নেপালত সন্ধান নাই ২৮৮জন ভাৰতীয়ৰ

নেপালত সন্ধান নাই ২৮৮জন ভাৰতীয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰৰ মহাপ্ৰলয়ৰ পাছত নেপালত সন্ধান পোৱা নাই ২৮৮জন ভাৰতীয়ৰ। ইয়াৰে ৭৩জনে ত্রিশূলী জলবিদ্যুৎ প্রকল্পত কাম কৰিছিল। এই কথা সদৰী কৰে কেন্দ্ৰীয় বিদেশ মন্ত্রালয়ে। বিদেশ মন্ত্রালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে দিয়া তথ্য মতে, বানবিধ্বস্ত নেপালৰ পৰা ইতিমধ্যে ২১জন ভাৰতীয়ক উদ্ধাৰ কৰি দেশলৈ ওভতাই অনা হৈছে। তেওঁলোক আটাইকেইজন তামিলনাডুৰ বাসিন্দা। তদুপৰি তিব্বতত আবদ্ধ হৈ আছে আন ২০০জন ভাৰতীয়। তেওঁলোকে ইতিমধ্যে নতুন দিল্লীৰ পৰা সহায় বিচাৰিছে। ইয়াৰ মাজতে নেপাল আৰু চীনস্থিত ভাৰতীয় ৰাষ্ট্ৰদূতৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় কেন্দ্রীয় বিদেশ মন্ত্রী এছ জয়শংকৰ। বৈঠকৰ অন্তত তেওঁ কয় যে নেপালত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ বৰ্তমানৰ অৱস্থা জানিবলৈ সকলোধৰণৰ চেষ্টা কৰা হৈছে। ইয়াৰ লগে লগে সক্ৰিয় কৰা হৈছে তেওঁলোকক নিৰাপদে ঘূৰাই অনাৰ ব্যৱস্থা। বৃহস্পতিবাৰে নেপাললৈ আন এখন চি-১৭ বিমানেৰে সাহায্য সামগ্রী প্ৰেৰণ কৰা হয়। এই বিমানখনত আছে ঔষধসহ ৩৭.৫ টন বিভিন্ন সাহায্য সামগ্রী। কেন্দ্রীয় বিদেশ মন্ত্রী জয়ছোৱালে কয় যে নেপালত ২৮৮জন ভাৰতীয়ৰ সন্ধান পোৱা নাই। ইয়াৰে ৭৩জনে ত্রিশূলী জলবিদ্যুৎ প্রকল্পত কাম কৰিছিল। কাঠমাণ্ডুস্থিত আমাৰ দূতাবাসে প্রকল্পটোৰ মুৰব্বীৰ সৈতে অহৰহ যোগাযোগ ৰাখিছে। অৱশ্যে তেওঁলোক কোন ৰাজ্যৰ বাসিন্দা সেয়া বর্তমানেও স্পষ্ট হোৱা নাই।