২৭তম খাগ্ৰাবাৰী মাৰ্টিয়াৰ্ছ ফুটবল ট্ৰফীৰ চুড়ান্ত খেলত তামোলপুৰ এফ চি দল বিজয়ী

rongilibarta

২৭তম খাগ্ৰাবাৰী মাৰ্টিয়াৰ্ছ ফুটবল ট্ৰফীৰ চুড়ান্ত খেলত তামোলপুৰ এফ চি দল বিজয়ী;
শ্ৰেষ্ঠ খেলুৱৈৰ বটাঁৰে অভিভূত তামোলপুৰৰ জিজ্ঞাস ডেকা

ৰঙিলী বাৰ্ত্তাসেৱা – খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু খাগ্ৰাবাৰী ক্ৰীড়া সন্থাৰ সহযোগত প্ৰায় (১২)গৰাকীকৈ বড়োলেণ্ড শ্বহীদ সোঁৱৰণীত অনুষ্ঠিত কৰা ২৭ তম ফুটবল খেল প্ৰতিযোগিতাত দেওবাৰে চুড়ান্ত খেলত তামোলপুৰ এফ চি দলে বিজয়ী লাভ কৰে ৷ “”খাগ্ৰাবাৰী জনতা হাইস্কুলৰ খেল পথাৰত বিটিআৰৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োৱে শুভ উদ্ধিধন কৰা চূড়ান্ত খেলত তামোলপুৰ এফচি দলে ভকতপাৰা ৰিভেঞ্জাৰ এফচিক ১-০ গ’লত পৰাস্ত কৰি বিজয়ীৰ সন্মাণ লাভ কৰে ৷ বিজয়ী তামোলপুৰ এফচি ৰ হৈ একমাত্ৰ গ’লটি ৩০ মিনিটত জিজ্ঞাস ডেকাই স্কৰ কৰি শ্ৰেষ্ঠ খেলুৱৈৰ বটাঁ লাভ কৰিবলৈ সক্ষম হয়। হেমন্ত বড়ো আৰু বৰুণ বড়োৰ লগতে ববুল বড়ো আৰু ছাইখং স্বৰ্গীয়াৰীয়ে পৰিচালনা কৰা চুড়ান্ত খেলখনত। শান্তিৰ প্ৰতিক কপৌ চৰাই উৰুৱাৰ বিজয়ী দলক বটাঁ‌ প্ৰদান কৰে ওদালগুৰি জিলা এবছুৰ সাধাৰণ সম্পাদক নিজৌমচা বড়োৱে ৷ আনহাতে বিজিত দল ভকতপাৰা ৰিভেঞ্জাৰক। বটাঁ প্ৰদান কৰে সমাজ সেৱক চিৰঞ্জিত বড়োৱে ৷