ডিব্ৰুগড়ত প্ৰসূতি মৃত্যু,নৱজাতক মৃত্যু আৰু সংক্ৰমণ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ ব্যৱস্থা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সন্মিলনত স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাল
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰসূতিৰ মৃত্যু আৰু নৱজাতকৰ মৃত্যুৰ হাৰ অধিক হ্ৰাস কৰাৰ লগতে ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহত সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি ডিব্ৰুগড়ৰ মনোহৰী টি ৰিজৰ্টৰ সন্মিলন কক্ষত ‘মাতৃমৃত্যু, শিশুমৃত্যু আৰু সংক্ৰমণ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ ব্যৱস্থা’-শীৰ্ষক এখন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া, চিকিৎসা মহাবিদ্যালয় সমূহৰ প্ৰতিনিধি, চিকিৎসক, জিলা স্বাস্থ্য প্ৰশাসনৰ বিষয়া আৰু সংশ্লিষ্ট অংশীদাৰসকলে অংশগ্ৰহণ কৰে। সন্মিলনখনত মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ লগতে সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক সমন্বিত আৰু ফলপ্ৰসূ ব্যৱস্থা গঢ়ি তোলাৰ বিভিন্ন দিশত বিস্তৃত আলোচনা কৰা হয়।এই গুৰুত্বপূৰ্ণ সন্মিলনখনত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি. অশোক বাবু, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, কাৰ্যবাহী সঞ্চালক ডাঃ অভিজিৎ শৰ্মা আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ লগতে ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক, মুৰব্বী অধ্যাপক আৰু জিলাসমূহৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকসকল উপস্থিত থাকে। সংশ্লিষ্ট বিষয়াৰ উপস্থিতিয়ে মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱা উন্নত কৰা আৰু সংক্ৰমণ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন স্তৰৰ স্বাস্থ্য ব্যৱস্থাৰ মাজত সমন্বয়ৰ গুৰুত্বকে প্ৰতিফলিত কৰে। সন্মিলনৰ আৰম্ভণিতে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আদৰণী ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে চিকিৎসা শিক্ষা সঞ্চালক অধ্যাপক ডাঃ মনোজ কুমাৰ চৌধুৰীয়ে সন্মিলনখনৰ উদ্দেশ্য আৰু প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। তেওঁ মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন স্তৰৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ মাজত সমন্বয়, সময়মতে চিকিৎসা প্ৰদান আৰু গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সন্মিলনৰ এক উল্লেখযোগ্য কাৰ্যসূচী হিচাপে সংক্ৰমণ নিয়ন্ত্ৰণৰ মানসম্পন্ন কাৰ্যপদ্ধতি(এচ অ পি) আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।তদুপৰি এই বিষয় সন্দৰ্ভত এটা পৰ্টেলো উন্মোচন কৰা হয়।স্বাস্থ্য প্ৰতিষ্ঠানসমূহত সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত একে ধৰণৰ মানদণ্ড, নিৰ্দিষ্ট কৰ্মপদ্ধতি আৰু সুশৃংখল ব্যৱস্থা নিশ্চিত কৰাত এই কাৰ্যপদ্ধতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।সন্মিলনত মুখ্য ভাষণ প্ৰদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহালে মাতৃ আৰু শিশুৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত গুণগত স্বাস্থ্যসেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ সুৰক্ষিত প্ৰসূতি সেৱা, সময়মতে চিকিৎসা, জটিল অৱস্থাৰ ক্ষিপ্ৰ চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণৰ লগতে স্বাস্থ্য প্ৰতিষ্ঠানসমূহত সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।সন্মিলনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত তথা সচিব ডাঃ পি. অশোক বাবুৱে সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ উপস্থাপন আগবঢ়ায়। মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সঠিক নিৰীক্ষণ, সময়োপযোগী হস্তক্ষেপ আৰু উন্নত চিকিৎসা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰতো সংশ্লিষ্ট বিশেষজ্ঞসকলে মত বিনিময় কৰে। সন্মিলনৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় আছিল ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ জৰিয়তে জিলাসমূহক পৰামৰ্শ আৰু কাৰিকৰী সহায় প্ৰদান কৰা। মাতৃমৃত্যু আৰু শিশুমৃত্যুৰ হাৰ অধিক হ্ৰাস কৰাৰ ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়সমূহে জিলা স্বাস্থ্য ব্যৱস্থাক কাৰিকৰী সহায়, বিশেষজ্ঞ পৰামৰ্শ আৰু প্ৰয়োজনীয় দিশ-নিৰ্দেশনা প্ৰদান কৰাৰ বিভিন্ন দিশত আলোচনা কৰা হয়।বিশেষকৈ মাতৃমৃত্যুৰ অনুপাত আৰু শিশুমৃত্যুৰ হাৰ অধিক হ্ৰাস কৰাৰ বাবে জিলাভিত্তিক কৌশল, স্বাস্থ্য সেৱাৰ বিভিন্ন স্তৰৰ মাজত সমন্বয় আৰু উচ্চ বিপদাপন্ন মাতৃ তথা শিশুৰ সময়মতে চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিনিধিসকলে নিজ নিজ জিলাৰ বাবে ইতিমধ্যে গ্ৰহণ কৰা পদক্ষেপ আৰু আগন্তুক সময়ত গ্ৰহণ কৰিবলগীয়া পৰিকল্পনাৰ বিষয়ে উপস্থাপন কৰে।সন্মিলন খনত চিকিৎসা মহাবিদ্যালয়সমূহৰ জৰিয়তে জিলাসমূহৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰা আৰু মাতৃমৃত্যু তথা শিশু মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া কৌশল সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।ইয়াৰ উপৰি সন্মিলনত মস্তিষ্কজনিত পক্ষাঘাতৰ ঘটনাসমূহ সন্দৰ্ভত এক বিশেষ চিন্তন অধিৱেশন অনুষ্ঠিত হয়। এই আলোচনাত প্ৰাথমিক পৰ্যায়ত চিনাক্তকৰণ, সময়মতে চিকিৎসা, পুনৰ্বাসন আৰু পৰিচৰ্যাৰ লগতে পৰিয়াল আৰু স্বাস্থ্য ব্যৱস্থাৰ ভূমিকা সম্পৰ্কে বিভিন্ন দিশ আলোচনা কৰা হয়।দিনটোৰ অন্তিম পৰ্যায়ত ৰাজ্যৰ মাতৃমৃত্যু আৰু শিশুমৃত্যুৰ হাৰ অধিক হ্ৰাস কৰাৰ বাবে এক ভৱিষ্যৎ কৰ্মপন্থা প্ৰস্তুত কৰাৰ উদ্দেশ্যে বিশেষ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত ৰাজ্য, জিলা আৰু স্বাস্থ্য প্ৰতিষ্ঠানৰ বিভিন্ন স্তৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ, সেৱা প্ৰদানৰ ক্ষেত্ৰত সমন্বয়, তথ্যভিত্তিক পৰিকল্পনা আৰু ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সন্মিলনৰ সামৰণি পৰ্যায়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে সামৰণি বক্তব্য প্ৰদান কৰে। তেওঁ মাতৃ আৰু শিশুৰ জীৱন সুৰক্ষিত কৰাৰ বাবে স্বাস্থ্যসেৱাৰ গুণগত মান উন্নত কৰাৰ লগতে প্ৰতিটো স্তৰতে দায়িত্বশীল আৰু সমন্বিত ব্যৱস্থা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সন্মিলনখনৰ জৰিয়তে ৰাজ্যত মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱা অধিক শক্তিশালী কৰাৰ লগতে স্বাস্থ্য প্ৰতিষ্ঠানসমূহত সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে এক অধিক সুসংগঠিত ব্যৱস্থা গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়। চিকিৎসা মহাবিদ্যালয়, জিলা স্বাস্থ্য ব্যৱস্থা আৰু সংশ্লিষ্ট অংশীদাৰসকলৰ মাজত অধিক সমন্বয় আৰু অভিজ্ঞতা বিনিময়ৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্যসেৱাৰ মান অধিক উন্নত কৰাৰ ক্ষেত্ৰত সন্মিলনখনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
