বৰ্তমান সমাজত দুমুখীয়া চৰিত্ৰৰ প্ৰভাৱ আৰু মানসিক বিশ্লেষণ
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
মানৱ সমাজ পৰস্পৰৰ বিশ্বাস আৰু মৰমৰ ওপৰত টিকি থাকে। কিন্তু বৰ্তমান সমাজত এক তীব্ৰ নৈতিক অৱক্ষয় দেখিবলৈ পোৱা গৈছে। আজিৰ আটাইতকৈ তিতা বাস্তৱ এয়ে যে আমাৰ চাৰিওফালে কিছুমান ‘দুমুখীয়া’ বা স্বাৰ্থপৰ ব্যক্তিৰ আৱিৰ্ভাৱ ঘটিছে। এইসকল লোকে নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আনৰ গভীৰ বিশ্বাসক মূহূৰ্তৰ ভিতৰতে ভাঙি নিঃশেষ কৰি দিব পাৰে।
সাধাৰণতে সমাজত এনে দুমুখীয়া স্বভাৱ কেৱল বন্ধু-বান্ধৱীৰ মাজতে সীমাবদ্ধ নহয়। বাস্তৱিকতে ইয়াৰ পৰিসৰ বহুত ব্যাপক। আজিৰ তাৰিখত আমাৰ অতি আপোন বুলি ভবা ইষ্ট-কুটুম্ব (আত্মীয়-স্বজন) আৰু ঘৰলৈ অহা আলহী-অতিথিৰ মাজতো এনে চৰিত্ৰ প্ৰায়েই দেখা যায়। এইসকল লোকে মুখৰ আগত অতি মৰমৰ মুখা পিন্ধি থাকে, কিন্তু অপকাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে।
এনে স্বাৰ্থপৰ লোকসকলৰ আটাইতকৈ বিপদজ্জনক দিশটো হ’ল তেওঁলোকক ‘কাণভঙা’ দিয়া বা কথা ইফাল-সিফল কৰা স্বভাৱ। এওঁলোকে দুজন ভাল মানুহৰ মাজত মিছা অপবাদ বা সন্দেহৰ বীজ সিঁচি দিয়ে। বহু সময়ত এওঁলোকে নিজকে বৰ হিতৈষী দেখুৱাই কাৰোবাৰ আগত আহি কয় যে অমুক মানুহজনে আপোনাৰ নিন্দা কৰিছে। কিন্তু আচৰিত কথা যে যেতিয়া সেই নিন্দা কৰা হৈছিল, তেতিয়া তেওঁ নিজে তাৰ অলপো প্ৰতিবাদ কৰা নাছিল। বৰঞ্চ কথাটো বঢ়াই-তোলাই ইজনৰ কথা সিজনক কৈ সম্পৰ্কবোৰত বিহ ঢালি এক বিকৃত আনন্দ উপভোগ কৰে। নিজৰ হীন মানসিকতাৰ বাবে তেওঁলোকে যুগ যুগ ধৰি গঢ়ি উঠা এটা সুন্দৰ পবিত্ৰ সম্পৰ্ককো মূহূৰ্ততে ধ্বংস কৰি পেলায়।
মনস্তত্ব বা Psychology-ৰ দৃষ্টিৰে চালে স্পষ্ট হৈ পৰে যে যিসকল লোকে আনৰ সুন্দৰ সম্পৰ্ক বা সুখৰ জীৱন ধ্বংস কৰি আনন্দ পায়, তেওঁলোক সুস্থ মানসিকতাৰ লোক নহয়। তেওঁলোক এক গভীৰ মানসিক বিকাৰ বা ব্যক্তিত্বৰ বিসংগতিৰ চিকাৰ। মানুহবোৰে যেতিয়া আনৰ সুখ সহ্য কৰিব নোৱাৰে, তেতিয়া তেওঁলোকে আনৰ সম্পৰ্কবোৰ ভাঙি নিজৰ দৰেই তেওঁলোককো অসুখী কৰাৰ ষড়যন্ত্ৰত লিপ্ত হয়।
বাহিৰৰ শত্ৰুতকৈ ঘৰৰ ভিতৰৰ বা আপোনৰূপী এনে দুমুখীয়া শত্ৰুবোৰ আটাইতকৈ ভয়ংকৰ। এনে লোকৰ দ্বাৰা প্ৰতাৰিত হ’লে হৃদয়ত গভীৰ আঘাত লাগাটো স্বাভাৱিক। কিন্তু মনত ৰাখিব লাগিব যে ভুলটো বিশ্বাস কৰা মানুহজনৰ নাছিল, অৱক্ষয়টো কেৱল প্ৰতাৰকজনৰ চৰিত্ৰৰহে হৈছিল। সমাজত এনে মানুহ বহুত থাকিব, কিন্তু তাৰ মাজতে নিজৰ মানসিক শান্তি সুৰক্ষিত ৰখাটো আমাৰ নিজৰ । এনে লোকক চিনি পোৱাৰ পিছত তেওঁলোকৰ সৈতে তৰ্ক কৰাতকৈ নীৰৱে দূৰত্ব বজাই চলাই উত্তম পন্থা।
যিয়ে নিজৰ স্বাৰ্থৰ বাবে আনৰ বিশ্বাস ভাঙি খেলা কৰে, তেওঁলোকে জীৱনত কেতিয়াও কাৰো পৰা সঁচা মৰম আৰু মানসিক শান্তি লাভ কৰিব নোৱাৰে।
কিছুমান ক্ষেত্ৰত, আনৰ কথাত বিশ্বাস নকৰি নিজৰ বিবেকক প্ৰাধান্য দিয়াটো খুবেই জৰুৰী। কাৰন এই যুগটোৱেই হৈছে প্ৰতিযোগীতাৰ যুগ গতিকে নিজৰ স্বাৰ্থৰ বাবে সকলোৱে আগবাঢ়ে, তেনেস্থলত আপোন স্বাৰ্থত মজি আনৰ বা নিজৰ আপোনাজনৰো ক্ষতি কৰাটো বৰ জটিল বিষয় নহয়। সতৰ্ক আৰু সাৱধানতাৰ আশ্ৰয় লৈ জীবন পথত আগবঢ়াটো বুদ্ধিমানৰ পৰিচয়।
