মহিমাময়ী ক’ৰণাৰ মহাশক্তি – মঞ্জুষা শৰ্মা

pc The Diplomatist

মহিমাময়ী ক’ৰণাৰ মহাশক্তি

মঞ্জুষা শৰ্মা

অতীজৰ পৰাই এটা কথা চলি আহিছিল যে নাৰী জাতি হেনো চিনা টান ৷ স্বয়ং ভগৱানে ও যাৰ মহিমা বুজি নাপায় ৷ যাক কোনো কোনো ক্ষেত্ৰত বিভিন্ন উপনামেৰে নামাকৰণ কৰাও হয় ৷ তাৰে ভিতৰত চলনাময়ী নাৰীয়েই সহজেই সৰ্বজন বিদিত ৷ কিন্তু আজি এই নাৰী জাতিক চেৰ পেলাই নিজকে বেছি শক্তিশালী বা চলনাময়ী বুলি ডাংকোপ মাৰি বুকু ফিন্দাই বীৰ দৰ্পে নিজ খুচিমতে য’তে মন যায় তাতে প্ৰকট হৈ মানসিক ভাৱে , শাৰীৰিক ভাৱে , আৰ্থিক ভাৱে তথা জীৱ শ্ৰেষ্ঠ মানৱ জাতিক ঢোকে ঢোকে পানী খুৱাবলৈ কুণ্ঠাবোধ নকৰা ক’ৰণা ৰ এটি অভিজ্ঞতাৰ বিষয়ে ক‘বলৈ ওলাইছো ৷ যিটো ২১ চেপ্তেম্বৰৰ দিনা ঘটা জীৱনৰ সঁচা ঘটনা ৷ সেইদিনটোৰ কথা মনত পৰিলে আজি হাঁহিম নে কান্দিম মই ভাবিবই নোৱাৰোঁ ৷ কাৰণ সেইদিনা আছিল মঙ্গলবাৰ ৷ পুৱা ৫ বজাত মা আৰু মই উঠি নিজৰ কামবোৰ কৰিলো ৷ ৭মান বজাত মায়ে আগতে কেতিয়াবা কোৱাৰদৰে মূৰটো বেয়া লাগিছে বুলি ক’লে ৷তাকে শুনি আগৰ দৰে ই চি জি কৰিব লাগিব বুলি নিকটবৰ্ত্তী চৰকাৰী হস্পিতালখনলৈ লৈ গলোঁ ভাইতি এটাৰ বেটেৰি ৰিক্সাত ৷ তাত গৈ কভিড পৰীক্ষা কৰোঁতে মাৰ পজিটিভ পালে ৷ লগে লগে আমাৰ অৱস্থা কাঢ়িল ৷ ভাইতিলৈ ফোন কৰি জনোৱাত সি ডাক্তৰৰ লগত কথা পাতি বয়স হোৱাৰ বাবে হস্পিতালত থোৱাটোকে ঠিক কৰিলে ৷ মা য’ত থাকিব ময়ো থাকিম বুলি ক’লো ৷ তেতিয়া ডাক্তৰে তিনিদিনমান ঘৰতে থাকি চাবলৈ ক’লে লগতে দৰৱ কেইটাও দিলে প্ৰয়োজন হ’লে খুৱাবলৈ আৰু যেতিয়াই প্ৰয়োজন হয় ফোন কৰিবলৈ ক’লে ৷ কথামতেই গধুৰ মন এটালৈ ঘৰ পালোহি ৷আহোতে মই মাৰ লগতে বেটেৰি ৰিক্সাত আহিলোঁ ৷ ভতিজাটো ভাইতিৰ লগত আহিল ৷ সেই তিনি ৰাতি মোৰ চকুত টোপনি নাই যদি কিবা লক্ষণে দেখা দিয়ে তেতিয়া কি হ’ব ?? ৰাতি বাৰে বাৰে তেওঁক ওচৰৰ পৰা চাওঁগৈ কিবা বেলেগ হৈছে নেকি ? কিন্তু ঈশ্বৰৰ সহায়তাত এনেদৰেই চৈধ্য দিন অতিবাহিত কৰিলোঁ ভয় আৰু শংকাত ৷ একো নোহোৱাকৈযে আমি এটা অপবাদ মূৰত জাপি ল’ব লগীয়া হ’ল ৷ আগৰ দিনত দোষ কৰিলে গাঁৱত এঘৰীয়া কৰাৰ দৰে ৷ এতিয়াও আমাৰ ঘৰত কিছুমান মানুহে ঠাণ্ডা পানী গিলাচো নাখায় কিন্তু পইচাটো ল’ব পাৰে বিনা সংকোচেৰে ৷কি যে বিচাৰ ৷ তাৰোপৰি অন্য এটি অভিজ্ঞতাও হ’ল য’ত এনে কিছুমান লোক আছে যি সকলে মুখৰ আগত খুব সুন্দৰভাৱে কথা কয় , কিন্তু বিপদৰ সময়ত এখন বিপৰীত ছবিহে প্ৰকাশ পায় ৷ সেই সময়ত এটি ফোনে মনত সাহসো দিব পাৰে নহ’লে হতাশাতো ভোগাব পাৰে ৷ কাৰণ মই যেতিয়া মাক লৈ ঘৰ পালোহি তেতিয়া ওচৰৰ এগৰাকীয়ে বাৰে বাৰে ফোন কৰিছে মই ধৰিব নোৱাৰি পিছত কল বেক কৰাত কথাটো সঁচানেকি বাৰু বুলি সুধি ফোনটো থৈ দি পিছত এদিনো খবৰ নকৰিলে ৷ আন দুঘৰে ফোন কৰি ভয় নকৰি কিবা দৰকাৰ হ’লে ফোন কৰিবলৈ কোৱাত মনতো ভাল লাগি গ’ল ৷ তিনিদিনৰ পৰা ইঘৰ সিঘৰে ফোন কৰি খবৰ ল’বলৈ ধৰিলে আৰু লগতে ক’লে . . কথাটো সুধিবলৈ বেয়া লাগিহে ফোন কৰা নাছিলো বেয়া নাপাবা ৷ মই প্ৰতি ঘৰকে ক’লো যে এইটোত ফোন কৰিলে মনতো ভালহে লাগে ৷ মই বেয়া নাপাও আৰু দেৰিকৈ ফোন কৰাৰ বাবেও বেয়া পোৱা নাই ৷ মাত্ৰ এটাই কওঁ সেই সময়ত সকলোৱেই হেৰুৱাৰ ভয় আৰু শংকাত ভীতিগ্ৰস্ত হৈ কিং কৰ্তব্য বিমূঢ় হৈ পৰে পজিটিভ শব্দটো শুনি। সেয়েহে মই এনে এটি পৰিয়ালৰ অভিজ্ঞতাৰ পৰা সকলোলৈকে এটিয়েই অনুৰোধ জনাও যে সকলো প্ৰতিবেশীয়েই তেনে ক্ষেত্ৰত সাহসৰ বাবে এটি ফোন কৰি মনোবল অটুত ৰখাত সহায় কৰে যেন ৷ যিয়ে নেকি মোৰ মনত সাহস আৰু শক্তি দিলে সেই কেইদিন অকলে মাৰ যত্ন ল’বলৈ ৷ মোৰ মা এতিয়াও আগৰ দৰেই সুস্থ ৷ মাত্ৰ সন্দেহৰ মেৰপাকত ৰৈ গ’ল পজিটিভ মানে কি ??
শেষত কঁও মাক কৈছোঁ যি কৰ ভগৱানে ভাললৈকে কৰে ৷ কাৰণ যিগৰাকী মানুহে জীৱনত এনেদৰে এদিনো বহি শুই খাই নাপালে সেইগৰাকীয়ে ১৪দিন বিছনাৰ ওপৰতে থাকিল একো কাম নকৰাকৈ ৷ নেদেখাজনক ধন্যবাদ জনালোঁ কোনো লক্ষণ নিদিয়াৰ বাবে ৷।