সমনাগৰিক সংহিতাৰ বিধি প্রস্তুতৰ ৮জনীয়া কমিটী গঠন

Pc Politics for India

সমনাগৰিক সংহিতাৰ বিধি প্রস্তুতৰ ৮জনীয়া কমিটী গঠন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে বহু বিবাহ নিষিদ্ধকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সংযুক্ত কৰি ‘ইউনিফর্ম চিভিল কোড’ চমুকৈ ইউ চি চি (সম নাগৰিক সংহিতা) বিধেয়ক- ২০২৬ কাৰ্যকৰী কৰাৰ পদক্ষেপ হাতত লৈছে। বিধেয়কখন কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় নিয়ম বা বিধিসমূহৰ খচৰা প্ৰস্তুত কৰিবলৈ ৮ জনীয়া এখন কমিটী গঠন কৰিছে। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে  যোৱা ২৯ ছেপ্টেম্বৰত এই সংক্রান্তীয় বিধেয়কখনত স্বাক্ষৰ কৰাৰ পাছতে ইয়াৰ বিধি প্রস্তুতৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে। সকলোৰে কাৰণে একেই আইনী সুৰক্ষা আৰু ন্যায় বিচাৰ ব্যৱস্থাৰ লক্ষ্যৰে ইউচিচি বলৱতৰ কাৰণে প্রয়োজনীয় খচৰা বিধি প্ৰস্তুত কৰিবলৈ ইতিমধ্যে ৰাজনৈতিক বিভাগে এক নির্দেশনাৰ জৰিয়তে গঠন কৰি দিছে এখন ৮জনীয়া কমিটী। গৃহ-ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰৰ অধ্যক্ষতাত গঠিত কমিটীখনৰ সদস্য হিচাপে বিত্ত বিভাগৰ আয়ুক্ত-সচিব পার্থপ্রতীম মজুমদাৰ, বিধায়িনী বিভাগৰ সচিব গীতাঞ্জলি ডি শইকীয়া, সংখ্যালঘু কল্যাণ-উন্নয়ন বিভাগৰ সচিব ফৰিদা ছামচুল, ‘প্রচিকিউচন ডাইৰেক্টৰ’ মাখন ফুকন, গৃহ-ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব মৃদুল কুমাৰ দাস, ‘এছিষ্টেণ্ট ইন্সপেক্টৰ জেনেৰেল অৱ ৰেজিষ্ট্ৰেচন’ মনজিৎ কুমাৰ দাস আৰু গৃহ-ৰাজনৈতিক বিভাগৰ উপ-সচিব তাপস গুপ্তাক ৰখা হৈছে। ৰাজনৈতিক বিভাগে কমিটীখনক তেওঁলোকে প্রস্তুত কৰিবলগীয়া খচৰা বিধি নির্দেশনা জাৰিৰ এমাহৰ ভিতৰত দাখিল কৰিবলৈ বান্ধি দিছে সময়সীমা। উল্লেখ্য যে এই সাহসী-প্রগতিশীল-সুদূৰপ্ৰসাৰী আইনখনৰ মূল ভিত্তি হৈছে সমঅধিকাৰ-সমন্যায়-সংবিধানৰ সমমূল্যবোধ। ইউচিচি কাৰ্যকৰী হোৱাৰ পাছতে অসমত কোনো ব্যক্তিৰ অধিকাৰ ব্যক্তিগত বা ধর্মীয় বিধানৰ ভিন্ন ব্যাখ্যাৰ ওপৰত নিৰ্ভৰশীল নহ’ব। যোৱা ২৭ মে’ত অসম বিধানসভাত ধ্বনি ভোটৰ জৰিয়তে সমনাগৰিক সংহিতা বিধেয়ক গৃহীত হৈছিল। ইয়াৰ জৰিয়তে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ-পোষণ, লিভিং সম্পৰ্ক আদিৰ দৰে বিষয়সমূহত এক উমৈহতীয়া আইনী পৰিকাঠামো প্ৰৱৰ্তনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে ৰাজ্যৰ খিলঞ্জীয়া জনজাতীয় সমাজসমূহৰ পৰম্পৰা, সামাজিক গাঁথনি আৰু স্বনিয়ন্ত্রিত সাংস্কৃতিক ব্যৱস্থাৰ প্ৰতি সমান সম্মান প্রদর্শনেৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে অসম চৰকাৰে। সেই অনুসৰি সংবিধানৰ ৩৪২নং অনুচ্ছেদৰ অধীনত অন্তর্ভুক্ত জনজাতীয় সমাজক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। ইউচিচিয়ে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ-পোষণৰ দৰে চিন্তনীয় বিষয়ত সকলো নাগৰিকক আইনৰ দৃষ্টিত সমান মর্যাদা লাভ কৰাটো নিশ্চিত কৰিব। সামগ্রিকভাৱে বিশেষকৈ ৰাজ্যৰ নাৰীশক্তিৰ সুৰক্ষা, মর্যাদা আৰু অধিকাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’বলগীয়া ইউচিচিৰ দ্বাৰা বিবাহ বিচ্ছেদ ব্যৱস্থা সৰলীকৰণ হ’ব। পৰকীয়া সম্পর্ক, নিষ্ঠুৰ ব্যৱহাৰ, দুবছৰৰ অধিক সময় পৰিত্যাগ, অন্য ধৰ্মলৈ ধৰ্মান্তৰকৰণ, মানসিক অসুস্থতা, ইউচিচি উলংঘা কৰি পুনৰ বিবাহ আদিৰ ভিত্তিত বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰিব। মহিলাক ইউচিচিয়ে এক বিশেষ সুৰক্ষা প্রদান কৰিব।