অৱসৰৰ এবছৰ পূৰ্বৰে পৰা আৰম্ভ হ’ব ৰাজ্যিক কৰ্মচাৰীৰ পেঞ্চনৰ কাম

অৱসৰৰ এবছৰ পূৰ্বৰে পৰা আৰম্ভ হ’ব ৰাজ্যিক কৰ্মচাৰীৰ পেঞ্চনৰ কাম

ৰঙিলী বাৰ্ত্তাসেৱা- ছমাহ নহয়, এতিয়াৰে পৰা এবছৰ পূৰ্বে আৰম্ভ হ’ব ৰাজ্যিক কৰ্মচাৰীৰ পেন্সনৰ কাম-কাজ। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বাবে এবছৰ আগৰে পৰা প্ৰতিগৰাকী ডিডিঅ’ আৰু সংশ্লিষ্ট কৰ্মচাৰীলৈ স্বয়ংক্রিয়ভারে পেন্সন সম্পর্কীয় যাব এছএমএছ। ফাইন আছাম প’ৰ্টেলৰ মাধ্যমেৰে সম্পন্ন হ’ব এই প্রক্রিয়া। অৱসৰৰ জীৱন চিন্তামুক্ত কৰা, কাগজ-পত্ৰৰ মেৰপেঁচৰ পৰা কৰ্মচাৰীক মুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এই পদক্ষেপ। সামাজিক মাধ্যমযোগে আজি এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে- অৱসৰ মানে মনৰ শান্তি হওক। কাগজৰ কাম নহয়। উপযুক্ত সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে লাভ কৰিব পেন্সন। উল্লেখ্য যে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে দীঘলীয়া মেৰপেঁচৰ বাবে পেন্সন লাভৰ ক্ষেত্ৰত যাতনা ভুগি আহিছে। আনকি এইক্ষেত্রত কেইবাবাৰো ৰাজ্য চৰকাৰে তথা মুখ্যমন্ত্ৰীয়ে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেন্সন অৱসৰৰ দিনাই লাভ কৰাৰ নিশ্চয়তা প্রদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এনে নির্দেশৰ পাছতো বিভিন্ন কাৰিকৰী সমস্যা তথা নিয়ম-নীতিৰ দোহাই দি কৰ্মচাৰীসকলে পেন্সন লাভৰ ক্ষেত্রত সম্মুখীন হৈ আহিছিল নানা সমস্যাৰ। এনে সমস্যা দূৰ কৰাৰ লক্ষ্যৰে এতিয়াৰে পৰা এবছৰ পূৰ্বেই কৰ্মচাৰীসকলৰ পেন্সন সম্পর্কীয় নথি প্রস্তুত কৰাৰ বাবে যাৱতীয় নির্দেশনা জাৰি কৰা হৈছে।