হিয়াৰ কান্দোন- নিতিস্মান দাস

Pc- Wallpaper free

হিয়াৰ কান্দোন

 

কিয়নো মোৰ হিয়াখনি কান্দিছে,

সকলো ফালে ত্রাস বাঢ়িছে।

শ্বহীদ সকলৰ বাবে কান্দোন উঠিছে,

দেশত কিমান যে যোৱানৰ মৃত্যু ঘটিছে।

হিয়াখনিৰ কান্দোন যেতিয়া হয় বিয়োগ আপোনলোকৰ,

পাহৰাব চেষ্টা কৰিবা এই মহাশোকৰ।

মহাত্মা সকলৰ হিয়াৰ কান্দোন, যে শূন্য হৈছে সৎ লোক,

হওঁক শষ্যৰ দৰে, যিয়ে হৰে আমাৰ ভোক।

আকাশৰ হিয়াৰ কান্দোন, যেতিয়া বাঢ়ে প্ৰদূষণ,

নিয়ন্ত্ৰণত ৰাখক, নহলে ভৱিষ্যতৰ যুদ্ধ ভীষণ।

পশু-পক্ষিৰ হিয়াৰ কান্দোন, কিয় কৰে আমাক আঘাত,

নাথাকিব ধৰিত্ৰী আইৰ, চৰাইৰ দৰে সুৰীয়া মাত।

হিয়াৰ কান্দোন, যেতিয়া প্ৰকৃতিৰ হয় নিৰাদৰ,

কিয় এই দুর্নীতি, এয়ে কৰে ধৰা খনি সুন্দৰ।

শ্রমিক সকলৰ হিয়াৰ কান্দোন, মানৱ নাভাবি ভাবে আমাক লিগিৰা-লিগিৰী,

ঈশ্বৰে বনাইছে সকলোকে সমান, আমি বিশ্ববাসী।

মুচিব পাৰিলে কিয় থাকিব হিয়াৰ কান্দোন,

বন্ধু গঢ়ি মুছক হিয়াৰ কান্দোন, গঢ়ক চেনেহৰ বান্ধোন।

 

-নিতিস্মান দাস

সপ্তম শ্রেণী