ডিব্ৰুগড় জিলাত অসম গণ পৰিষদৰ জিলা কাৰ্যালয়ত এখনি সভা সম্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই

pc Facebook
ডিব্ৰুগড় জিলাত অসম গণ পৰিষদৰ জিলা কাৰ্যালয়ত এখনি সভা সম্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই
অনলাইন বাৰ্ত্তাসেৱা – ডিব্ৰুগড় জিলাত বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ জিলা কাৰ্যালয়ত এখনি সভা সম্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই। সভাত মিত্ৰ দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে দলীয় বহুকেইটা দিশৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ৷ লগতে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমুখী আঁচনি সমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ৷ এই সভাত তেখেতৰ সৈতে উপস্থিত আছিল মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়া, বিধায়ক শ্ৰী প্ৰশান্ত ফুকন, প্ৰাক্তন বিধায়ক শ্ৰী ৰিতুপৰ্ণ বৰুৱা, অসম গণ পৰিষদ ডিব্ৰুগড় জিলাৰ সভাপতি শ্ৰী আদিত্য গোস্বামী আৰু অসম পেট্ৰ’কেমিকেলৰ সচিব শ্ৰী বিপুল ডেকা ৷