হে’ প্ৰভু – আসাদ মদনী

Pc StockCake

হে’ প্ৰভু

আসাদ মদনী

হে’ প্ৰভু, তুহু বিনে
মোৰ নাহি আন গতি,
তোহাৰ চৰণে অৰ্পিলোঁ
মোৰ জীৱন-ভকতি।
মায়াৰ মোহে বান্ধি ৰাখে
এহি ক্ষণভংগুৰ দেহ,
তোহাৰ নাম স্মৰি প্ৰভু
চিত্তে পাওঁ পৰম স্নেহ।
নয়ন মেলি ধৰিত্ৰী চাওঁ
সৱতে তোহাক দেখা;
জীৱ-জন্তু, তৰু-বিৰিখত
তোহাৰ ৰূপৰ লেখা।
ধন-জন, মান-মন
সৱে মায়াৰ খেলা,
তোহাৰ নাম-অমৃত বিনে
নাহি জীৱনৰ মেলা।
যেৱে মন তমসা হয়
দিয়ো জ্ঞানৰ জ্যোতি;
ভ্ৰান্তি-পথ এৰি প্ৰভু
দিয়ো মোক সৎ-মতি।
শেষ নিশ্বাস যেৱে আসে
এয়ে মোৰ মনস্কাম,
জিভাগ্ৰে বাজিয়া ৰওক
হে’ প্ৰভু, তোহাৰ নাম।