ক’ত হেৰাই গান
বনজিত দাস,ৰিহাবাৰী, বজালী
গানতেই দেখোন হেৰাই
কাৰোবাৰ অস্তিত্ব
ভাষাই আনে নিজৰ মাটিতেই
বিলম্বনা ।
শব্দৰ মৃত্যু মানে
হেৰাই যায় নেকি ঠিকনা ?
আত্মপৰিচয়ৰ বেদনা ।
চিনাকি লগা পৃথিৱী
ভাষা মাথো কথা কোৱাৰ মাধ্যম নহয়
ই শিপা, তাৰ পৰিচয় ।
শ্বেক্সপীয়েৰ হোমাৰ ৱৰ্ডছৱৰ্থ
জন মিল্টন ৰবীন্দ্ৰনাথ
হিৰু দা মানেইতো শব্দৰ গান
কোন পৃথিৱীৰ অমিয় তান
নিজৰ মাটিৰেই সোণসেৰীয়া
ৰূপতেই ৰহনীয়া ।
