‘স্মৃতি মান্ধানা’ পিঙ্ক বলৰ টেষ্টত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা ক্ৰিকেটাৰ

pc WION

‘স্মৃতি মান্ধানা’ পিঙ্ক বলৰ টেষ্টত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা ক্ৰিকেটাৰ

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ মহিলা অপেনাৰ স্মৃতি মান্ধানা গোলাপী বলৰ টেষ্টত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। কুইন্সলেণ্ডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় মহিলাৰ প্ৰথম দিবা-নৈশ টেষ্টৰ প্ৰথম ইনিংছত ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ২১৬ টা বলত ১২৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এইটো মান্ধানাৰ প্ৰথমটো টেষ্ট শতক হোৱাৰ লগতে অষ্ট্ৰেলিয়াৰ ভূমিত এগৰাকী ভাৰতীয় মহিলাৰ দ্বাৰা প্ৰথমটো টেষ্ট শতক।