ৰাখী বন্ধন পবিত্ৰ বান্ধোন চিঙিব নোৱাৰা এনাজৰী
যমুনা দুলু বৈশ্য,শুৱালকুছি
মৰমৰ ডোলেৰে ৰাখীবন্ধন গঁথা
এটি পবিত্ৰ বান্ধোনে ভাই-ভনীৰ
এডাল সূতাতে লুকাই থাকে
শত জনমৰ মৰমৰ আপোন।
ভনীৰ হাতৰ কোমল পৰশত
ভাইৰ হাতখনি উজলি উঠে,
ৰাখীৰ মাজত আশীৰ্বাদ থাকে
মঙ্গল কুশলে থাকক ,এই সংযোগ
চিৰদিন চিৰকাল।
ভাই-ভনীৰ মাজৰ মৰম, বিশ্বাস আৰু পবিত্ৰ সম্পৰ্কৰ এই উৎসৱে সকলোৰে জীৱনলৈ অনাবিল আনন্দ কঢ়িয়াই আনক।দুৰত্ব যিয়েই নহওক কিয়, হৃদয়ৰ আন্তৰিকতা সদায় থাকক। ইশ্বৰে সকলোৰে বাই- ভনী- ককাই -ভাই এই পবিত্র সমন্ধক সদায় কুশলে ৰাখক আৰু জীৱনৰ প্ৰতিটো পথতে সফলতা প্ৰদান কৰক। শুভ ৰাখী বন্ধনৰ মিলনৰ বান্ধোন এয়া যে আত্মাৰ বান্ধোন ।ৰাখী বন্ধন বা ৰাখী পূৰ্ণিমা ভাৰতীয় সংস্কৃতি আৰু সমাজৰ এক পৱিত্ৰ তথা অপূৰ্ব উৎসৱ। ভাদ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা এই উৎসৱে ঘাইকৈ ককাই-ভাই আৰু বাই-ভনীৰ মাজৰ অকৃত্রিম মৰম, স্নেহ আৰু সুৰক্ষাৰ বন্ধনক প্ৰতিফলিত কৰে।
পবিত্র এই দিনটোত ভনীয়েকসকলে ককাই-ভাইৰ হাতত ‘ৰাখী’ নামৰ ৰেচমী সুতাৰে তৈয়াৰী ৰঙীন সূতা বান্ধি দিয়ে। ইয়াৰ বিনিময়ত ককাই-ভায়ে ভনীয়েকক উপহাৰ দিয়াৰ লগতে জীৱনৰ প্ৰতিটো কঠিন সময়ত সুৰক্ষা আৰু সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
হিন্দু পৌৰাণিক কাহিনী অনুসৰি, দেৱৰাজ ইন্দ্ৰৰ পত্নী শচীয়ে অসুৰৰ বিৰুদ্ধে যুদ্ধত জয়ী হ’বলৈ ইন্দ্ৰৰ হাতত সুৰক্ষা কৱচ হিচাপে পৱিত্ৰ সূতা বান্ধি দিছিল। আন এক কাহিনী অনুসৰি, মহাভাৰতত শ্ৰীকৃষ্ণৰ আঙুলি কাটি ৰক্তাক্ত হওঁতে দ্রৌপদীয়ে নিজৰ শাৰীৰ আঁচল ফালি শ্ৰীকৃষ্ণৰ হাতত বান্ধি দিছিল, আৰু শ্ৰীকৃষ্ণই দ্রৌপদীক সকলো বিপদৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
ৰাখী বন্ধন কেৱল একেটা পৰিয়ালৰ ভাই-ভনীৰ মাজতে সীমাৱদ্ধ নহয়। ই সমাজৰ বিভিন্ন ব্যক্তিৰ মাজত ভাতৃত্ববোধ, ঐক্য আৰু সম্প্ৰীতি গঢ়ি তোলাত সহায় কৰে। কোনো ধৰ্মীয় বা জাতিগত ভেদাভেদ পাহৰি সকলোৰে মাজত সৌহাৰ্দ্য স্থাপন কৰাত এই উৎসৱে বিশেষ ভূমিকা পালন কৰে।
বৰ্তমান সময়ত ৰাখী বন্ধনৰ পৰিসৰ আৰু অধিক ব্যাপক হৈ পৰিছে। কেৱল ককাই-ভাইয়েই নহয়, সুৰক্ষা আৰু মৰমৰ চিহ্ন স্বৰূপে বাই-ভনীসকলে ইজনে সিজনক, অথবা দেশৰ সুৰক্ষাত নিয়োজিত সেনা-জৱানসকলকো ৰাখী বান্ধি সম্মান জনায়।
সামৰণিত, ৰাখী বন্ধনে আমাক সামাজিক প্ৰমূল্যবোধ, দায়িত্ববোধ আৰু আপোনজনৰ প্ৰতি থকা কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে। ই কেৱল এডাল সুতাৰ উৎসৱ নহয়, বৰঞ্চ বিশ্বাস, দায়িত্ব আৰু অন্তৰহীন মৰমৰ এক পৱিত্ৰ বান্ধোন । ব্ৰহ্ম কুমাৰী বেহেনে সকলে এই পবিত্ৰ ৰাখী পিন্ধাই আত্মা আৰু পৰমআত্মাৰ সংযোগৰ মাধ্যমেৰে নিজৰ নিজৰ অৱগুণ বিলাক বাবাৰ ওচৰত অৰ্পন কৰিব লাগে। মানৱ জীৱনটোত ঈশ্বৰৰ পৰা ভাল গুণ বোৰ দয়া ,ক্ষমা ,প্ৰেমৰ মাজেৰে পৱিত্ৰ স্বচ্ছ হৃদয়ৰ ব্যক্তিয়ে আনৰ ভাল গুণবোৰহে দেখে । ঈশ্বৰৰ সন্তান হোৱা মানে ঈশ্বৰৰ গুণ নিজৰ মাজত প্ৰকাশিত কৰিব লাগে ।
