হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াৰ মৃতদেহ

হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা- বঙাইগাঁওস্থিত হোটেল জাহ্নৱী ৰিজেঞ্চীৰ এটা কোঠাত বৃহস্পতিবাৰে পুৱা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ (চি এম ভিজিলেঞ্চ) ৰ উপ-আৰক্ষী অধীক্ষক পদত কৰ্মৰত ৫৫ বছৰীয়া খৰ্গেশ্বৰ ৰাভাৰ  মৃতদেহ উদ্ধাৰ হয়। হোটেলখনৰ ১০২ নম্বৰ কোঠাৰ পৰা মৃতদেহটো উদ্ধাৰ হয়। হোটেল কর্তৃপক্ষ আৰু পৰিয়ালৰ লোকৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে দৰ্জাৰ তলা ভাঙি মৃতদেহটো উদ্ধাৰ কৰে। বিগত ১৮ অক্টোবৰৰ সন্ধিয়া তেওঁ হোটেলখনলৈ আহে। স্ক’ৰপিঅ’ বাহন এখন নিজে চলাই হোটেলত আহি আৰক্ষী বিষয়াজন উপস্থিত হৈছিল। কিন্তু খৰ্গেশ্বৰ ৰাভাৰ বিগত কেইবাদিন ধৰি যোগাযোগ নোহোৱাৰ ফলত পত্নীয়ে বিচাৰ-খোঁচাৰ কৰি হোটেলত উপস্থিত হয়। ম’বাইলৰ লোকেচন পৰীক্ষা কৰি পত্নীয়ে আৰক্ষী বিষয়াজনৰ ঠিকনা বিচাৰি উলিয়াবলৈ সক্ষম হয়। পত্নীয়ে হোটেলখনত উপস্থিত হৈ খৰ্গেশ্বৰ ৰাভাৰ খা-খবৰ কৰাৰ সময়তে ভিতৰৰ পৰা বন্ধ কোঠাটোৰ পৰা দুৰ্গন্ধ বিয়পি পৰাত হোটেল কর্তৃপক্ষই সন্দেহবশতঃ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ দল উপস্থিত হৈ তলা ভাঙি মজিয়াত পৰি থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাৰ খবৰ লাভ কৰি জিলাখনৰ জ্যেষ্ঠ আৰক্ষী বিষয়া নোমাল মাহাত্তাসহ শীর্ষ বিষয়াবর্গ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনা সন্দর্ভত জ্যেষ্ঠ আৰক্ষী বিষয়া মাহাত্তাই কয় যে খৰ্গেশ্বৰ ৰাভা অসম আৰক্ষীৰ নিষ্ঠাৱান বিষয়া আছিল। তেওঁ ৰাজ্যৰ বিভিন্ন জিলাত নিষ্ঠাৰে কাম-কাজ কৰি গৈছিল। কিন্তু তেওঁ কি পৰিস্থিতিত বঙাইগাঁৱত আহি পালে আৰু কিয় মৃতদেহ এইদৰে উদ্ধাৰ হ’বলগীয়া হ’ল তাক লৈ আৰক্ষীয়ে অনুসন্ধান কৰা হৈছে। আনহাতে কালি পুৱা খৰ্গেশ্বৰ ৰাভাই পৰিয়ালৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছিল যদিও পৰৱৰ্তী সময়ত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। ইতিমধ্যে পত্নী আৰু সন্তান আহি উপস্থিতি হৈছে। তেওঁলোকৰ লগত আৰক্ষীয়ে কথা-বতৰা পাতি আছে। খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আৰক্ষী বিষয়া মাহাত্তাই তদন্তৰ স্বার্থত অধিক তথ্য প্রকাশৰ পৰা বিৰত থাকে। ইফালে হোটেলখনৰ সঞ্চালক প্রবীণ কুমাৰ বৈশ্যই কয় যে হোটলখনত আৰক্ষী বিষয়া ৰাভাই অকলে আহি উপস্থিত হৈছিল। তেওঁৰ লগত চালক বা দেহৰক্ষী কোনো নাছিল। হোটেলত আহি উপস্থিত হোৱাৰ পিছৰে পৰা খৰ্গেশ্বৰ ৰাভাই অত্যধিক সুৰাপান কৰি আছিল। হোটেলৰ ফালৰ পৰা খাদ্য যোগান ধৰি আহিছিল যদিও সেইসমূহ গ্ৰহণ কৰাৰ পৰা বিৰত আছিল। যোৱা ২০ অক্টোবৰৰ নিশা ১০.৪৫ বজাত হোটেলৰ কৰ্মচাৰীয়ে শেষবাৰলৈ কোঠাৰ ভিতৰত প্ৰৱেশ কৰি নিৰামিষ খাদ্য যোগান ধৰিছিল। ইয়াৰ পিছতে বুধবাৰৰ দিনটো কোঠাৰ দৰ্জা ভিতৰৰ পৰা সম্পূৰ্ণ বন্ধ অৱস্থাত আছিল। বৃহস্পতিবাৰে হোটেলৰ কৰ্মচাৰীয়ে কোঠাৰ পৰা দুৰ্গন্ধবিয়পি পৰা বুলি খবৰ দিয়াত আৰক্ষীক অৱগত কৰা হৈছিল। আৰক্ষী আহি কোঠাৰ ভিতৰৰ পৰা খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰে। খৰ্গেশ্বৰ ৰাভাই আহি সাধাৰণভাৱে বেগ বা কাপোৰ আদি নোলোৱাকৈ হোটেলখনত উপস্থিত হৈছিল। হোটেলত থকাৰ সময়ত তেওঁ নিজৰ কোঠাৰ পৰা ওলোৱা-সোমোৱা কৰা নাছিল। বন্ধ কোঠাটোৰ ভিতৰত উদ্ধাৰ হৈছে দুটাকৈ মদৰ বটল। ইফালে হোটেলৰ সঞ্চালক প্রবীণ কুমাৰ বৈশ্যই ঘটনাৰ বিষয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। হোটেলখনৰ কোঠা বঙাইগাঁৱৰে লোহা নিলামৰ সৈতে জড়িত কিশোৰ হালৈ নামৰ ব্যৱসায়ী এজনে বুকিং কৰিছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে খৰ্গেশ্বৰ ৰাভাই বিগত কেইবা বছৰ পূৰ্বে বঙাইগাঁৱত কৰ্মৰত আছিল। খৰ্গেশ্বৰ ৰাভাৰ ঘৰ বকোত যদিও কাহিলিপাৰাৰ চৰকাৰী আৱাসত পৰিয়ালসহ বসবাস কৰা বুলি জানিব পৰা গৈছে। ইপিনে বিয়লিৰ ভাগত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বঙাইগাঁও চিকিৎসা – মহাবিদ্যালয় আৰু হস্পিতাল প্রাংগণত আৰক্ষী বিভাগৰ তৰফৰ পৰা বিষয়াগৰাকীৰ নম্বৰ দেহত চেলামী জনাই শেষ শ্রদ্ধা  নিবেদন কৰা হয়। বঙাইগাঁও জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাতো, অতিৰিক্ত আৰক্ষী অধীক্ষক ড° কাবেৰী কৌৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা, উপ আৰক্ষী অধীক্ষক নির্মালী বর্মনসহ কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকি নশ্বৰ দেহত শেষ শ্রদ্ধা -নিবেদন কৰে।