ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত এখনি দলীয় সভা সম্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই

pc Facebook
ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত এখনি দলীয় সভা সম্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই
অনলাইন বাৰ্ত্তাসেৱা – মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত এখনি দলীয় সভা সম্বোধন কৰে ৷ সভাত তেখেতৰ লগতে উপস্থিত থাকে মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়া, বিধায়ক শ্ৰী প্ৰশান্ত ফুকন, প্ৰাক্তন বিধায়ক শ্ৰী ৰিতুপৰ্ণ বৰুৱা, জিলা সভাপতি শ্ৰী জগদীশ ৰাজকোঁৱৰ লগতে দলীয় কাৰ্যকৰ্তা সকল ৷ উক্ত সভাত দলৰ আভ্যন্তৰীণ বহুকেইটাৰ দিশৰ ওপৰত আলোচনা কৰাৰ লগতে দলৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয় ৷ ইয়াৰোপৰি, এই সভাত ৰাজ্যত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ পৰা প্ৰকৃত হিতাধিকাৰী উপকৃত হোৱাৰ ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হয়।