিৱৰ্তনসমূহ বিশ্লেষণ কৰাৰ লগতে এ আইৰ দায়িত্বশীল ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। উদ্বোধনী অনুষ্ঠানৰ আন এক বিশেষ আকর্ষণ আছিল যুক্তৰাষ্ট্ৰৰ বৃষ্টল বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ড° তাৰা পুৰীৰ অনলাইন যোগদান। তেওঁ মুখ্য বক্তা হিচাপে “ঔপনিবেশিক যুগৰ অন্তিম পৰ্য্যায়ত ভাৰতীয় মুদ্ৰণ সংস্কৃতি আৰু মহিলা সাময়িক পত্ৰিকাৰ উত্থান” বিষয়ত ভাষণ প্ৰদান কৰি ঔপনিবেশিক ভাৰতত মুদ্ৰণ সংস্কৃতিৰ বিকাশ, মহিলা শিক্ষাৰ প্ৰসাৰ আৰু মহিলা সাময়িক পত্ৰিকাৰ সমাজ-সাংস্কৃতিক ভূমিকা সম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়ায়।প্ৰথম দিনা বিয়লি ৩.০০ বজাৰ পৰা মহাবিদ্যালয়ৰ বিভিন্ন সভাকক্ষত সমান্তৰাল ভাৱে পাঁচটা কাৰিকৰী সত্ৰ অনুষ্ঠিত হয়। এই সত্ৰসমূহত বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ গৱেষকসকলে যোগাযোগ, প্ৰযুক্তি, সাহিত্য, অৰ্থনীতি, সমাজবিজ্ঞান, গণমাধ্যম আৰু অন্যান্য আন্তঃবিষয়ক ক্ষেত্ৰৰ ওপৰত মুঠ ৪০ খন গৱেষণা পত্ৰ পাঠ কৰে। দ্বিতীয় দিনাও সমান উৎসাহেৰে কাৰিকৰী সত্ৰসমূহ অনুষ্ঠিত হয়, য’ত ৪২ খন গৱেষণা পত্ৰ পাঠ কৰা হয়। এইদৰে দুদিনত মুঠ ৮২ খন গৱেষণা পত্ৰ পাঠ কৰা হয় বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিয়ে। কাৰিকৰী সত্ৰসমূহত দেশ-বিদেশৰ বিশিষ্ট শিক্ষাবিদসকলে সঞ্চালক হিচাপে দায়িত্ব পালন কৰে। তাৰে ভিতৰত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী প্ৰাধ্যাপক ড° বিপাশা চেতিয়া, ইংৰাজী বিভাগৰ প্ৰাধ্যাপক ড° মৃদুল বৰদলৈ, সহকাৰী অধ্যাপক ড° লক্ষ্মীনাথ কায়ুঙ, নেপালৰ ত্ৰিভূবন বিশ্ববিদ্যালয়ৰ প্ৰবক্তা কৃষ্ণ প্ৰসাদ গেৱালি, কানৈ বাণিজ্য মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড° টেংক প্ৰসাদ উপাধ্যায় আৰু ড° নৱজ্যোতি দত্তৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী প্ৰাধ্যাপক ড° মীনা শৰ্মা আৰু ড° লক্ষীপ্ৰিয়া গগৈ। সন্মিলনখনিৰ সামৰণি অনুষ্ঠানত সমল ব্যক্তি ড° সুৰেণ্ডৰ সিংই “২০৩৫ চনৰ ভিতৰত বিশ্ব ব্যৱস্থা কেনে ৰূপ ল’ব” শীৰ্ষক বিষয়ত এক তথ্যসমৃদ্ধ আৰু সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। তেওঁ বিশ্ব ৰাজনীতি, অৰ্থনীতি, কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল যোগাযোগ আৰু ভূ-ৰাজনৈতিক পৰিৱৰ্তনৰ সম্ভাৱ্য প্ৰভাৱ বিশ্লেষণ কৰি ভৱিষ্যৎ বিশ্বব্যৱস্থাৰ সম্ভাৱ্য ৰূপ সম্পৰ্কে নিজৰ মতামত ব্যক্ত কৰে। তেওঁৰ ভাষণে উপস্থিত গৱেষক, শিক্ষক আৰু শিক্ষাৰ্থীসকলক গভীৰভাৱে অনুপ্ৰাণিত কৰে। এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে যুক্তৰাষ্ট্ৰ, নেপাল আদি দেশৰ ২০০ৰো অধিক গৱেষক, শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰী, নীতি নিৰ্মাতা, সংবাদ মাধ্যম বিশেষজ্ঞ আৰু দাৰ্শনিকে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী সকলে যোগাযোগ ব্যৱস্থাৰ ঐতিহাসিক বিকাশ, আধুনিক প্ৰযুক্তিৰ প্ৰভাৱ, সামাজিক পৰিৱৰ্তন, অৰ্থনৈতিক দিশ আৰু ভৱিষ্যৎ সম্ভাৱনাৰ ওপৰত গঠনমূলক মত-বিনিময় কৰে। উল্লেখযোগ্য যে এই সন্মিলনৰ প্ৰতিটো কাৰিকৰি সত্ৰৰ পৰা একোজনকৈ শ্ৰেষ্ঠ গবেষণা পত্ৰ পৰিবেশনকাৰী সঞ্চালক সকলে বাচনি কৰি উলিয়ায়। দুদিনীয়া এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰই জ্ঞানচৰ্চা, গৱেষণা আৰু আন্তঃবিষয়ক বৌদ্ধিক আদান-প্ৰদানৰ এক সাৰ্থক মঞ্চ হিচাপে সফলতা লাভ কৰাৰ লগতে কানৈ বাণিজ্য মহাবিদ্যালয়ৰ শৈক্ষিক উৎকৰ্ষ আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰত গৱেষণামুখী পদক্ষেপক নতুন মাত্ৰা প্ৰদান কৰিলে বুলি অংশগ্ৰহণকাৰীসকলে মত প্ৰকাশ কৰে। শেষত সমল ব্যক্তি সকলে মহাবিদ্যালয়ৰ অধ্যক্ষ, সন্মিলনৰ আয়োজক সমিতিক নিয়মানুবৰ্তিতা, সময়ব্যবস্থা তথা কৌশলগত আয়োজনৰ বাবে ভূয়সী প্ৰশংসা কৰে।
