ডিব্ৰুগড়ত ১৯৫০ চনৰ বানত ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা ৬ শ্বহীদক স্মৰণ শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ 

ডিব্ৰুগড়ত ১৯৫০ চনৰ বানত ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা ৬ শ্বহীদক স্মৰণ শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ১৯৫০ চনৰ ২২ অক্টোবৰত ডিব্ৰুগড়ত প্ৰৱল বানপানী হোৱাত ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা ৰাইজক সাহাৰ্য দিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গৈ সলিল সমাধি ঘটিছিল ক্ৰমে ডিব্ৰুগড়ৰ  জীৱন ৰাম ফুকন, হনুমান প্রসাদ সিংহানিয়া, কলকাতাৰ মাৰৱাড়ী ৰিলিফ ছ’চাইটিৰ বাবুলাল পোদ্দাৰ, চক্ৰ বিষয়া অজয় মেচ, আৰক্ষী কনিষ্টবল গুৰচৰণ সিং আৰু উত্তৰ পাৰ বৰদলনিৰ নিবাসী ১৮ বছৰীয়া ছাত্ৰ ৰুদ্ৰ বৰঠাকুৰ। এই ছয় গৰাকী শ্বহীদক স্মৰণ কৰি ডিব্ৰুগড়ৰ স্মৃতি সুৰক্ষা সমিতি আৰু মাৰৱাড়ী সন্মিলনে প্ৰতিবছৰে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। এই উদ্দেশ্যে আজি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত থকা শ্বহীদ উদ্যানত ছয় শ্বহীদৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। অনুষ্ঠানত  বন্তি প্ৰজ্বলন কৰে -ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন,অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ , শ্বহীদ পৰিয়ালৰ হৈ ভাই বোৱাৰী গীতা দেবী,জীৱন ৰাম ফুকনৰ জীয়াৰী বন্দনা ফুকন দাস,সমাজ সেৱক আত্মাৰাম আগৰৱালা আদিয়ে বন্তি প্ৰজ্বলন কৰে। মুকলি সভাত সভাপতিত্ব কৰে শ্বহীদ স্মৃতি ৰক্ষা সমিতি সভাপতি বিশ্বনাথ গাৰোডীয়া, বিশিষ্ট অতিথি তথা  বিধায়ক প্ৰশান্ত ফুকন , ঋতুপৰ্ণ বৰুৱা, অসীম হাজৰিকা , কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াসমাজ সেৱিকা তথা কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড ০ ভাৰতী দত্ত আদিয়ে ভাষণ প্ৰদান কৰে। শ্বহীদ কেইগৰাকীয়ে তেওঁলোকৰ ডিব্ৰুগড়বাসীৰ প্ৰতি থকা মৰম আৰু দায়বদ্ধতা থকাৰ কথা কোৱাৰ লগতে ভাষণ প্ৰসঙ্গত ছয় গৰাকী ব্যক্তিয়ে কেনেকৈ গৈ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত দুখন নাওঁত উটি গৈছিল সেই বিষয়ে বক্তা সকলে কয়।মুকলি সভাতে বিধায়ক ফুকনে শ্বহীদ উদ্যানখনৰ উন্নয়নৰ ক্ষেত্ৰত বিধায়ক পুঁজিৰ পৰা পাৰ্য্যমানে ধন আগবঢ়াব বুলি কোৱাৰ লগতে উদ্যানখন অত্যাধুনিক ভাৱে সজাই পৰাই তোলাৰ আশ্বাস প্ৰদান কৰে। শ্বহীদ কুশল কোঁৱৰ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰকাশ গগৈয়ে সেই সময়ৰ প্ৰলয়ংকাৰী বানে কেনেকৈ বিধ্বস্ত কৰিছিল সেই গুৰুত্ব পূৰ্ণ কথাবোৰ জনায়। সম্পাদক অনিল প্ৰসাদ সিংহই আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় মাৰোৱাৰী সন্মিলন বিষয় ববীয়া আৰু ৰেডক্ৰছ ছ’চাইটিৰ বিষয়ববীয়া সকলৰ উপৰিও সমিতিৰ,পৱন গাৰোডীয়া, মানিক বৈশ্য, ৰঞ্জিত মেছ,সূৰেশ আগৰৱালা, মদন কোঁৱৰ, হেমন্ত হাজৰিকা,নিৰজ সিংহানীয়া,সমাজ সেৱক তথা সাংবাদিক এম হাছিম আলী, পেঞ্চন সন্থাৰ সম্পাদক মৃদুল শৰ্মা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।