বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি

pc Hindustan Times

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি

অনলাইন বাৰ্ত্তাসেৱা – বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দীৰ্ঘ বিৰতিৰ অন্তত পৰ্যটকৰ বাবে মুকলি কৰে ৰাজ্যৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্যই। বনমন্ত্রীগৰাকীয়ে কৃষিমন্ত্রী অতুল বৰাৰ উপস্থিতিত মিহিমুখৰ মূল প্ৰৱেশদ্বাৰত ফিতা কাটি আনুষ্ঠানিকভাৱে ২০২১-২২ পৰ্যটন বৰ্ষ মুকলি কৰে। ২০২০ বৰ্ষত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চাৰিবাৰকৈ ৰাষ্ট্ৰীয় উদ্যানখন বুৰাই পেলোৱাত ১ অক্টোবৰৰ পৰিৱৰ্তে ১৫ অক্টোবৰত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশী-বিদেশী পৰ্যটকৰ কাৰণে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যান তথা পর্যটনস্থলীসমূহ দৰ্শন কৰি স্বাস্থ্য বিভাগে ধার্য কৰি দিয়া ক’ভিড-১৯ৰ প্ৰট’কল মানি চলিবলৈ সকলোকে আহ্বান জনাইছিল। পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বৰ লগতে কাজিৰঙাতো মহামাৰী ক’ভিড-১৯এ ব্যাপক সংহাৰীৰ ৰূপ ধাৰণ কৰাৰ ফলত আন্তঃজিলা যাতায়াত বন্ধ কৰি দিয়াত ক্ৰমাৎ স্থবিৰ হৈ পৰিছিল পৰ্যটন উদ্যোগটো। ফালত কাজিৰঙাৰ পৰ্যটন উদ্যোগটোত সাংঘাতিকভাৱে প্ৰভাৱ পৰিছিল ৷ ক’ভিড মহামাৰীৰ ফলত বিগত দুটা বছৰ সংকটৰ সন্মুখীন হোৱা পৰ্যটন ক্ষেত্ৰখন পুনৰ মুকলি হোৱাত উৎফুল্ল হৈ পৰিছে কাজিৰঙাবাসী।