পুনৰ ইৰানত আক্ৰমণ আমেৰিকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মধ্য প্ৰাচ্যত পুনৰ উত্তেজনা চৰম সীমাত উপনীত হৈছে। ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতিৰ পাছৰ শেহতীয়া খবৰ অনুসৰি, আমেৰিকা আৰু ইৰানৰ মাজত পুনৰ আক্ৰমণ হৈছে ৷ আমেৰিকাই জনাইছে যে ইৰানৰ ক্ষেপণাস্ত্র, ড্রোন ভাণ্ডাৰত আক্রমণ চলাইছে তেওঁলোকে। তাৰ লগতে লক্ষ্য কৰি লোৱা হৈছে উপকূলীয় ৰাডাৰ কেন্দ্ৰসমূহকো। শুকুৰবাৰে এখন মালবাহী জাহাজত আক্ৰমণৰ অভিযোগ উঠিছিল তেহৰানৰ বিৰুদ্ধে। ইয়াৰ পিছতে আমেৰিকাৰ এই আক্রমণ। মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইৰানৰ আক্ৰমণক ‘বুৰ্বকৰ দৰে’ যুদ্ধবিৰতি লংঘন বুলি অভিহিত কৰে। খবৰ অনুসৰি ইৰাণে প্ৰথমে ছিংগাপুৰৰ পতাকা থকা এখন বাণিজ্যিক মালবাহী জাহাজ হৰমুজ জলদ্বীপত আক্ৰমণ কৰিছিল । ইয়াৰ ফলত আমেৰিকা ক্ষুব্ধ হৈ পৰে আৰু ইৰাণক ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷ আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) জনোৱা মতে, ২৫ জুনত ইৰাণে এম/ভি এভাৰ লাভলীক (Ever Lovely) ড্ৰোণেৰে ওৱান ৱে আক্ৰমণ কৰিছিল৷ তাৰ পাছত ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ সংৰক্ষণ স্থানৰ লগতে উপকূলীয় ৰাডাৰ স্থানকো লক্ষ্য কৰি আক্ৰমণ চলাইছিল । শেহতীয়াকৈ ওমান উপকূলৰ সমীপৰ হৰমুজ জলদ্বীপৰ পৰা ওলাই আহি থকা অৱস্থাতে এখন জাহাজক ইৰাণে আক্ৰমণ কৰে ৷ কমাণ্ডটোৱে এক বিবৃতিত কয় যে হৰমুজ জলদ্বীপ অতিক্ৰম কৰা এখন বাণিজ্যিক জাহাজত হোৱা আক্ৰমণৰ তীব্ৰ প্ৰতিক্ৰিয়া স্বৰূপে ২৬ জুনত ইৰাণৰ বিৰুদ্ধে চেণ্টকম বাহিনীয়ে আক্ৰমণ চলাইছিল । বিবৃতিটোত কোৱা হৈছে যে ইৰাণে ২৫ জুনত এম/ভি এভাৰ লাভলীত ওৱান ৱেত ড্ৰোণ আক্ৰমণ কৰিছিল ৷ ইয়াৰ পাছত আমেৰিকাৰ বিমানে ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ সংৰক্ষণ স্থান আৰু উপকূলীয় ৰাডাৰ স্থানত আঘাত কৰে । উল্লেখযোগ্য যে পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত ছুইজাৰলেণ্ডত শান্তি বৈঠকত বহিছিল আমেৰিকা আৰু ইৰান। স্বাক্ষৰিত হৈছিল বুজাবুজিৰ চুক্তি। কিন্তু বুজাবুজি-পত্ৰৰ ১৪নং দফাৰ চৰ্ত বাস্তৱায়িত আৰু পর্যালোচনা কৰিবলৈ মুখামুখি হয় দুয়োপক্ষই। কিন্তু এই আলোচনা সম্পূৰ্ণ হৈ উঠাৰ আগতে পুনৰ এই আক্রমণে অনিশ্চয়তাৰ সৃষ্টি কৰিছে।
