শুভেচ্ছাবাণী অবিহনে স্মৃতিগ্ৰন্থ আধৰুৱা
নিবেদিতা হাজৰিকা,লখিমপুৰ
স্মৃতিগ্ৰন্থ হৈছে কোনো এটি বিশেষ অনুষ্ঠান , সমাৰোহ, প্ৰতিষ্ঠান বা বিশিষ্ট ব্যক্তিৰ স্মৃতিত প্ৰকাশ কৰা এক বিশেষ তথ্য সমৃদ্ধ পুথি বা দলিল। স্মৃতিগ্ৰন্থৰ লগত সংপৃক্ত হৈ থকা এটি বিষয় হৈছে -শুভেচ্ছাবাণী। এটি অনুষ্ঠান বা স্মৃতিৰ দলিলক জিলিকাই তোলা আটাইতকৈ মূল্যৱান অংশটোৱেই হৈছে -স্মৃতিগ্ৰন্থৰ লেখা সমূহৰ দৰেই অতিশয় দৰকাৰী অংগ স্বৰূপ- শুভেচ্ছাবাণী সমূহ। স্মৃতিগ্ৰন্থৰ আৰম্ভনিতে থকা শুভেচ্ছাবাণী সমূহ বা শুভ কামনা সমূহ গ্ৰন্থখনৰ প্ৰথম পৰিচয় বা মুখবন্ধুৰ দৰে কাম কৰে,যাৰ জৰিয়তে অনুষ্ঠান বা গ্ৰন্থখনৰ মূল উদ্দেশ্য আৰু গুৰুত্ব প্ৰতিফলিত হয়। স্মৃতিগ্ৰন্থ এখনৰ পাতত থকা শুভেচ্ছাবাণী সমূহে গ্ৰন্থ এখনৰ সৌন্দৰ্য আৰু গুৰুত্ব বৃদ্ধি কৰে।এই বাণী সমূহে কিতাপ খনক অধিক মায়াবী আৰু স্মৰণীয় কৰি তুলি পাঠকৰ মনত এক বিশেষ স্থান দখল কৰে । স্মৃতিগ্ৰন্থ এখনত বিশিষ্ট ব্যক্তিসকলৰ শুভেচ্ছা বাণীয়ে গ্ৰন্থ খনৰ মানদণ্ড বৃদ্ধি কৰে।এই বাণী সমূহে অনুষ্ঠান বা ভৱিষ্যতৰ এক প্ৰতিচ্ছবি দাঙি ধৰে। ই পঢ়ুৱৈক অনুপ্ৰাণিত কৰাৰ লগতে গ্ৰন্থখনক এক ঐতিহাসিক দলিলৰ ৰূপ দিয়ে।শুভেচ্ছাবাণীত থকা চিন্তাধাৰাই গ্ৰন্থখনক গম্ভীৰ আৰু শালীন কৰি তোলে। সমগ্ৰ গ্ৰন্থ খনৰ বিষয়ে বা গ্ৰন্থখনৰ ভিতৰত কি আছে তাৰ এটি সংক্ষিপ্ত পৰিচয় বা পূৰ্বানুমান শুভেচ্ছাবাণী সমূহৰ পৰাই কৰিব পাৰি বা ইয়াৰ আভাস পোৱা যায়।ভৱিষ্যত প্ৰজন্মৰ বাবে এই বাণী সমূহে পথ প্ৰদৰ্শক হিচাপে কাম কৰে।বিশিষ্ট ব্যক্তি বা শুভাকাংক্ষী সকলৰ আৰ্শীবাদ আৰু শুভ কামনাই গ্ৰন্থখনৰ যাত্ৰা সফল কৰাত সহায় কৰে।শুভেচ্ছাবাণী অবিহনে স্মৃতিগ্ৰন্থ এখন মূৰ অবিহনে শৰীৰৰ দৰে ।দেখাত কিতাপ যেন লাগে যদিও তাত গাম্ভীৰ্য নাথাকে।কিতাপ অতীতৰ সোণালী দিনবোৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভৱিষ্যতৰ প্ৰতি আৰ্শীবাদ স্বৰূপ শুভেচ্ছাবাণী সমূহে গ্ৰন্থখনৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে ই ইতিহাসৰ দলিল হৈ ৰয়।এই সমূহৰ উপৰিও এই বাৰ্তা সমূহত ফুটি উঠা আশীষ আৰু পৰামৰ্শ তথা শুভেচ্ছাবাণী সমূহে আয়োজক বা সম্পাদক সকলৰ দায়িত্ববোধ গভীৰ কৰাৰ লগতে আগলৈ বা ভৱিষ্যতলৈ এনে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।স্মৃতিগ্ৰন্থ এখন যি উদ্দেশ্য লৈ প্ৰকাশ কৰা হয় ,শুভেচ্ছাবাণীয়ে সেই উদ্দেশ্যৰ প্ৰতি সৰ্বান্তঃকৰণে সমৰ্থন আৰু শুভেচ্ছা জনায় ।এটি সুন্দৰ শুভেচ্ছাবাণীয়ে স্মৃতিগ্ৰন্থ এখনক সজীৱতা প্ৰদান কৰে। বিভিন্ন উপলক্ষত প্ৰকাশিত বিশিষ্ট ব্যক্তিৰ শুভেচ্ছাবাণী সমূহৰ এক বিশেষ গুৰুত্ব আৰু স্থান অধিকাৰ কৰে।সেয়ে বহুতে ভবাৰ দৰে স্মৃতিগ্ৰন্থৰ শুভেচ্ছাবাণী সমূহ কেৱল মাত্ৰ কেইটামান বাক্যৰ সমষ্টি নহয়, ই এক বিশেষ মূল্যবান আৰু গুৰুত্বৰ বিষয় ,যাৰ অবিহনে স্মৃতিগ্ৰন্থ খন আধৰুৱা ।
