জুবিন গাৰ্গ ইমান জনপ্ৰিয় কিয়?
বাহাৰুল ইছলাম
“পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি উৰি….
উৰি গল পাখি মেলি দূৰ দিগন্তলৈ..অচিন দেশলৈ—
অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ বাৰ্তা অসহনীয় প্ৰতিজন অসমীয়া তথা সংগীত প্ৰেমিকৰ বাবে। জুবিন গাৰ্গৰ মৃত্যুত স্তব্ধ অসম। কেইবাটাও বিনিদ্ৰ নিশা পাৰ কৰিলে অসমে। ভাৰত তথা বিশ্বদৰবাৰত তেওঁৰ বিষয়টো চৰ্চা হৈ পৰিছে। সৰুৰে পৰা স্বাধীন স্বভাৱৰ জুবিন গাৰ্গে যিকোনো অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। কাকো ঘেন্টা খাতিৰ নকৰা সঁচা অৰ্থত এইগৰাকী দুঃসাহসী জুবিন গাৰ্গে যেন মৃত্যুৰ পিছতো অনুৰাগীসকলক কৈছে,
“ঐ আৰু এটা কথা কি জান
এইবাৰ কিন্তু মই সাগৰ তলিত শুই আহিছোঁ
চা মোক, মোৰ দেহাটো ঠাণ্ডা হৈ পৰিল
বহুদিনীয়া আশা এটা আছিল বুজিলি
তহঁত গোটেই সোপা দেখোন কান্দি আছ
কি হ’ল তহঁতৰ?
একো নাই tension নলবি
জীৱন নামৰ এই গছডাল এনেকুৱাই
কেতিয়া যে উভালি পৰে কোনেও নাজানে।”
তেওঁ কেৱল মাথোঁ গায়ক, অভিনেতা, সংগীতজ্ঞ, চলচ্চিত্ৰ পৰিচালক, শিল্পী বুলি ক’লে একপ্ৰকাৰ ভুল কোৱা হ’ব কিয়নো তেওঁ আছিল জনতাৰ কণ্ঠ, জনতাৰ শিল্পী, মানুহৰ হকে কাম কৰা শিল্পী, মানৱতাৰ পূজাৰী আৰু প্ৰকৃতি প্ৰেমীক। গান, চিনেমা, কবিতাৰো উৰ্ধত আছিল বাবেই হয়তো অন্যতকৈ পৃথক তেওঁৰ জনপ্ৰিয়তা। এজন মানুহ কিমান সাহসী হ’লে ক’ব পাৰে-“মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা।” এই শাৰী বাক্য সঁচাকৈয়ে ভাবিবলগীয়া। ঠিক গুৰু নানকে কোৱাৰ দৰে, “মই ক’তো হিন্দু বা মুছলমান দেখা নাই যি দেখিছোঁ সেয়া কেৱল মানুহ”। তেওঁ মানৱতাক আগস্থান দি কত জনৰ কত উপকাৰ সাধন কৰিলে লেখ-জোখ নাই। মানৱ দৰদী এই গৰাকী মহান শিল্পী গৰাকীয়ে দৰিদ্ৰ লোক, বিশেষভাৱে সক্ষম লোকক লগতে বানপীড়িত লোকক অনেক সহায় আগবঢ়াইছে।
জুবিন গাৰ্গৰ মতে,”মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই, দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়।” ক্ষমতা পান কৰা অন্ধসকলক কৈছিল- মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। তেওঁৰ মতে- ‘’কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী।‘’ অন্য এটা প্ৰসংগত তেওঁ কৈছে,” মই যেনেকৈ অৰ্জন কৰিছোঁ; মই যেনেকৈ লৈছোঁ, মানুহে মোক দিছে। মই আকৌ মানুহক ঘূৰাই দি থৈ যাম । মোৰ ঘৰ-বাৰী সকলো মানুহক দি থৈ যাম । মই নিজৰ কাৰণে একো নাৰাখোঁ | অকল চিতাখনৰ বাহিৰে | চিতাখন খালী মানুহে জ্বলাব লাগিব।”
“জুবিন – নামেই যাৰ পৰিচয়
হিয়াৰ আমঠু হৈ জিলিকাই থকা
এটি জাতীয় নক্ষত্ৰ হেৰাই গ’ল
কত অনুৰাগী সৰ্বহাৰা হ’ল
কেৱে কৰিছে গুণ-গৰিমা
কেৱে বা কৰিছে ৰোদন
কতজনে চকুলো বোৱালে তাৰো লেখ-জোখ নাই।”
জুবিন গাৰ্গৰ অন্য এটি মহান গুণ হৈছে যে,সমাজত প্ৰচলিত জাত-পাত ভেদাভেদৰ বিৰোধিতা কৰি যোৱা। সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাত মতা। তেওঁৰ মতে, মানুহৰ সেৱাই ঈশ্বৰৰ সেৱা। একবিংশ শতিকাৰ এইযুগত জাত-পাতৰ বিভাজনে সমাজখনক বহুখিনি পিছুৱাই নিব। তেওঁ আশা কৰে জাত-পাতৰ ভেদাভেদ নথকা এখন সুস্থ-সৱল সমাজ। যি সমাজত সকলো জাতিৰ ভাই-ভনী একতাৰ এনাজৰীয়ে বান্ধ খাই থাকিব পাৰে। তেওঁ অন্যায় দেখিলেই মাত মাতিছিল আৰু ঘোচ খোৱা,দালালি কৰা সেইবোৰ শুনিলে খঙত জ্বলি-পকি উঠিছিল। এবাৰ কোনোবা প্ৰেছ ইন্টাৰভিউত কৈছিল,” ‘মই কৰাপ্শ্যন কৰি, ঘোচ খাই টকা ঘটি চিনেমা বনোৱা নাই। মই টকা ঘটিছো (নিজৰ ডিঙিটো দেখুৱাই কৈছিল) এইটোৰ পৰা। মোৰ টকা ঘটা মেচিন এইটো।”
অসমৰ বিশিষ্ট লেখক-সাহিত্যিক ড° নগেন শইকীয়াই জুবিন গাৰ্গৰ কণ্ঠৰ প্ৰশংসা কৰিছিল, তেওঁৰ মতে জুবিনৰ কণ্ঠত এনে এক যাদু আছিল যি মানুহক আৰু শ্ৰোতাক সহজে আকৰ্ষণ কৰিব পাৰে। বিশিষ্ট কবি-সাহিত্যিক-গীতিকাৰ হীৰেন ভট্টাচাৰ্য-ই জুবিন গাৰ্গৰ জনপ্ৰিয়তা সম্পৰ্কে কৈছে, “জুবিন অসমীয়া সংগীতৰ ক্ষেত্ৰত এক জোকাৰণি।জুবিন সঁচাই আচৰিত। ইমান কম বয়সতে, ইমান সোনকালে জনপ্ৰিয়তা লাভ কৰা দেখি আচৰিত হওঁ। জুবিন কোনো ৰেডিঅ’ৰ শিল্পী নহয়। দূৰদৰ্শনৰ শিল্পী নহয় বা তেনেধৰণৰ কোনো বেকগ্ৰাউণ্ডো নাই। জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে নি:সন্দেহে।”
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অসমৰ চলচ্চিত্ৰ সমালোচক উৎপল দত্তই কৈছে, “দৰ্শক আৰু সাধাৰণ মানুহক আকৰ্ষণ কৰিব পৰা যি ক্ষমতা, গীতৰ বজাৰত গীত বিক্ৰীৰ যি নিশ্চয়তা প্ৰদান, তেওঁৰ সৃষ্টিৰ পোহৰৰ প্ৰতিফলনত জিলিকি উঠাৰ যি হেঁপাহ, সেইবোৰেই তেওঁৰ নক্ষত্ৰ-স্থান স্থিৰ কৰি ৰাখিছে৷ সমগ্ৰ অসমৰ বিশালসংখ্যক গুণমুগ্ধৰ স্বাৰ্থহীন ভালপোৱাৰ অধিকাৰী হৈছে জুবিন৷” বিশিষ্ট সাংবাদিক মানোৰম গগৈয়ে কৈছিল,” জুবিন কোনো সাধাৰণ চেলিব্ৰিটি নাছিল। তেওঁ নিজৰ স্পষ্টভাষী ৰাজনৈতিক স্থিতিস্থাপকতা আৰু উদাৰতাৰ বাবে জনাজাত আছিল, আৰু তেওঁ সাধাৰণ মানুহৰ মাজত বাস কৰা এজন ৰজাৰ দৰে আছিল।”
বলিউডৰ অভিনেতা আমীৰ খানে কৈছিল,” জুবিন এজন প্ৰকৃত কিংবদন্তি আছিল, যাৰ কণ্ঠই লাখ লাখ লোকৰ মন চুই গৈছিল।” চলচ্চিত্ৰ সমালোচক উৎপল বৰপূজাৰীয়ে জুবিনৰ দয়ালু স্বভাৱৰ কথা স্মৰণ কৰি কৈছিল,” তেওঁ বহু দৰিদ্ৰ আৰু অনাথ শিশুক সহায় কৰিছিল।” পবিত্ৰ কুমাৰ ডেকাই জুবিন গাৰ্গৰ সম্পৰ্কে কৈছিল, “মই আহিলোঁ,গান গালোঁ,জয় কৰিলোঁ।”
কপিল ঠাকুৰ (পিতৃ): জুবিন গাৰ্গৰ “ঈশ্বৰ বিশ্বাস” সম্পৰ্কে তেওঁৰ কিতাপত লিখিছিল, তেওঁ নিজে এজন “ধর্ম-অবিশ্বাসী” বুলি কৈছিল আৰু “তেওঁৰ কোনো জাতি বা ধর্ম নাই” বুলি কৈছিল।
অতি কম সময়তে (১৯৯২-২০২৫) অৰ্থাৎ ৩৩ বছৰ কৰ্ম জীৱনতে অসম্ভৱক সম্ভৱ কৰি লুইতকণ্ঠ-জুবিন গাৰ্গে অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী (কমতাপুৰী/ গোৱালপাৰীয়া), চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, গালো, মালয়ালম, মাৰাঠী আদি প্ৰায় ৪০টা ভাষাত প্ৰায় ৪০০০০ মান গীত গাইছে। এটি অসাধাৰণ অৱদান আগবঢ়াই উভতি নহা বাটেৰে গুচি গ’ল। তেওঁ নিজৰ নামত প্ৰায় চল্লিশটাকৈ এলবাম উলিয়াইছে। তেওঁ ২৪ খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল। বঙালী আৰু হিন্দী চলচ্চিত্ৰ কেইবাখনতো সংগীত পৰিচালনা কৰিছিল। কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও পৰিচালকৰ ভূমিকা পালন কৰিছিল। কি যে যাদুকৰী কণ্ঠ! যিকোনো কথা এটাই তেওঁৰ সুৰত সজীৱ হৈ উঠিছিল। কণ্ঠত আছে যাদু, গীতত আছে মায়া। হৃদয়ত আছে অতুলনীয় মানৱ প্ৰেম লগতে আছে প্ৰকৃতিৰ প্ৰতি ভালপোৱা। তেওঁ হৈছে “Humming King of the world” অৰ্থাৎ পৃথিৱীৰ হামিং ৰজা। তেওঁৰ অৱদানৰ কথা উল্লেখ কৰিলে হয়তো গ্ৰন্থ কেইবাখনো হৈ পৰিব।
“জীৱন যুদ্ধ সমাপ্তি ঘটাই
দল ,বল লৈ আহে মৃত্যু
যাক ৰখাবও নোৱাৰি,দমাবও নোৱাৰি
কেৱল কন্দুৱাই থৈ যায়
চিনাকিৰ পৰা অচিনাকি দেশলৈ।”
কায়িক বাবে তেওঁৰ মৃত্যু হ’লেও তেওঁৰ গান আৰু স্মৃতি অমৰ হৈ থাকিব চিৰদিন। এই গৰাকী মহান শিল্পীক প্ৰতিজন অসমীয়াই পাহৰা দূৰৈৰ কথা সকলো সময়তে তেওঁৰ অনুভৱে হৃদয় জোকাৰি যায়। তেওঁৰ মৃত্যুত জাতি, ধৰ্ম , বৰ্ণ নিৰ্বিশেষে সকলোৱেই ব্যথিত হৈছে, ঘৰে ঘৰে, অনুষ্ঠান কিম্বা উপাসনা গৃহ সমূহতো সৰ্বধৰ্মীয় প্ৰাৰ্থনা হোৱা দেখা গৈছে। তেওঁ কৈছিল,” মই নাথাকিলেও মোৰ গানত তোমালোকে মোক সদায় পাবা।গানেই মোৰ জীৱন, আৰু সেই জীৱনটোৱেই মই তোমালোকৰ হাতত সঁপিয়াই দিছোঁ। যেতিয়া মোৰ গান বাজিব, তেতিয়া জানিবা মই তোমালোকৰ মাজতেই আছোঁ।” শেষত হীৰেন ভট্টাচাৰ্যৰ কথাৰে সামৰিলোঁ, “গানৰ জুবিন,গান গাই থাকক। আমি ইয়াকে কামনা কৰোঁ।”
