শিশু গল্প
সহনশীলতা
নমিতা দাস
শুৱালকুছি, শান্তিতোল
এজন খেতিয়ক আছিল। তেওঁ খেতি কৰি কোনো মতে নিজৰ পৰিয়ালটো পোহ পাল দি আছিল । এদিনাখনৰ কথা ,খেতিয়ক জনে পথাৰত দুপৰীয়াৰ বাৱে খাবলৈ অনা চিৰা-চেনী আৰু এঘটি পানী ওচৰতে থকা এজোপা গছৰ তলত ৰাখি হাল খন লৈ পথাৰত হালবাবলৈ ধৰিলে । দুপৰীয়া সময়ত তেওঁ হালমাৰি ভোক আৰু ভাগৰ লগাত হালখন এৰি উঠি আহিল পথাৰৰ পৰা গছজোপাৰ ওচৰলৈ । ভাগৰত মুৰত মেৰিয়াই লোৱা গামোচা খনেৰেই ঘামি থকা মুখ- হাত মচি গছৰ তলত অলপ জিৰনী ল’লে। কিছু সময় ভাগৰ জুৰাই তেওঁ গছৰ তলত থোৱা চিৰা আৰু পানী ঘটি আনিবলৈ উঠি আহিল । ঘটিটো হাতত লৈ আচৰিত হ’ল । তেওঁ ঘাটিটো চাই দেখে ঘটিটোৰ পানী খিনি নাই । এইবাৰ চিৰাৰ টোপোলাটোলৈ চকু পৰাত টোপোলাটো খুলি দেখে চিৰা খিনিও নাই । ভোক আৰু পিয়াহত তেনেকৈয়ে বহি ৰ’ল কিছু সময় । তেওঁ হাতৰ ঘটিটোলৈ চাই কবলৈ ধৰিলে, “যি জনে মোৰ ভাগৰ চিৰা আৰু পানী খিনি খালে তেওঁ চাগে মোতকৈও বেছি ভোকাতুৰ আৰু পিয়াহ লাগি আছিল সেয়ে তেওঁৰ বাবে বেছি প্ৰয়োজন হ’ল “। সেইদিনা তেওঁ পথাৰৰ পৰা অলপ সোনকালেই ঘৰলৈ গুচি আহিল।
পিছৰ দিনা পথাৰলৈ আহি আন দিনাৰ দৰে চিৰা আৰু পানী ঘটি গছজোপাৰ তলতে ৰাখিলে । তাৰ পিছত তেওঁ হাল খন লৈ পথাৰলৈ নামি আহি হালবাবলৈ ধৰিলে । দূপৰীয়া হল’ত হালখন সামৰি ভোক আৰু ভাগৰ লগাত ঘাটিটোৰ পৰা পানী খাও বুলি ঘটিটো লৈ আনি দেখে যে আগৰ দিনাৰ দৰে আজিও ঘাটিটো খালি হৈ আছে। পানী এটুপিও নাই । ঠিক সেইদৰে চিৰাৰ টোপোলাটোও আগৰ দিনাৰ দৰে খালি চিৰাখিনি নাই ঘটিটো হাতৰ পৰা সেই ঠাইতে ৰাখি আচৰিত হৈ ইফালে সিফালে চাই কাকো কতো নেদেখি তেওঁ ভয়ো খালে কোন হ’ব পাৰে?কোনে বাৰু এনেকুৱা কৰিছে! তেওঁ হাল বাই থকাৰ সময়ত গছজোপাৰ ওচৰলৈ কোনোবা আহিছিল নেকী ? কিন্তু এই ঠাইত তেওঁ জীৱ -জন্তু, পশু -পক্ষী ,মানুহ একোকে দেখা নাই । পুণৰ তেওঁ অলপ জিৰনী লৈ আগৰ দিনাৰ দৰে কবলৈ ধৰিলে “যিজনে চিৰা আৰু পানী ঘটি খালে তেওঁ চাগে মোতকৈ বেছি ভোকাতুৰ আছিল সেয়ে তেওঁৰ বাবে বেছি প্ৰয়োজন হল”।
এই দৰে তিনি চাৰি দিন যোৱাৰ পিছত খেতিয়ক জনেও প্ৰত্যেক দিনাই তেওঁ খাবলৈ অনা চিৰা আৰু পানীৰ ঘটিটো যি ঠাইতে আনি ৰাখে সেই ঠাইৰ পৰাই চিৰা খিনি আৰু পানীখিনি নোহোৱা হৈ থাকে । সদায় কোৱাৰ দৰে গছজোপাৰ সন্মুখ ভাগতে বহী টোপোলা টো আৰু ঘাটিটো লৈ চাই শান্ত সৌম্য ভাবে কথাখিনি কৈ পুণৰ গছজোপাৰ ওচৰত খালি হৈ থকা ঘটি আৰু টোপোলাটো ৰাখি পথাৰলৈ নামি যায় তেওঁ ।
পথাৰতো কেতিয়াও তেওঁ একোকে লগ পোৱা নাই ।কিন্তু খাবলৈ আহি একোকে নাপায় । তেওঁ কেতিয়াও দুখ বেজাৰ ,খং কৰা নাই ,ভোকত থাকি হ’লেও তেওঁ নিজৰ হাল বাই, কাম খিনি নিয়াৰিকৈ কৰি গুচি যায় ।
এদিনাখন দুপৰীয়া তেওঁ গছজোপাৰ তলত জিৰণী লৈ থাকোতে গছৰ পৰা সুন্দৰী “পৰী” এগৰাকী নামি আহি তেওঁক ক’লে, আচলতে “মই আপোনাক খং উঠাবলৈ চেষ্টা কৰিছিলোঁ” কিন্তু আপোনাৰ ধৰ্য্য আৰু সহন শক্তিয়ে মোক আচৰিত কৰিলে। আজিৰে পৰা আপোনাৰ “ধনে- ধানে উভৈনদী হ’ব, মনেৰে যি বিচাৰে সকলো পাব । কিন্ত আপুনি কেতিয়াও খং কৰিব নোৱাৰিব” । কওঁক পাৰিবনে ? পৰী জনীৰ কথাত খেতিয়ক জন আচৰিত হ’ল। তেওঁৰ দুখীয়া পৰিয়ালটো অন্তত দুবেলা লঘোন নপৰাকৈ খাব পাৰিব , সন্তান দুটি ভাল দৰে থাকিব পাৰিব এই খিনি কথা ভাবিয়েই খেতিয়ক জনে পৰীৰ কথাত সন্মতি জনাই ঘৰলৈ গুচি আহিল ।
কেইবছৰ মানৰ পিছত এদিন খেতিয়ক জনে এখন দামী গাড়ীত উঠি পথাৰত খেতি কেনেকুৱা হৈছে লগুৱা বোৰে ভাল দৰে কাম কৰি আছে নে নাই , চাবলৈ আহিল। কেঁচা ৰাষ্টাৰে গৈ থাকোতে ৰাষ্টাটোৰ সোমাজত জমা হৈ থকা বোকা পানীয়েদি অন্য এজনে গাড়ী চলাই নিয়াত ৰাষ্টাৰ বোকা পানী আহি গাড়ীত বহি থকা খেতিয়কৰ গাড়ীত পৰিল । তৎখনাত খেতিয়ক জনে গাড়ী ঘূৰাবলৈ দি পাৰ হৈ যোৱা গাড়ীখন আগচি ধৰি চালকৰ চিতত বহি থকা দ্ৰাইভাৰ জনৰ বুকুত খামুচি ধৰি গাড়ীৰ পৰা নমাই আনিলে। খেতিয়ক জনৰ দামী গাড়ী খনৰ লগতে নিজৰ গাত পৰা বোকা পানীৰ বাবে লোক জনৰ ওপৰত মাৰ-পিট আৰম্ভ কৰিলে । খঙত ৰঙা – চিঙা পৰিল খেতিয়ক জন ।
খেতিয়ক জনে পৰিশ্ৰম নকৰাকৈ পোৱা অধিক , টকা-পইচা ,ধন- সম্পত্তিয়ে তেওঁৰ তেনে আচৰণ কৰিলে । গতিকে নিজে কষ্ট কৰি আৰ্জন কৰা ধন- সম্পত্তি সুখ আৰু আনৰ ওপৰত কষ্ট নকৰাকৈ পোৱা ধন- সম্পত্তি দুয়োটাৰ মাজত অধিক পৰ্থক্য দেখা পোৱা যায়।
